--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীৰ ‘এণ্টি নাৰ্কোটিক্স চেল’ গোটে গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাত অভিযান চলাই ৫১৩ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰোন জব্দ কৰিছে। জব্দকৃত এই নিচাজাতীয় ঔষধসমূৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইতিমধ্যে মেফেড্ৰোন নিৰ্মাণ গোটৰ গৰাকী গিৰিৰাজ দীক্ষিতকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে গিৰিৰাজ দীক্ষিতে আন এজন লোকৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই মেফেড্ৰোন প্ৰস্তুত কৰাৰ সূত্ৰটো কাৰ্যকৰী কৰিছিল।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মুম্বাইৰ ওচৰৰ নালাচোপাৰাৰ পৰা প্ৰায় ১,৪০০ কোটি টকা মূল্যৰ ৭০০ কিলোগ্ৰাম মেফেড্ৰোন জব্দ কৰিছিল। এই অভিযানৰে পাছৰ তদন্ত প্ৰক্ৰিয়াত এই ভয়ংকৰ চোৰাং বেহাৰ কথা পোহৰলৈ আহে আৰু অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে ২,৪৩৫ কোটি টকা মূল্যৰ ১,২১৮ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰু গোচৰটোত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত মাৰ্চ মাহত মাত্ৰ ২৫০ গ্ৰাম ঔষধ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু