--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীৰ ‘এণ্টি নাৰ্কোটিক্স চেল’ গোটে গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাত অভিযান চলাই ৫১৩ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰোন জব্দ কৰিছে। জব্দকৃত এই নিচাজাতীয় ঔষধসমূৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইতিমধ্যে মেফেড্ৰোন নিৰ্মাণ গোটৰ গৰাকী গিৰিৰাজ দীক্ষিতকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে গিৰিৰাজ দীক্ষিতে আন এজন লোকৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই মেফেড্ৰোন প্ৰস্তুত কৰাৰ সূত্ৰটো কাৰ্যকৰী কৰিছিল।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মুম্বাইৰ ওচৰৰ নালাচোপাৰাৰ পৰা প্ৰায় ১,৪০০ কোটি টকা মূল্যৰ ৭০০ কিলোগ্ৰাম মেফেড্ৰোন জব্দ কৰিছিল। এই অভিযানৰে পাছৰ তদন্ত প্ৰক্ৰিয়াত এই ভয়ংকৰ চোৰাং বেহাৰ কথা পোহৰলৈ আহে আৰু অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে ২,৪৩৫ কোটি টকা মূল্যৰ ১,২১৮ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰু গোচৰটোত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত মাৰ্চ মাহত মাত্ৰ ২৫০ গ্ৰাম ঔষধ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ