--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে ভাৰতীয় পৰ্বতাৰোহী ভাৱনা দেহৰীয়াই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ইউৰোপৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ মাউণ্ট আলবাছত জাতীয় পতাকা উত্তোলন কৰে।  মধ্যপ্ৰদেশৰ ছিন্দোৱাৰা জিলাৰ তামিয়াৰ বাসিন্দা ৩০ বছৰীয়া ভাৱনাই নিজৰ পৰ্বতাৰোহণৰ  বিশেষ সময় বাছি লৈ ‘আজাদি কা অমৃত মহোৎসৱ’ ত্ৰিৰঙেৰে উদযাপন কৰে। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৱনাই ৰাছিয়া-জৰ্জিয়া সীমান্তত অৱস্থিত ইউৰোপৰ ৫৬৪২ মিটাৰ ওখ পৰ্বতৰ শৃংগত আৰোহণৰ সিদ্ধান্ত লয়।

তাৰ পৰা এটা মেছেজত তেওঁ কয়, ‘পাহাৰৰ শিখৰৰ চাৰিওফালে বতৰ অতি ঠাণ্ডা আছিল আৰু ঘণ্টাত ৩৫ কিলোমিটাৰ পৰ্যন্ত বতাহ বলিছিল। তাপমাত্ৰা মাইনাছ ২৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বাবে দৃশ্যমানতাও দুৰ্বল আছিল।' উল্লেখযোগ্য যে ভাৱনাৰ এগৰাকী ১৫ মহীয়া কন্যাও আছে। তেওঁ ক’লে, ‘ইমান ঠাণ্ডা বতৰৰ মাজত আমাৰ বাবে কেইমিনিটমানো জিৰণি লোৱাটো কঠিন আছিল। অৱশ্যে কন্যা সন্তান জন্ম দিয়াৰ পাছত মই নিজকে মানসিকভাৱে পৰ্বতাৰোহণৰ বাবে সাজু হৈ পৰিলোঁ।

মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ডে সহযোগিতা আগবঢ়ায়

ভাৱনাই ক’লে, ‘মই আজিৰ দিনটোৰ বাবে নিজকে সাজু কৰি তামিয়াৰ পাহাৰত বহুত অনুশীলন কৰিলোঁ। ইয়াৰ ফলত মই অভিলেখ সময়ত মাউণ্ট এলব্ৰাছৰ শিখৰত উপনীত হ’ব পাৰিলোঁ'৷ তেওঁ স্বীকাৰ কৰে যে এই পৰ্বতাৰোহণ অভিযান অন্যতম কঠিন আৰু ক্লান্তিকৰ অভিযান আছিল। মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ড আৰু ভাৰতীয় ষ্টেট বেংকে এই অভিযানত সহায় কৰে। ২০১৯ চনৰ ২২ মে’ত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা মধ্যপ্ৰদেশৰ প্ৰথমগৰাকী মহিলা আছিল ভাৱনা।  আৰু সেই বছৰতে তেওঁ অষ্ট্ৰেলিয়াৰ মাউণ্ট কচচিউস্কো আৰোহণ কৰে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আমেৰিকাৰ ঐতিহাসিক চহৰ বষ্টনত প্ৰথমবাৰৰ বাবে ভাৰত দিৱসৰ পেৰেড উলিওৱা হয়। এই সময়ছোৱাত ২২০ ফুট ওখ আমেৰিকা-ভাৰতৰ পতাকাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰত আৰু আমেৰিকাৰ বৈচিত্ৰ্যক প্ৰদৰ্শন কৰি এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত গোৱাৰ লগতে ৩০ খনতকৈও অধিক দেশৰ হাজাৰ হাজাৰ লোকে ভাৰত দিৱস পেৰেডত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ