--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে ভাৰতীয় পৰ্বতাৰোহী ভাৱনা দেহৰীয়াই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ইউৰোপৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ মাউণ্ট আলবাছত জাতীয় পতাকা উত্তোলন কৰে।  মধ্যপ্ৰদেশৰ ছিন্দোৱাৰা জিলাৰ তামিয়াৰ বাসিন্দা ৩০ বছৰীয়া ভাৱনাই নিজৰ পৰ্বতাৰোহণৰ  বিশেষ সময় বাছি লৈ ‘আজাদি কা অমৃত মহোৎসৱ’ ত্ৰিৰঙেৰে উদযাপন কৰে। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৱনাই ৰাছিয়া-জৰ্জিয়া সীমান্তত অৱস্থিত ইউৰোপৰ ৫৬৪২ মিটাৰ ওখ পৰ্বতৰ শৃংগত আৰোহণৰ সিদ্ধান্ত লয়।

তাৰ পৰা এটা মেছেজত তেওঁ কয়, ‘পাহাৰৰ শিখৰৰ চাৰিওফালে বতৰ অতি ঠাণ্ডা আছিল আৰু ঘণ্টাত ৩৫ কিলোমিটাৰ পৰ্যন্ত বতাহ বলিছিল। তাপমাত্ৰা মাইনাছ ২৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বাবে দৃশ্যমানতাও দুৰ্বল আছিল।' উল্লেখযোগ্য যে ভাৱনাৰ এগৰাকী ১৫ মহীয়া কন্যাও আছে। তেওঁ ক’লে, ‘ইমান ঠাণ্ডা বতৰৰ মাজত আমাৰ বাবে কেইমিনিটমানো জিৰণি লোৱাটো কঠিন আছিল। অৱশ্যে কন্যা সন্তান জন্ম দিয়াৰ পাছত মই নিজকে মানসিকভাৱে পৰ্বতাৰোহণৰ বাবে সাজু হৈ পৰিলোঁ।

মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ডে সহযোগিতা আগবঢ়ায়

ভাৱনাই ক’লে, ‘মই আজিৰ দিনটোৰ বাবে নিজকে সাজু কৰি তামিয়াৰ পাহাৰত বহুত অনুশীলন কৰিলোঁ। ইয়াৰ ফলত মই অভিলেখ সময়ত মাউণ্ট এলব্ৰাছৰ শিখৰত উপনীত হ’ব পাৰিলোঁ'৷ তেওঁ স্বীকাৰ কৰে যে এই পৰ্বতাৰোহণ অভিযান অন্যতম কঠিন আৰু ক্লান্তিকৰ অভিযান আছিল। মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ড আৰু ভাৰতীয় ষ্টেট বেংকে এই অভিযানত সহায় কৰে। ২০১৯ চনৰ ২২ মে’ত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা মধ্যপ্ৰদেশৰ প্ৰথমগৰাকী মহিলা আছিল ভাৱনা।  আৰু সেই বছৰতে তেওঁ অষ্ট্ৰেলিয়াৰ মাউণ্ট কচচিউস্কো আৰোহণ কৰে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আমেৰিকাৰ ঐতিহাসিক চহৰ বষ্টনত প্ৰথমবাৰৰ বাবে ভাৰত দিৱসৰ পেৰেড উলিওৱা হয়। এই সময়ছোৱাত ২২০ ফুট ওখ আমেৰিকা-ভাৰতৰ পতাকাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰত আৰু আমেৰিকাৰ বৈচিত্ৰ্যক প্ৰদৰ্শন কৰি এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত গোৱাৰ লগতে ৩০ খনতকৈও অধিক দেশৰ হাজাৰ হাজাৰ লোকে ভাৰত দিৱস পেৰেডত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু