--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰৰ পৰাই গেলিছে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা। এতিয়া ধনৰ লেন-দেন নকৰাকৈ যেন চাকৰি পোৱাটো অসম্ভৱহৈ পৰিছে। আন নালাগে অসমতে এপিএছচিৰ চাকৰিও ধনৰ বিনিময়ত বিক্ৰী হৈ থকাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই। একে ঘটনাই ঘটি আছে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো। সেই কথা আনকি আদালতেও ক'বলৈ বাধ্য হৈ পৰিল। বংগৰ এছ এছ চি কেলেংকাৰীৰ পটভূমিত  কলকতা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কঠোৰ পৰ্যৱেক্ষণৰ অন্তত  কয় যে "পশ্চিম বংগ এনে এখন ৰাজ্যত পৰিণত হৈছে য'ত কোনেও ধন নিদিয়াকৈ   ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব নোৱাৰে ।

 নিযুক্তিৰ মাত্ৰ চাৰি মাহৰ পিছতে এখন চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক শিক্ষকক চাকৰিৰ পৰা বিতাৰিত কৰা   সম্পৰ্কীয় গোচৰৰ ৰায় প্ৰদান কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ৰ একক বিচাৰপীঠে ৰাজ্য খনৰ প্ৰাথমিক শিক্ষা পৰিষদৰ  প্ৰাক্তন সভাপতি আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যৰ নামো  উল্লেখ কৰে।

বিচাৰপীঠে কয় " সম্ভৱতঃ মোকৰ্দমাকাৰী শিক্ষকজনে মানিক ভট্টাচাৰ্যক ধন পৰিশোধ কৰা নাছিল আৰু সেয়েহে তেওঁক চাকৰিৰ পৰা খেদি দিয়া হৈছে।  পশ্চিম বংগ এনে এখন ৰাজ্যত পৰিণত হৈছে য'ত কোনেও টকা নিদিয়াকৈ ৰাজ্য চৰকাৰৰ চাকৰি নাপায়," । উল্লেখ্য ন্যায়াধীশ গংগোপাধ্যায়ৰ নিৰ্দেশ অনুসৰি মানিক ভট্টাচাৰ্যক ডব্লিউবিবিপিইৰ সভাপতি পদৰ পৰা আঁতৰাই দিয়া হৈছিল। ন্যায়াধীশ গঙ্গোপাধ্যায়ে চলিত বৰ্ষৰ জুন মাহত ডব্লিউবিবিপিই নিযুক্তি কেলেংকাৰীৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ সময়ত ভট্টাচাৰ্যক তেওঁৰ চকীৰ পৰা আঁতৰাবলৈও নিৰ্দেশ দিছিল। 

ন্যায়াধীশ গঙ্গোপাধ্যায়ে পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষক হিচাপে নিযুক্ত হোৱা মিৰাজ শ্বেখ নামৰ এজন ব্যক্তিৰ মোকৰ্দমাৰ গোচৰৰ শেহতীয়াকৈ ৰায়দান কৰিছে। শিক্ষকজনে কামত যোগদান কৰাৰ মাত্ৰ চাৰি মাহ পিছতে তেওঁ স্নাতক পৰ্যায়ত যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজনীয়   ৪৫ শতাংশ নম্বৰ লাভ কৰা নাই বুলি উল্লেখ চাকৰি বাতিল কৰা হৈছিল। 

শ্বেইখে আদেশটোত নিৰ্দেশটোক  প্ৰত্যাহ্বান জনাইছিল কৈছিল যে তেওঁৰ স্নাতক প্ৰমাণপত্ৰত তেওঁৰ প্ৰাপ্ত নম্বৰ ৪৬ শতাংশ আছিল।ন্যায়াধীশ গঙ্গোপাধ্যায়ে ডব্লিউবিবিপিইক তৎক্ষণাৎ মোকৰ্দমাকাৰীজনক প্ৰাথমিক শিক্ষক হিচাপে পুনৰ সংস্থাপিত কৰিবলৈ কৰিবলৈ নিৰ্দেশ দিয়ে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ