--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰৰ পৰাই গেলিছে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা। এতিয়া ধনৰ লেন-দেন নকৰাকৈ যেন চাকৰি পোৱাটো অসম্ভৱহৈ পৰিছে। আন নালাগে অসমতে এপিএছচিৰ চাকৰিও ধনৰ বিনিময়ত বিক্ৰী হৈ থকাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই। একে ঘটনাই ঘটি আছে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো। সেই কথা আনকি আদালতেও ক'বলৈ বাধ্য হৈ পৰিল। বংগৰ এছ এছ চি কেলেংকাৰীৰ পটভূমিত  কলকতা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কঠোৰ পৰ্যৱেক্ষণৰ অন্তত  কয় যে "পশ্চিম বংগ এনে এখন ৰাজ্যত পৰিণত হৈছে য'ত কোনেও ধন নিদিয়াকৈ   ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব নোৱাৰে ।

 নিযুক্তিৰ মাত্ৰ চাৰি মাহৰ পিছতে এখন চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক শিক্ষকক চাকৰিৰ পৰা বিতাৰিত কৰা   সম্পৰ্কীয় গোচৰৰ ৰায় প্ৰদান কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ৰ একক বিচাৰপীঠে ৰাজ্য খনৰ প্ৰাথমিক শিক্ষা পৰিষদৰ  প্ৰাক্তন সভাপতি আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যৰ নামো  উল্লেখ কৰে।

বিচাৰপীঠে কয় " সম্ভৱতঃ মোকৰ্দমাকাৰী শিক্ষকজনে মানিক ভট্টাচাৰ্যক ধন পৰিশোধ কৰা নাছিল আৰু সেয়েহে তেওঁক চাকৰিৰ পৰা খেদি দিয়া হৈছে।  পশ্চিম বংগ এনে এখন ৰাজ্যত পৰিণত হৈছে য'ত কোনেও টকা নিদিয়াকৈ ৰাজ্য চৰকাৰৰ চাকৰি নাপায়," । উল্লেখ্য ন্যায়াধীশ গংগোপাধ্যায়ৰ নিৰ্দেশ অনুসৰি মানিক ভট্টাচাৰ্যক ডব্লিউবিবিপিইৰ সভাপতি পদৰ পৰা আঁতৰাই দিয়া হৈছিল। ন্যায়াধীশ গঙ্গোপাধ্যায়ে চলিত বৰ্ষৰ জুন মাহত ডব্লিউবিবিপিই নিযুক্তি কেলেংকাৰীৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ সময়ত ভট্টাচাৰ্যক তেওঁৰ চকীৰ পৰা আঁতৰাবলৈও নিৰ্দেশ দিছিল। 

ন্যায়াধীশ গঙ্গোপাধ্যায়ে পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষক হিচাপে নিযুক্ত হোৱা মিৰাজ শ্বেখ নামৰ এজন ব্যক্তিৰ মোকৰ্দমাৰ গোচৰৰ শেহতীয়াকৈ ৰায়দান কৰিছে। শিক্ষকজনে কামত যোগদান কৰাৰ মাত্ৰ চাৰি মাহ পিছতে তেওঁ স্নাতক পৰ্যায়ত যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজনীয়   ৪৫ শতাংশ নম্বৰ লাভ কৰা নাই বুলি উল্লেখ চাকৰি বাতিল কৰা হৈছিল। 

শ্বেইখে আদেশটোত নিৰ্দেশটোক  প্ৰত্যাহ্বান জনাইছিল কৈছিল যে তেওঁৰ স্নাতক প্ৰমাণপত্ৰত তেওঁৰ প্ৰাপ্ত নম্বৰ ৪৬ শতাংশ আছিল।ন্যায়াধীশ গঙ্গোপাধ্যায়ে ডব্লিউবিবিপিইক তৎক্ষণাৎ মোকৰ্দমাকাৰীজনক প্ৰাথমিক শিক্ষক হিচাপে পুনৰ সংস্থাপিত কৰিবলৈ কৰিবলৈ নিৰ্দেশ দিয়ে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু