--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোমালিয়াত যেন ভাৰতৰ মুম্বাই কাণ্ডৰ পুনৰাবৃত্তি ঘটিল৷  দেশ খনৰ ৰাজধানী মোগাদিছুৰ এখন হোটেলত আল-চাবাবৰ সন্ত্ৰাসবাদীয়ে  আক্ৰমণ কৰাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু ঘটিছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে হোটেলৰ বাহিৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে৷

মুম্বাই আক্ৰমণৰ স্মৃতি যেন পূব আফ্ৰিকাৰ দেশ খনত পুনৰাবৃত্তি ঘটিছে।  আল-চাবাবৰ সন্ত্ৰাসবাদীয়ে কি উদ্দেশ্য লৈ হোটেল খনত আক্ৰমণ চলাইছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷  সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি,এতিয়াও বহু লোক হোটেলখনত বন্দী হৈ আছে।

ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা আল-চাবাব সন্ত্ৰাসবাদী গোটে কৈছে যে তেওঁলোকে দুখন বাহনত বিস্ফোৰক সামগ্ৰী আনিছে। ছোমালিয়াৰ চোৰাংচোৱা বিভাগে কয়, "দুখন বিস্ফোৰক ভৰ্তি গাড়ীৰে সন্ত্ৰাসবাদীয়ে হোটেল হায়াতত আক্ৰমণ কৰে। 

এখন গাড়ীয়ে গেটৰ ঠিক সন্মুখত খুন্দা মাৰিছিল। "উগ্ৰপন্থীসকলে হোটেলত প্ৰৱেশ কৰিবলৈ লোৱাৰ আগে আগে একেৰাহে দুখন বাহনৰ বিস্ফোৰণ ঘটাইছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে  হোটেলখনত নিৰ্বিচাৰভাৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে হোটেলখন ঘেৰি ধরাৰ পিছতে সন্ত্ৰাসবাদীয়ে এটাৰ পিছত এটাকৈ গ্ৰেনেড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। হোটেলখনৰ বহু ঠাইত জুই লগা পৰিলক্ষিত হৈছে। 

মোগাদিছু আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "হোটেলৰ পৰা ক'লা ধোঁৱা ওলাই থকা দেখা গৈছে। হোটেলৰ ভিতৰত সন্ত্ৰাসবাদীয়ে লুকাই থছকাৰ সন্দেহ কৰা হৈছে৷” ইপিনে মাৰ্কিন সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি ২৬ জন লোকৰ মৃত্যু হৈছে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে