--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোমালিয়াত যেন ভাৰতৰ মুম্বাই কাণ্ডৰ পুনৰাবৃত্তি ঘটিল৷  দেশ খনৰ ৰাজধানী মোগাদিছুৰ এখন হোটেলত আল-চাবাবৰ সন্ত্ৰাসবাদীয়ে  আক্ৰমণ কৰাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু ঘটিছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে হোটেলৰ বাহিৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে৷

মুম্বাই আক্ৰমণৰ স্মৃতি যেন পূব আফ্ৰিকাৰ দেশ খনত পুনৰাবৃত্তি ঘটিছে।  আল-চাবাবৰ সন্ত্ৰাসবাদীয়ে কি উদ্দেশ্য লৈ হোটেল খনত আক্ৰমণ চলাইছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷  সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি,এতিয়াও বহু লোক হোটেলখনত বন্দী হৈ আছে।

ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা আল-চাবাব সন্ত্ৰাসবাদী গোটে কৈছে যে তেওঁলোকে দুখন বাহনত বিস্ফোৰক সামগ্ৰী আনিছে। ছোমালিয়াৰ চোৰাংচোৱা বিভাগে কয়, "দুখন বিস্ফোৰক ভৰ্তি গাড়ীৰে সন্ত্ৰাসবাদীয়ে হোটেল হায়াতত আক্ৰমণ কৰে। 

এখন গাড়ীয়ে গেটৰ ঠিক সন্মুখত খুন্দা মাৰিছিল। "উগ্ৰপন্থীসকলে হোটেলত প্ৰৱেশ কৰিবলৈ লোৱাৰ আগে আগে একেৰাহে দুখন বাহনৰ বিস্ফোৰণ ঘটাইছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে  হোটেলখনত নিৰ্বিচাৰভাৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে হোটেলখন ঘেৰি ধরাৰ পিছতে সন্ত্ৰাসবাদীয়ে এটাৰ পিছত এটাকৈ গ্ৰেনেড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। হোটেলখনৰ বহু ঠাইত জুই লগা পৰিলক্ষিত হৈছে। 

মোগাদিছু আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "হোটেলৰ পৰা ক'লা ধোঁৱা ওলাই থকা দেখা গৈছে। হোটেলৰ ভিতৰত সন্ত্ৰাসবাদীয়ে লুকাই থছকাৰ সন্দেহ কৰা হৈছে৷” ইপিনে মাৰ্কিন সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি ২৬ জন লোকৰ মৃত্যু হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু