--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে  সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল । মুম্বাইত আয়োজিত এই বৃহৎ অনুষ্ঠানত  দেশ আৰু বিদেশৰ চেলিব্ৰিটিসকল উপস্থিত আছিল। আকৌ এবাৰ আম্বানী পৰিয়ালে বিবাহৰ পূৰ্বৰ দ্বিতীয়টো বিশাল অনুষ্ঠান  উদযাপন কৰিবলৈ ওলাইছে। 

কিন্তু এইবাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান দেশৰ মাটিত নহয়, ইটালীত অনুষ্ঠিত হ'ব। জানিব পৰা মতে  ২৯ মে'ৰ পৰা ১ জুনলৈ চিচিলিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান অনুষ্ঠিত হ'ব।  অৱশ্যে, সকলো অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ'ব। কেমেৰাৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব। আম্বানী পৰিয়ালে অতি ঘনিষ্ঠ লোকসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব। লক্ষ্যণীয় যে এই বিবাহপূৰ্ব অনুষ্ঠানৰ পিছত অনন্ত আৰু ৰাধিকাই বিবাহপাশত আৱদ্ধ হ'ব। জনা গৈছে  যে মুকেশ আম্বানী আৰু নীতা আম্বানী এই অনুষ্ঠানত উপস্থিত থাকিব। অনন্তৰ ভাতৃ আকাশ আম্বানীয়েও ইটালীৰ উক্ত অনুষ্ঠানত থাকিব । 

অনুষ্ঠানলৈ  মুঠ ৩০০ জন লোকক আমন্ত্ৰণ জনোৱা হ'ব। ভাৰতীয় চেলিব্ৰিটিসকলৰ লগতে বিদেশী তাৰকাসকলো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। সূত্ৰ অনুসৰি  শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বিবাহপূৰ্ব উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব। চলমান খানো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। অনুষ্ঠানটোত ৰণবীৰ-আলিয়া, ৰণবীৰ-দীপিকা, নিক-প্ৰিয়ংকা, সিদ্ধাৰ্থ-কিয়াৰা যুটিও উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানত আন কোন কোন বিদেশী তাৰকা উপস্থিত থাকিব সেয়া এতিয়াও  জনিব পৰা হোৱা  নাই। আম্বানী পৰিয়ালে ইতিমধ্যে  এই অনুষ্ঠানৰ  আয়োজন আৰম্ভ কৰিছে। জুনৰ আৰম্ভণিতে অনন্ত আৰু ৰাধিকাৰ বিয়া  হ'ব বুলি ধাৰণা কৰা হৈছে। বিদেশত প্ৰাক-বিবাহৰ পিছত মুম্বাইত বিয়াখন অনুষ্ঠিত হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু