--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে  সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল । মুম্বাইত আয়োজিত এই বৃহৎ অনুষ্ঠানত  দেশ আৰু বিদেশৰ চেলিব্ৰিটিসকল উপস্থিত আছিল। আকৌ এবাৰ আম্বানী পৰিয়ালে বিবাহৰ পূৰ্বৰ দ্বিতীয়টো বিশাল অনুষ্ঠান  উদযাপন কৰিবলৈ ওলাইছে। 

কিন্তু এইবাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান দেশৰ মাটিত নহয়, ইটালীত অনুষ্ঠিত হ'ব। জানিব পৰা মতে  ২৯ মে'ৰ পৰা ১ জুনলৈ চিচিলিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান অনুষ্ঠিত হ'ব।  অৱশ্যে, সকলো অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ'ব। কেমেৰাৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব। আম্বানী পৰিয়ালে অতি ঘনিষ্ঠ লোকসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব। লক্ষ্যণীয় যে এই বিবাহপূৰ্ব অনুষ্ঠানৰ পিছত অনন্ত আৰু ৰাধিকাই বিবাহপাশত আৱদ্ধ হ'ব। জনা গৈছে  যে মুকেশ আম্বানী আৰু নীতা আম্বানী এই অনুষ্ঠানত উপস্থিত থাকিব। অনন্তৰ ভাতৃ আকাশ আম্বানীয়েও ইটালীৰ উক্ত অনুষ্ঠানত থাকিব । 

অনুষ্ঠানলৈ  মুঠ ৩০০ জন লোকক আমন্ত্ৰণ জনোৱা হ'ব। ভাৰতীয় চেলিব্ৰিটিসকলৰ লগতে বিদেশী তাৰকাসকলো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। সূত্ৰ অনুসৰি  শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বিবাহপূৰ্ব উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব। চলমান খানো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। অনুষ্ঠানটোত ৰণবীৰ-আলিয়া, ৰণবীৰ-দীপিকা, নিক-প্ৰিয়ংকা, সিদ্ধাৰ্থ-কিয়াৰা যুটিও উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানত আন কোন কোন বিদেশী তাৰকা উপস্থিত থাকিব সেয়া এতিয়াও  জনিব পৰা হোৱা  নাই। আম্বানী পৰিয়ালে ইতিমধ্যে  এই অনুষ্ঠানৰ  আয়োজন আৰম্ভ কৰিছে। জুনৰ আৰম্ভণিতে অনন্ত আৰু ৰাধিকাৰ বিয়া  হ'ব বুলি ধাৰণা কৰা হৈছে। বিদেশত প্ৰাক-বিবাহৰ পিছত মুম্বাইত বিয়াখন অনুষ্ঠিত হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান