--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিছে। ৰাজধানী চহৰ নতুন দিল্লীকে ধৰি দেশৰ বহু কেইখন ৰাজ্যত তাপমাত্ৰাই ৪৭ ডিগ্ৰীৰ ঘৰ চেৰাই গৈছে। মৰুৰ ৰাজ্য ৰাজস্থানতো গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজস্থানত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে গৰম বালিত এতিয়া অনায়াসে পাপৰ সেকিব পৰা হৈছে।

 শেহতীয়াকৈ তেনে এক ভিডিঅ’ই বহুতৰে চকু থৰ লগাইছে। ৰাজস্থানৰ উত্তপ্ত হৈ পৰা বালিত এজন সেনা জোৱানে পাপৰ সেকাৰ দৃশ্য দেখি বহুতেই অনুমান কৰিব পাৰিছে ৰাজ্য খন কিমান গৰম হ’ব পাৰে। লক্ষ্যণীয় কথাটো হ’ল  বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত সৰ্বোচ্চ তাপমাত্ৰা হৈছেগৈ ৫০.৮  ডিগ্ৰী ছেলছিয়াছ । তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ গ্ৰাসত পৰা  চুৰু জিলাৰ বালিতেই এজন সেনা জোৱানে পাপৰ সেকিলে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০১০ চনৰ  পিছত  লিত বৰ্ষত ৰাজ্য খনত সৰ্বাধিক তাপমাত্ৰা হৈছে ।

 গৰমৰ এনে দিনবোৰত ৰাজস্থানত মৰুভূমিৰ পৰা লু নামৰ এক বতাহ বয়।  লুৰ প্ৰভাৱত শৰীৰত ঘাঁ লগাৰ লগতে মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেইবাবেই গৰমৰ দিনবোৰত ৰাজস্থানৰ সীমান্তত পহৰাৰত সেনা জোৱানসকলক প্ৰচুৰ পৰিমাণে কেঁচা পিঁয়াজ আৰু গোল নেমু খাবলৈ পৰামৰ্শ দিয়া হয় । বহুতৰে মতে কেঁচা পিঁয়াজ আৰু গোল নেমুৱে শৰীৰত লুৰ প্ৰভাৱ ভালেখিনি হ্ৰাস কৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ