--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড নগৰী মুম্বাইত এক চিনেমাৰ দৃশ্যগ্ৰহণ কৰি থকা ছেটতে সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। পশ্চিম আন্ধেৰীৰ এটা চলচ্চিত্ৰ ষ্টুডিঅ'ত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত এজন ৩২ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়। মহালক্ষ্মী ইষ্টেটৰ কাষৰীয়া চিত্ৰকূট গ্ৰাউণ্ডত স্থাপন কৰা এটা চলচ্চিত্ৰ ছেটত আকস্মিকতে সৃষ্টি হোৱা জুয়ে ভয়াৱহ ৰূপ লয় আৰু মূহুৰ্ততে সমগ্ৰ ছেটটো আৱৰি ধৰে।

এই ভয়াৱহ অগ্নিকাণ্ডত নিহত ব্যক্তিগৰাকীক মনীষ দেৱশী বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত আহত অৱস্থাত দেৱশীক উদ্ধাৰ কৰি তৎকালীনভালে চিকিৎসালয়লৈ নিয়া হয় যদিও স্থানীয় কুপাৰ 
চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হৈছিল।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি বৰ্তমান ঘটনাস্থলীত আঠখন অগ্নি নিৰ্বাপক বাহন, পাঁচখন পানীৰ টেংকাৰ তথা অন্যান্য অগ্নি সুৰক্ষাত ব্যৱহৃত সামগ্ৰী আৰু জৰুৰীকালীন এম্বুলেন্স সেৱা উপস্থিত আছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জুইত জাহ যোৱা চলচ্চিত্ৰ ছেটটো চলচ্চিত্ৰ পৰিচালক লাভ ৰঞ্জনৰ আছিল। আনহতে অভিনেতা তথা বিজেপি নেতা ছানী দেওলৰ পুত্ৰ ৰাজবীৰো অগ্নিকাণ্ডৰ সময়ত কাষৰ ছেটতে আছিল। অৱশ্যে এটি সুৰক্ষা দলে তেওঁক সুৰক্ষিতভাৱে উলিয়াই আনে বুলি জানিব পৰা গৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা এক বিবৃতি মতে, আবেলি প্ৰায় ৪:২৮ বজাত স্থানীয় অগ্নি নিৰ্বাপক বাহিনীয়ে এটা ফোনকল যোগে এই ঘটনাৰ খবৰ পায় আৰু লগে লগে ১০ টা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থানলৈ প্ৰেৰণ কৰা হয়। এই বিধ্বংসী অগ্নিকাণ্ডৰ ‘লেভেল-২’ ৰ অগ্নিকাণ্ড হিচাপে নিৰ্ধাৰিত কৰা হৈছে।

বিবৃতিটোত লগতে নিশা প্ৰায় ১০:৩৫ বজাত সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰা হয় বুলি জুই উল্লেখ কৰা হৈছে। জুইৰ লেলিহান শিখা অৱশ্যে অস্থায়ীভাৱে নিৰ্মাণ কৰা পেণ্ডেলতে সীমাবদ্ধ আছিল। কিন্তু পেণ্ডেলত থকা কাঠৰ সামগ্ৰী তথা অন্যান্য দাহনীয় সামগ্ৰীৰ বাবে জুই কিছু পৰিমাণে ভয়াৱহ হৈ পৰে। অগ্নিকাণ্ডৰ উৎস সম্বন্ধে এতিয়াও কোনো কাৰণ স্পষ্ট হোৱা নাই বুলি বিভাগটোৱে লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ