--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড নগৰী মুম্বাইত এক চিনেমাৰ দৃশ্যগ্ৰহণ কৰি থকা ছেটতে সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। পশ্চিম আন্ধেৰীৰ এটা চলচ্চিত্ৰ ষ্টুডিঅ'ত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত এজন ৩২ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়। মহালক্ষ্মী ইষ্টেটৰ কাষৰীয়া চিত্ৰকূট গ্ৰাউণ্ডত স্থাপন কৰা এটা চলচ্চিত্ৰ ছেটত আকস্মিকতে সৃষ্টি হোৱা জুয়ে ভয়াৱহ ৰূপ লয় আৰু মূহুৰ্ততে সমগ্ৰ ছেটটো আৱৰি ধৰে।

এই ভয়াৱহ অগ্নিকাণ্ডত নিহত ব্যক্তিগৰাকীক মনীষ দেৱশী বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত আহত অৱস্থাত দেৱশীক উদ্ধাৰ কৰি তৎকালীনভালে চিকিৎসালয়লৈ নিয়া হয় যদিও স্থানীয় কুপাৰ 
চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হৈছিল।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি বৰ্তমান ঘটনাস্থলীত আঠখন অগ্নি নিৰ্বাপক বাহন, পাঁচখন পানীৰ টেংকাৰ তথা অন্যান্য অগ্নি সুৰক্ষাত ব্যৱহৃত সামগ্ৰী আৰু জৰুৰীকালীন এম্বুলেন্স সেৱা উপস্থিত আছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জুইত জাহ যোৱা চলচ্চিত্ৰ ছেটটো চলচ্চিত্ৰ পৰিচালক লাভ ৰঞ্জনৰ আছিল। আনহতে অভিনেতা তথা বিজেপি নেতা ছানী দেওলৰ পুত্ৰ ৰাজবীৰো অগ্নিকাণ্ডৰ সময়ত কাষৰ ছেটতে আছিল। অৱশ্যে এটি সুৰক্ষা দলে তেওঁক সুৰক্ষিতভাৱে উলিয়াই আনে বুলি জানিব পৰা গৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা এক বিবৃতি মতে, আবেলি প্ৰায় ৪:২৮ বজাত স্থানীয় অগ্নি নিৰ্বাপক বাহিনীয়ে এটা ফোনকল যোগে এই ঘটনাৰ খবৰ পায় আৰু লগে লগে ১০ টা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থানলৈ প্ৰেৰণ কৰা হয়। এই বিধ্বংসী অগ্নিকাণ্ডৰ ‘লেভেল-২’ ৰ অগ্নিকাণ্ড হিচাপে নিৰ্ধাৰিত কৰা হৈছে।

বিবৃতিটোত লগতে নিশা প্ৰায় ১০:৩৫ বজাত সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰা হয় বুলি জুই উল্লেখ কৰা হৈছে। জুইৰ লেলিহান শিখা অৱশ্যে অস্থায়ীভাৱে নিৰ্মাণ কৰা পেণ্ডেলতে সীমাবদ্ধ আছিল। কিন্তু পেণ্ডেলত থকা কাঠৰ সামগ্ৰী তথা অন্যান্য দাহনীয় সামগ্ৰীৰ বাবে জুই কিছু পৰিমাণে ভয়াৱহ হৈ পৰে। অগ্নিকাণ্ডৰ উৎস সম্বন্ধে এতিয়াও কোনো কাৰণ স্পষ্ট হোৱা নাই বুলি বিভাগটোৱে লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক