--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বায়ু সেনাই দেশৰ সেৱাৰ বাবে দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি অহা মিগ-২১ যুঁজাৰু বিমান সেৱাৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূলত: বিমানখনৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বায়ু সেনাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বায়ু সেনাত অন্তৰ্ভুক্ত যুঁজাৰু বিমান সুৰক্ষা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভাৰতীয় বায়ু সেনাই ২০২৫ চনৰ ভিতৰত দেশৰ সুৰক্ষা সেৱাৰ পৰা সম্পূৰ্ণৰূপে মিগ-২১ বিমানৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

এই পদক্ষেপৰ প্ৰথমটো পৰ্যায়ত চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত শ্ৰীনগৰ বিমান ঘাটিৰ বাহিৰত অৱস্থিত মিগ-২১ বাইচন বিমানৰে গঠিত ৫১ স্কোৱাড্ৰনক প্ৰতিৰক্ষা সেৱাৰ পৰা বাদ দিয়া হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৫১ স্কোৱাড্ৰনটো চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমসমূহে এই খবৰ প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰীত বালাকোট বিমান আক্ৰমণ অভিযানত পাকিস্তান বায়ু সেনাৰ এফ-১৬ বিমান গুলীবৰ্ষণ কৰি পৰাস্ত কৰাৰ বাবে এই ৫১ স্কোৱাড্ৰনটো বিখ্যাত।

৫১ স্কোৱাড্ৰনটো বিদায় দিয়াৰ পিছত মিগ-২১ বাইচন স্কোৱাড্ৰনৰ মাত্ৰ তিনিটা স্কোৱাড্ৰন বায়ু সেনাত কাৰ্যকৰী হৈ থাকিব। অৱশ্যে প্ৰতি বছৰে এটাকৈ স্কোৱাড্ৰনক পৰ্যায়ক্ৰমে বাদ দিয়া হ'ব আৰু ২০২৫ চনৰ ভিতৰত এই স্কোৱাড্ৰনটো সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ'ব বুলি চৰকাৰী সূত্ৰটোৱে উল্লেখ কৰিছে।

লক্ষ্যণীয়ভাৱে ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা মিগ-২১ বিমানৰ ছয়টা পৃথক পৃথক দুৰ্ঘটনাত কেইবাগৰাকীও পাইলটৰ মৃত্যু হৈছে। যোৱা বৃহস্পতিবাৰেও ৰাজস্থানৰ বাৰমেৰ জিলাত এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন পাইলট নিহত হৈছিল। মিগ-২১ বিমানৰ শেহতীয়া এনে দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ু সেনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইখিনিতে উল্লেখনীয় যে, মিগ-২১ বিমানৰ সুৰক্ষাৰ দিশটোৰ ওপৰত পূৰ্বৰে পৰা প্ৰশ্ন উত্থাপন হৈ আহিছে। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মিকোয়ান-গুৰেভিচ ডিজাইন ব্যুৰো (অ'কেবি)ৰ দ্বাৰা ডিজাইন কৰা এই মিগ-২১ যুঁজাৰু বিমান প্ৰথমবাৰৰ বাবে ১৯৬৩ চনত বায়ু সেনাৰ অন্তৰ্ভুক্ত কৰিছিল। ৬০ ৰ দশকৰ আৰম্ভণিতে প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভুক্তিৰ পিছতে প্ৰায় ২০০ টা দুৰ্ঘটনাত জড়িত আছিল এই বিমানখন।

বিমানখনৰ সুৰক্ষাৰ এই ৰেকৰ্ড সেইফালৰ পৰা অত্যন্ত দুৰ্বল আছিল। ভাৰতীয় বায়ু সেনাই এতিয়া মিগ-২১ যুঁজাৰু বিমানৰ সলনি অন্যান্য সক্ষম বিমান, যেনে এছইউ-৩০ আৰু থলুৱা লাইট কমবেট এয়াৰক্ৰাফ্ট (LCA) ব্যৱহাৰ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ