--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা মূৰ,  মুখ পিছে দুখন!  হয়, এয়া আমেৰিকাৰ এজন যুৱকৰ ক্ষেত্ৰত ঘটা এক আচৰিত যেন লগা ঘটনা। জন্মৰে পৰা বিৰল ৰোগত আক্ৰান্ত যুৱক জনৰ নাম জনছন।। তেওঁৰ জন্মৰ পিছত চিকিৎসকসকলে কৈছিল যে তেওঁ আৰু জীয়াই নাথাকিব।

 অৱশ্যে ট্ৰেচ জনছনে চিকিৎসকসকলৰ ভৱিষ্যতবাণী প্ৰায় ভুল বুলি প্ৰমাণ কৰি  ১৮ সংখ্যক  জন্মদিন উদযাপন কৰিলে। জনছন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছৌৰীৰ বাসিন্দা। তেওঁৰ হোৱা বিৰল ৰোগটোক 'ক্ৰেনিওফেচিয়েল ডুপ্লিকেচন' বুলি কোৱা হয়। 

এই ৰোগটোক 'ডিপ্ৰোচোপাছ' বুলিও বহুতে কয়। গ্ৰীক ভাষাত এই শব্দৰ অৰ্থ হৈছে 'দুখন মুখ'। এই ৰোগটো মুখ্যতঃ আনুবংশিক কাৰণত হয়।  জনছনৰ এটা মূৰ আছে, কিন্তু তেওঁৰ  মুখ একেলগে আছে দুখন । তেওঁৰ নাকৰ মাজভাগত এটা স্পষ্ট ফাট কপাললৈ গৈছে। 

ইয়াৰ দুয়োফালে তেওঁৰ মুখখন দুটা ভাগত বিভক্ত হোৱা যেন দেখি। দুয়োটা ভাগতে দুটা চকু আছে। ৰোগটোৰ বাবে তেওঁ দিনত ৪০০  বাৰ পৰ্যন্ত অজ্ঞান হৈ পৰাৰো নজিৰ আছে। জনছনৰ পিতৃ-মাতৃয়ে কয়: ঔষধৰ দ্বাৰা তেওঁলোকৰ পুত্ৰৰ শাৰীৰিক অৱস্থা যথেষ্ট উন্নত হৈছে। 

এক নিৰ্দিষ্ট তেল ব্যৱহাৰ কৰাৰ পিছত অজ্ঞান হৈ পৰাৰ  মাত্ৰা ৪০০ৰ পৰা ৪০ লৈ হ্ৰাস পাইছে। জনছনৰ মাতৃয়ে সংবাদ মাধ্যমক কয়  যে পুত্ৰৰ জন্মৰ পিছত চিকিৎসকসকলে তেওঁ জীয়াই থাকিব বুলি কোনো আশা কৰা নাছিল। তেওঁলোকে আনকি শিশুটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব নালাগে বুলিও কৈছিল। জনছনৰ দেউতাকে চিকিৎসকসকলৰ সৈতে কথা পাতি  পুত্ৰক ঘৰলৈ লৈ গৈছিল। 

কিন্তু শৰীৰত দুখনকৈ মুখ লৈয়েই  জনছন ডাঙৰ হৈছিল, তেওঁৰ অৱশ্যে মানসিক বিকাশ স্বাভাৱিক নহয়। তেওঁ এতিয়াও শিশুৰ দৰেই অপৰিপক্ক হৈ আছে। অৱশ্যে জনছনৰ মাতৃৰ মতে  দিন বাগৰাৰ  লগে লগে তেওঁৰ পুত্ৰ লাহে লাহে ভাল হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ