--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা মূৰ,  মুখ পিছে দুখন!  হয়, এয়া আমেৰিকাৰ এজন যুৱকৰ ক্ষেত্ৰত ঘটা এক আচৰিত যেন লগা ঘটনা। জন্মৰে পৰা বিৰল ৰোগত আক্ৰান্ত যুৱক জনৰ নাম জনছন।। তেওঁৰ জন্মৰ পিছত চিকিৎসকসকলে কৈছিল যে তেওঁ আৰু জীয়াই নাথাকিব।

 অৱশ্যে ট্ৰেচ জনছনে চিকিৎসকসকলৰ ভৱিষ্যতবাণী প্ৰায় ভুল বুলি প্ৰমাণ কৰি  ১৮ সংখ্যক  জন্মদিন উদযাপন কৰিলে। জনছন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছৌৰীৰ বাসিন্দা। তেওঁৰ হোৱা বিৰল ৰোগটোক 'ক্ৰেনিওফেচিয়েল ডুপ্লিকেচন' বুলি কোৱা হয়। 

এই ৰোগটোক 'ডিপ্ৰোচোপাছ' বুলিও বহুতে কয়। গ্ৰীক ভাষাত এই শব্দৰ অৰ্থ হৈছে 'দুখন মুখ'। এই ৰোগটো মুখ্যতঃ আনুবংশিক কাৰণত হয়।  জনছনৰ এটা মূৰ আছে, কিন্তু তেওঁৰ  মুখ একেলগে আছে দুখন । তেওঁৰ নাকৰ মাজভাগত এটা স্পষ্ট ফাট কপাললৈ গৈছে। 

ইয়াৰ দুয়োফালে তেওঁৰ মুখখন দুটা ভাগত বিভক্ত হোৱা যেন দেখি। দুয়োটা ভাগতে দুটা চকু আছে। ৰোগটোৰ বাবে তেওঁ দিনত ৪০০  বাৰ পৰ্যন্ত অজ্ঞান হৈ পৰাৰো নজিৰ আছে। জনছনৰ পিতৃ-মাতৃয়ে কয়: ঔষধৰ দ্বাৰা তেওঁলোকৰ পুত্ৰৰ শাৰীৰিক অৱস্থা যথেষ্ট উন্নত হৈছে। 

এক নিৰ্দিষ্ট তেল ব্যৱহাৰ কৰাৰ পিছত অজ্ঞান হৈ পৰাৰ  মাত্ৰা ৪০০ৰ পৰা ৪০ লৈ হ্ৰাস পাইছে। জনছনৰ মাতৃয়ে সংবাদ মাধ্যমক কয়  যে পুত্ৰৰ জন্মৰ পিছত চিকিৎসকসকলে তেওঁ জীয়াই থাকিব বুলি কোনো আশা কৰা নাছিল। তেওঁলোকে আনকি শিশুটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব নালাগে বুলিও কৈছিল। জনছনৰ দেউতাকে চিকিৎসকসকলৰ সৈতে কথা পাতি  পুত্ৰক ঘৰলৈ লৈ গৈছিল। 

কিন্তু শৰীৰত দুখনকৈ মুখ লৈয়েই  জনছন ডাঙৰ হৈছিল, তেওঁৰ অৱশ্যে মানসিক বিকাশ স্বাভাৱিক নহয়। তেওঁ এতিয়াও শিশুৰ দৰেই অপৰিপক্ক হৈ আছে। অৱশ্যে জনছনৰ মাতৃৰ মতে  দিন বাগৰাৰ  লগে লগে তেওঁৰ পুত্ৰ লাহে লাহে ভাল হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে