--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ দেশজোৰা প্ৰতিবাদ গঢ়ি তুলিব ভাৰতীয় জাতীয় কংগ্ৰেছে। জানিব পৰা মতে অহা ৫ আগষ্ট তাৰিখে এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ জানিব পৰা মতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা সংসদ ভৱনলৈকে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰাৰো পৰিকল্পনা কৰিছে কংগ্ৰেছে।

 কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য সকল আৰু জেষ্ঠ নেততসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷বিজেপিৰ কাৰ্যকালত ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল, এলপিজিকে আদি কৰি আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বৰ্ধিত মূল্যই অভিলেখ সৃষ্টি কৰিছে৷ মূল্যবৃদ্ধিৰ এই বোজা মধ্যবিত্ত শ্ৰেণীয়ে কঢ়িয়াব পৰা নাই আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে৷ কংগ্ৰেছ নেতা কেচি ভেনুগোপালে মন্তব্য কৰে যে এই দেশখন গ্ৰামাঞ্চল তথা নগৰাঞ্চল উভয়তে সৃষ্টি হোৱা সংস্থাপনহীনতাৰ সাক্ষী হৈছে৷আনহাতে নিৱনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিখন যথেষ্ট বিতৰ্কিত আৰু প্ৰত্যাহ্বানমূলক৷ লগতে এই আঁচনিয়ে দেশৰ যুৱপ্ৰজন্মৰ স্বপ্ন ভংগ কৰিছে৷’

 তথ্য অনুসৰি অহা সোমবাৰে অৰ্থাৎ ১ আগষ্টত মূল্যবৃদ্ধি সম্পৰ্কে সংসদত আলোচনা কৰা হ’ব৷ কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে চৰকাৰক মূল্যবৃদ্ধিৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ লগতে বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে