--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ দেশজোৰা প্ৰতিবাদ গঢ়ি তুলিব ভাৰতীয় জাতীয় কংগ্ৰেছে। জানিব পৰা মতে অহা ৫ আগষ্ট তাৰিখে এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ জানিব পৰা মতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা সংসদ ভৱনলৈকে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰাৰো পৰিকল্পনা কৰিছে কংগ্ৰেছে।

 কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য সকল আৰু জেষ্ঠ নেততসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷বিজেপিৰ কাৰ্যকালত ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল, এলপিজিকে আদি কৰি আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বৰ্ধিত মূল্যই অভিলেখ সৃষ্টি কৰিছে৷ মূল্যবৃদ্ধিৰ এই বোজা মধ্যবিত্ত শ্ৰেণীয়ে কঢ়িয়াব পৰা নাই আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে৷ কংগ্ৰেছ নেতা কেচি ভেনুগোপালে মন্তব্য কৰে যে এই দেশখন গ্ৰামাঞ্চল তথা নগৰাঞ্চল উভয়তে সৃষ্টি হোৱা সংস্থাপনহীনতাৰ সাক্ষী হৈছে৷আনহাতে নিৱনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিখন যথেষ্ট বিতৰ্কিত আৰু প্ৰত্যাহ্বানমূলক৷ লগতে এই আঁচনিয়ে দেশৰ যুৱপ্ৰজন্মৰ স্বপ্ন ভংগ কৰিছে৷’

 তথ্য অনুসৰি অহা সোমবাৰে অৰ্থাৎ ১ আগষ্টত মূল্যবৃদ্ধি সম্পৰ্কে সংসদত আলোচনা কৰা হ’ব৷ কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে চৰকাৰক মূল্যবৃদ্ধিৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ লগতে বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ