--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দাইলৰ মূল্য৷দাইলৰ বৰ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত মোদী চৰকাৰে দেশত উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে এম এছ পি অৰ্থাৎ ৰহৰ, মগু আৰু মাটি দাইলৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে খাৰিফ শস্যৰ এম এছ পি বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হয়। য’ত ৰহৰ দাইলৰ এম এছ পি ৪০০ টকা বৃদ্ধি কৰি ৭০০০ টকা কৰা হৈছে। মাটি দাইলৰ এম এছ পিও ৩৫০ টকা বৃদ্ধি কৰি প্ৰতি কুইণ্টলত ৬৯৫০ টকা আৰু মগু দাইলৰৰ এম এছ পি ১০.৪ শতাংশ বৃদ্ধিৰে ৭৭৫৫ টকাৰ পৰা ৮৫৫৮ টকালৈ বৃদ্ধি কৰা হৈছে।


২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে চৰকাৰৰ এই সিদ্ধান্তই কৃষকসকলৰ বাবে যথেষ্ট লাভৱান হ’ব, যিসকলে অধিক মাহজাতীয় শস্য বীজ সিঁচিবলৈ অনুপ্ৰাণিত হ’ব আৰু উৎপাদিত সামগ্ৰীৰ মূল্য অধিক লাভ কৰিব। ব্যৱসায়ীৰ পৰা মিলাৰলৈকে চৰকাৰে ৰহৰ দাইলৰ এম এছ পি বৃদ্ধিৰ দাবী জনাইছিল যাতে ৰহৰ দাইলৰ অধিক উৎপাদন দেশত কৰিব পৰা যায়। যোৱা কেইমাহমানৰ পৰা ৰহৰ দলৰ মূল্য ১০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। বৰ্তমান ৰহৰ দাইলৰ এম এছ পি মগু দাইলৰ এছ এছ পিতকৈ কম, প্ৰতি কুইণ্টলত ৭৭৫৫ টকা। দেশত ৰহৰ দালিৰ ব্যৱহাৰ পূৰণ কৰিবলৈ চৰকাৰে ঘৰুৱা বজাৰত বৃদ্ধি পোৱা মূল্য নিৰীক্ষণৰ বাবে ২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে অতিৰিক্ত পৰিমাণৰ ৰহৰ দাইলৰ আমদানি কৰিছে।

২০২৩ চনৰ ৬ জুন মঙলবাৰে চৰকাৰে দেশত দাইল উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে এক বৃহৎ ঘোষণা কৰিছিল। মূল্য সমৰ্থন আঁচনিৰ অধীনত ২০২৩-২৪ বৰ্ষৰ বাবে ৰহৰ, মাটি দাইল আৰু মছুৰ দালি ক্ৰয়ৰ ৪০ শতাংশ সীমা বিলুপ্ত কৰিছে চৰকাৰে। এতিয়া কৃষকে মূল্য সহায়ক আঁচনি (PSS)ৰ অধীনত চৰকাৰক যিমান বিচাৰে সিমান দাইল বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এই খৰিফ বতৰত আৰু আগন্তুক ৰবি বতৰত এই দাইলৰ বীজ বাঢ়িব বুলি আশা কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে এই দিশত নিৰ্দেশ জাৰি কৰি দাইলৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ লগে লগে কৃষকসকলক নিশ্চিত কৰা হ’ব যে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কোনো সীমা নোহোৱাকৈ এম এছ পি অৰ্থাৎ নূন্যতম সহায়ক মূল্য (এম এছ পি)ত ক্ৰয় কৰা হ’ব। চৰকাৰে এম এছ পিত দালি ক্ৰয় কৰাৰ এই আশ্বাসৰ পিছত খৰিফ ৰবি বতৰত অধিক অঞ্চলত ৰহৰ, মাটি দাইল আৰু মগু দাইলৰ বীজ সিঁচিবলৈ কৃষকসকল অনুপ্ৰাণিত হ’ব।













FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা