--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দাইলৰ মূল্য৷দাইলৰ বৰ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত মোদী চৰকাৰে দেশত উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে এম এছ পি অৰ্থাৎ ৰহৰ, মগু আৰু মাটি দাইলৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে খাৰিফ শস্যৰ এম এছ পি বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হয়। য’ত ৰহৰ দাইলৰ এম এছ পি ৪০০ টকা বৃদ্ধি কৰি ৭০০০ টকা কৰা হৈছে। মাটি দাইলৰ এম এছ পিও ৩৫০ টকা বৃদ্ধি কৰি প্ৰতি কুইণ্টলত ৬৯৫০ টকা আৰু মগু দাইলৰৰ এম এছ পি ১০.৪ শতাংশ বৃদ্ধিৰে ৭৭৫৫ টকাৰ পৰা ৮৫৫৮ টকালৈ বৃদ্ধি কৰা হৈছে।


২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে চৰকাৰৰ এই সিদ্ধান্তই কৃষকসকলৰ বাবে যথেষ্ট লাভৱান হ’ব, যিসকলে অধিক মাহজাতীয় শস্য বীজ সিঁচিবলৈ অনুপ্ৰাণিত হ’ব আৰু উৎপাদিত সামগ্ৰীৰ মূল্য অধিক লাভ কৰিব। ব্যৱসায়ীৰ পৰা মিলাৰলৈকে চৰকাৰে ৰহৰ দাইলৰ এম এছ পি বৃদ্ধিৰ দাবী জনাইছিল যাতে ৰহৰ দাইলৰ অধিক উৎপাদন দেশত কৰিব পৰা যায়। যোৱা কেইমাহমানৰ পৰা ৰহৰ দলৰ মূল্য ১০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। বৰ্তমান ৰহৰ দাইলৰ এম এছ পি মগু দাইলৰ এছ এছ পিতকৈ কম, প্ৰতি কুইণ্টলত ৭৭৫৫ টকা। দেশত ৰহৰ দালিৰ ব্যৱহাৰ পূৰণ কৰিবলৈ চৰকাৰে ঘৰুৱা বজাৰত বৃদ্ধি পোৱা মূল্য নিৰীক্ষণৰ বাবে ২০২৩-২৪ বৰ্ষৰ বিপণন বতৰৰ বাবে অতিৰিক্ত পৰিমাণৰ ৰহৰ দাইলৰ আমদানি কৰিছে।

২০২৩ চনৰ ৬ জুন মঙলবাৰে চৰকাৰে দেশত দাইল উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে এক বৃহৎ ঘোষণা কৰিছিল। মূল্য সমৰ্থন আঁচনিৰ অধীনত ২০২৩-২৪ বৰ্ষৰ বাবে ৰহৰ, মাটি দাইল আৰু মছুৰ দালি ক্ৰয়ৰ ৪০ শতাংশ সীমা বিলুপ্ত কৰিছে চৰকাৰে। এতিয়া কৃষকে মূল্য সহায়ক আঁচনি (PSS)ৰ অধীনত চৰকাৰক যিমান বিচাৰে সিমান দাইল বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এই খৰিফ বতৰত আৰু আগন্তুক ৰবি বতৰত এই দাইলৰ বীজ বাঢ়িব বুলি আশা কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে এই দিশত নিৰ্দেশ জাৰি কৰি দাইলৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ লগে লগে কৃষকসকলক নিশ্চিত কৰা হ’ব যে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কোনো সীমা নোহোৱাকৈ এম এছ পি অৰ্থাৎ নূন্যতম সহায়ক মূল্য (এম এছ পি)ত ক্ৰয় কৰা হ’ব। চৰকাৰে এম এছ পিত দালি ক্ৰয় কৰাৰ এই আশ্বাসৰ পিছত খৰিফ ৰবি বতৰত অধিক অঞ্চলত ৰহৰ, মাটি দাইল আৰু মগু দাইলৰ বীজ সিঁচিবলৈ কৃষকসকল অনুপ্ৰাণিত হ’ব।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস