--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে ২৮৮ গৰাকী লোকৰ মৃত্যু ঘটিছে৷ আহত হৈছে কেইবা হাজাৰো লোক৷ চৰকাৰে নিহত ৰে’ল যাত্ৰীৰ পৰিয়ালক ১০ লাখকৈ টকাৰ সাহায্য দিব বুলি ঘোষণা কৰিছে৷ বিভিন্ন ৰাজ্যৰ চৰকাৰেও মৃতকৰ পৰিয়াললৈ সাহায্য আগবঢ়াইছে৷ কেন্দ্ৰীয় চৰকাৰৰ লগতে কেইবাখনো ৰাজ্যই উৰিষ্যা ৰে'ল দুৰ্ঘটনাত আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰাৰ সময়তে  এগৰাকী মহিলাই সাহায্যৰ লোভত তেওঁৰ জীৱিত স্বামীকে মৃত সজোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ।

 তামিলনাডু, বংগ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰীসকলে মৃত আৰু আহতসকলৰ পৰিয়ালৰ বাবে পৃথকে পৃথকে সাহায্য  ঘোষণা কৰিছে।  এগৰাকী মহিলাই দুৰ্ঘটনাটোত তেওঁৰ স্বামীৰ মৃত্যু হৈছে বুলি দাবী কৰি ক্ষতিপূৰণৰ ধন ল'বলৈ চেষ্টা কৰাৰ কথা পোহৰলৈ আহিছে৷ 

ওড়িশাৰ বদাম্বা আৰক্ষী থানাৰ অন্তৰ্গত মণিবান্ধা অঞ্চলৰ গীতাঞ্জলি দত্ত নামৰ মহিলাগৰাকীয়ে  তেওঁৰ স্বামীক মৃত্যু ঘটা বুলি প্ৰমাণ কৰিবলৈ  স্বামীৰ বিষয়ে  ভুৱা নথিপত্ৰ তৈয়াৰ কৰিছিল।  কিন্তু শেষত তেওঁৰ উদ্দেশ্য পূৰণ নহ'ল। গীতাঞ্জলিৰ স্বামী বিজয় দত্তই পত্নীৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু আৰক্ষী চকীলৈ গৈ  পত্নীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে৷ 

উল্লেখ্য দুৰ্ঘটনাটোৰ পিছতমৃতকৰ পৰিয়ালৰ সদস্যসকলক মৃতদেহ  চিনাক্ত কৰিবলৈ চিকিৎসালয়লৈ মাতি পঠিওৱা হৈছিল৷ । সেই অজুহাততে গীতাঞ্জলিয়েও চিকিৎসালয়ত উপস্থিত হৈছিল। ভুৱা আধাৰ কাৰ্ড এখন দেখুৱাই তেওঁ  কৰ্তৃপক্ষক কৈছিল যে দুৰ্ঘটনাটোত তেওঁৰ  স্বামীয়ে প্ৰাণ হেৰুৱাইছে। কিন্তু তেওঁৰ পৰিচয় পত্ৰ পৰীক্ষা কৰোঁতে  আৰক্ষীয়ে ৰহস্যৰ গোন্ধ পায়৷কিন্তু তদন্ত আৰম্ভ হোৱাৰ পূৰ্বেই মহিলাগৰাকীৰ স্বামীয়ে বিষয়টোত হস্তক্ষেপ কৰে৷ তেওঁ মহিলা গৰাকীৰ এনে কামৰ বিৰোধিতা কৰে  আৰু বিষয়টো আৰক্ষীক অৱগত কৰে৷ মহিলাগৰাকীৰ  স্বামী আজি  তেওঁৰ পত্নীৰ কামৰ বাবে লজ্জিত। 

তেওঁ কয় "মই সকলোকে এনে মহিলাৰ পৰা আঁতৰি থাকিবলৈ কম। মই মোৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছো’’। অৱশ্যে অভিযুক্ত মহিলাগৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে