--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোকাময় পথাৰত এইবাৰ ভূঁই ৰোৱাত ব্যস্ত হ’ল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। হাৰিয়ানাৰ খেতিয়কৰ সৈতে একেলগে ভূঁই ৰুলে ৰাহুলে। বগা টি-চাৰ্ট, আঁঠুলৈকে ট্ৰাউজাৰ পিন্ধি ৰাহুল গান্ধীয়ে কৃষকৰ সমানেই ভূঁই  ৰুলে।  

কংগ্ৰেছ নেতাগৰাকীক  হাৰিয়ানাৰ চনিপটত এনে ৰূপত দেখা পাই বহুতেই আচৰিত হ’ল। শনিবাৰে পুৱা তেওঁ কৃষকসকলৰ সৈতেবোকাময় পথাীৰত ভূঁই ৰুবলৈ  নামিছিল।কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে  হিমাচল প্ৰদেশলৈ গৈ থকাৰ সময়তে এনেদৰে হাৰিয়ানাত কৃষকসকলক সংগ দিয়ে।  যাত্ৰাৰ মাজতে তেওঁ হাৰিয়ানাৰ মদিনা গাঁৱৰ পথাৰত ভূঁই ৰোৱে।  তেওঁ এখন ট্ৰেক্টৰো চলায়। 

কৃষকসকলৰ সৈতে কথা পাতি ৰাহুল গান্ধীয়ে তেওঁলোকৰ সুখ-দুখৰ বিয়য়ে জানিবলৈ চেষ্টা কৰে। স্বাভাৱিকতে কৃষকসকলে ৰাহুল গান্ধীৰ দৰে  নেতাক তেওঁলোকৰ সৈতে পথাৰত পাই আনন্দিত হৈ পৰে।

সঞ্জয় কুমাৰ নামৰ এজন কৃষকে সংবাদ মাধ্যমৰ আগত কয়, "যিসকলে পথাৰত কাম কৰি আছিল তেওঁলোকৰ বহুতেই প্ৰথমে   ৰাহুল গান্ধীক চিনিয়েই পোৱা নাছিল । আমি সকলোৱে তেওঁক দেখি আচৰিত হৈছিলো। আমি তেওঁক পুৱাৰ আহাৰ পৰিৱেশন কৰিছিলো। তেওঁ আমাৰ সমস্যাবোৰ শুনিছিল। তেওঁ এখন ট্ৰেক্টৰো চলাইছিল। "

মন কৰিব যে ৰাহুল গান্ধীয়ে  এনে কৰা এয়াই  প্ৰথম ঘটনা  নহয়। ইয়াৰ পূৰ্বেও ৰাহুলক মাছমৰীয়াসকলৰ সৈতে এখন নাওত উঠি জাল মৰা দেখা গৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান