--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোকাময় পথাৰত এইবাৰ ভূঁই ৰোৱাত ব্যস্ত হ’ল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। হাৰিয়ানাৰ খেতিয়কৰ সৈতে একেলগে ভূঁই ৰুলে ৰাহুলে। বগা টি-চাৰ্ট, আঁঠুলৈকে ট্ৰাউজাৰ পিন্ধি ৰাহুল গান্ধীয়ে কৃষকৰ সমানেই ভূঁই  ৰুলে।  

কংগ্ৰেছ নেতাগৰাকীক  হাৰিয়ানাৰ চনিপটত এনে ৰূপত দেখা পাই বহুতেই আচৰিত হ’ল। শনিবাৰে পুৱা তেওঁ কৃষকসকলৰ সৈতেবোকাময় পথাীৰত ভূঁই ৰুবলৈ  নামিছিল।কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে  হিমাচল প্ৰদেশলৈ গৈ থকাৰ সময়তে এনেদৰে হাৰিয়ানাত কৃষকসকলক সংগ দিয়ে।  যাত্ৰাৰ মাজতে তেওঁ হাৰিয়ানাৰ মদিনা গাঁৱৰ পথাৰত ভূঁই ৰোৱে।  তেওঁ এখন ট্ৰেক্টৰো চলায়। 

কৃষকসকলৰ সৈতে কথা পাতি ৰাহুল গান্ধীয়ে তেওঁলোকৰ সুখ-দুখৰ বিয়য়ে জানিবলৈ চেষ্টা কৰে। স্বাভাৱিকতে কৃষকসকলে ৰাহুল গান্ধীৰ দৰে  নেতাক তেওঁলোকৰ সৈতে পথাৰত পাই আনন্দিত হৈ পৰে।

সঞ্জয় কুমাৰ নামৰ এজন কৃষকে সংবাদ মাধ্যমৰ আগত কয়, "যিসকলে পথাৰত কাম কৰি আছিল তেওঁলোকৰ বহুতেই প্ৰথমে   ৰাহুল গান্ধীক চিনিয়েই পোৱা নাছিল । আমি সকলোৱে তেওঁক দেখি আচৰিত হৈছিলো। আমি তেওঁক পুৱাৰ আহাৰ পৰিৱেশন কৰিছিলো। তেওঁ আমাৰ সমস্যাবোৰ শুনিছিল। তেওঁ এখন ট্ৰেক্টৰো চলাইছিল। "

মন কৰিব যে ৰাহুল গান্ধীয়ে  এনে কৰা এয়াই  প্ৰথম ঘটনা  নহয়। ইয়াৰ পূৰ্বেও ৰাহুলক মাছমৰীয়াসকলৰ সৈতে এখন নাওত উঠি জাল মৰা দেখা গৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস