--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সেনা অধ্যুষিত ম্যানমাৰত উচন হৈছে গণতন্ত্ৰ। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশখনৰ সামৰিক বাহিনীয়ে আং চান চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী (এনএলডি)ৰ নেতৃত্বত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন উৎখাত কৰাৰ পাছৰে পৰা ম্যানমাৰত বিৰাজ কৰিছে গণতন্ত্ৰবিৰোধী পৰিৱেশ। মানৱ অধিকাৰ তথা গণতন্ত্ৰৰ পক্ষত মত পোষণ কৰা প্ৰতিগৰাকী লোককে দমন কৰা হৈছে অতি কঠোৰভাৱে।

এনে গণতান্ত্ৰিক অৱক্ষয়ৰ মাজতে সামৰিক বাহিনীয়ে মৃত্যুদণ্ড দিয়ে দেশখনৰ চাৰিজন প্ৰখ্যাত মানৱ অধিকাৰ তথা গণতন্ত্ৰ কৰ্মীক। ম্যানমাৰৰ সামৰিক বাহিনীৰ দ্বাৰা মৃত্যুদণ্ড দিয়া এই গণতান্ত্ৰিক কৰ্মী সকল হৈছে প্ৰাক্তন আইন প্ৰণেতা ফিও জেয়া থাও, লেখক কো জিমি, হ্লা মায়ো অং আৰু অং থুৰা জাও।

চলিত দশকত ম্যানমাৰত এয়া মৃত্যুদণ্ডৰ প্ৰথম ঘটনা বুলি আন্ত: ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত উল্লেখ কৰা হৈছে। সন্ত্ৰাসবাদী কাৰ্যত জড়িত থকাৰ অভিযোগত এই চাৰিওজন মানৱ অধিকাৰ কৰ্মীক মৃত্যুদণ্ড দিয়ে ম্যানমাৰৰ জুণ্টাই।

আনহাতে এই মৃত্যুদণ্ডৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে বিশ্বব্যাপী ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আন্তৰ্জাতিক মহলত ম্যানমাৰৰ জুণ্টা শাসকবৰ্গক কঠোৰ ভাষাৰে নিন্দা কৰিছে মানৱ অধিকাৰ সংস্থা সমূহে।

ম্যানমাৰৰ মানৱ অধিকাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা টম এণ্ড্ৰুজে এক বিবৃতিত কয় যে ম্যানমাৰৰ দেশপ্ৰেমী, মানৱ অধিকাৰ তথা গণতান্ত্ৰিক কৰ্মীসকলক জুণ্টাই দিয়া মৃত্যুদণ্ডৰ বাতৰি পাই তেওঁ ক্ষুব্ধ আৰু বিধ্বস্ত হৈছে । লগতে এই ভয়াৱহ কাৰ্যক আন্তৰ্জাতিক সম্প্ৰদায়ৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে গ্ৰহণ কৰিব লাগে বুলিও তেওঁ লগতে কয়।

আনহাতে দেশখনত জুণ্টাৰ অভ্যুত্থানৰ বিৰোধিতাৰে গঠন কৰা দ্য ছেড’ নেচনেল ইউনিটি গভৰ্ণমেণ্ট অৱ ম্যানমাৰে এই হত্যাকাণ্ডক গৰিহণা দিয়ে। সংস্থাটোৱে কয় যে গণতান্ত্ৰিক কৰ্মীসকলৰ এই হত্যাৰ ঘটনাত তেওঁলোক হতবাক হৈ পৰিছে।

উল্লেখ্য যে গ্লোবেল নিউজ লাইট অৱ ম্যানমাৰ নামৰ এক চৰকাৰী সংবাদ মাধ্যমে ‘নিৰ্মম আৰু অমানৱীয় সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ষড়যন্ত্ৰ তথা নিৰ্দেশনা দিয়া চাৰিজন লোকক মৃত্যুদণ্ড দিয়া হৈছে’ বুলি বাতৰি প্ৰকাশ কৰিছিল। এই বাতৰিৰ পিছতে মানৱ অধিকাৰ কৰ্মী কেইগৰাকীৰ হত্যাৰ খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক