--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সেনা অধ্যুষিত ম্যানমাৰত উচন হৈছে গণতন্ত্ৰ। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশখনৰ সামৰিক বাহিনীয়ে আং চান চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী (এনএলডি)ৰ নেতৃত্বত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন উৎখাত কৰাৰ পাছৰে পৰা ম্যানমাৰত বিৰাজ কৰিছে গণতন্ত্ৰবিৰোধী পৰিৱেশ। মানৱ অধিকাৰ তথা গণতন্ত্ৰৰ পক্ষত মত পোষণ কৰা প্ৰতিগৰাকী লোককে দমন কৰা হৈছে অতি কঠোৰভাৱে।

এনে গণতান্ত্ৰিক অৱক্ষয়ৰ মাজতে সামৰিক বাহিনীয়ে মৃত্যুদণ্ড দিয়ে দেশখনৰ চাৰিজন প্ৰখ্যাত মানৱ অধিকাৰ তথা গণতন্ত্ৰ কৰ্মীক। ম্যানমাৰৰ সামৰিক বাহিনীৰ দ্বাৰা মৃত্যুদণ্ড দিয়া এই গণতান্ত্ৰিক কৰ্মী সকল হৈছে প্ৰাক্তন আইন প্ৰণেতা ফিও জেয়া থাও, লেখক কো জিমি, হ্লা মায়ো অং আৰু অং থুৰা জাও।

চলিত দশকত ম্যানমাৰত এয়া মৃত্যুদণ্ডৰ প্ৰথম ঘটনা বুলি আন্ত: ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত উল্লেখ কৰা হৈছে। সন্ত্ৰাসবাদী কাৰ্যত জড়িত থকাৰ অভিযোগত এই চাৰিওজন মানৱ অধিকাৰ কৰ্মীক মৃত্যুদণ্ড দিয়ে ম্যানমাৰৰ জুণ্টাই।

আনহাতে এই মৃত্যুদণ্ডৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে বিশ্বব্যাপী ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আন্তৰ্জাতিক মহলত ম্যানমাৰৰ জুণ্টা শাসকবৰ্গক কঠোৰ ভাষাৰে নিন্দা কৰিছে মানৱ অধিকাৰ সংস্থা সমূহে।

ম্যানমাৰৰ মানৱ অধিকাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা টম এণ্ড্ৰুজে এক বিবৃতিত কয় যে ম্যানমাৰৰ দেশপ্ৰেমী, মানৱ অধিকাৰ তথা গণতান্ত্ৰিক কৰ্মীসকলক জুণ্টাই দিয়া মৃত্যুদণ্ডৰ বাতৰি পাই তেওঁ ক্ষুব্ধ আৰু বিধ্বস্ত হৈছে । লগতে এই ভয়াৱহ কাৰ্যক আন্তৰ্জাতিক সম্প্ৰদায়ৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে গ্ৰহণ কৰিব লাগে বুলিও তেওঁ লগতে কয়।

আনহাতে দেশখনত জুণ্টাৰ অভ্যুত্থানৰ বিৰোধিতাৰে গঠন কৰা দ্য ছেড’ নেচনেল ইউনিটি গভৰ্ণমেণ্ট অৱ ম্যানমাৰে এই হত্যাকাণ্ডক গৰিহণা দিয়ে। সংস্থাটোৱে কয় যে গণতান্ত্ৰিক কৰ্মীসকলৰ এই হত্যাৰ ঘটনাত তেওঁলোক হতবাক হৈ পৰিছে।

উল্লেখ্য যে গ্লোবেল নিউজ লাইট অৱ ম্যানমাৰ নামৰ এক চৰকাৰী সংবাদ মাধ্যমে ‘নিৰ্মম আৰু অমানৱীয় সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ষড়যন্ত্ৰ তথা নিৰ্দেশনা দিয়া চাৰিজন লোকক মৃত্যুদণ্ড দিয়া হৈছে’ বুলি বাতৰি প্ৰকাশ কৰিছিল। এই বাতৰিৰ পিছতে মানৱ অধিকাৰ কৰ্মী কেইগৰাকীৰ হত্যাৰ খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ