--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙে আমেৰিকান ধনকুবেৰ জেফ্ৰি আপষ্টেইনৰ ব্যক্তিগত দ্বীপত একাধিক নাবালিকাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ টাইকুনগৰাকীয়ে বন্ধু ঘিছলেন মেক্সৱেলক যিকোনো মূল্যতে এই কাণ্ড ঢাকি ৰাখিবলৈ ই মেইল কৰিছিল।

এপষ্টেইন কেলেংকাৰীৰ গোচৰত নিউয়ৰ্ক আদালতৰ নিৰ্দেশত প্ৰকাশ পোৱা বিভিন্ন নথিৰ ভিতৰত এটাৰ ভিত্তিত এনে তথ্য পোহৰলৈ আহিছে। কিন্তু যিগৰাকী মহিলাৰ গোচৰৰ ফলত সেই সকলোবোৰ নথি প্ৰকাশ হৈছিল, সেই মহিলা ভাৰ্জিনিয়া জিঅ’ফ্ৰেই হকিঙৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰা নাছিল। আন কোনোৱে হকিঙক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা নাই।

২০১৫ চনত এপষ্টেইনে এই ইমেইলটো ঘিছলিনলৈ প্ৰেৰণ কৰিছিল। ইমেইলটোত তেওঁ ঘিছলিনক ভাৰ্জিনিয়াৰ অভিযোগ ঢাকি ৰখাৰ ব্যৱস্থা কৰিবলৈ কয়। এনে অভিযোগৰ পৰা হাত সাৰিবলৈ হকিঙে যিকোনো মূল্য দিবলৈ ইচ্ছুক আছিল। ইমেইলটোত হকিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন বা এনে কোনো অভিযোগৰ কোনো প্ৰমাণ পোৱা নগ’ল। এপষ্টেইনে দাবী কৰিছিল যে হকিঙৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাৰ ষড়যন্ত্ৰ আছিল।

২০০৬ চনত এপষ্টেইনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে নাবালকক যৌন নিৰ্যাতন আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল। সেই বছৰৰ মাৰ্চ মাহত হকিঙে কেৰিবিয়ানত থকা এপষ্টেইনৰ ব্যক্তিগত দ্বীপটো ভ্ৰমণ কৰি বৈজ্ঞানিক সভাত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ