--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত এতিয়া  বিপদত ।নিৰাপত্তা বেহু ভেদ কৰি  এখন গাড়ীয়ে  হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰি চৌহদৰ ভিতচৰত প্ৰৱেশ কৰাৰ  ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। । গাড়ী খনে  গেট ভাঙি হোৱাইট হাউচৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে হুৱা-দুৱা লাগে। কিন্তু গাড়ী খনে বেছি  দূৰলৈ যোৱাৰ আগতেই ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা চিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে গাড়ীখন ৰখাই দিয়ে। অভিযুক্ত চালকজনক  আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

 ঘটনাটোৱে আকৌ এবাৰ বিডেনৰ বাসগৃহৰ নিৰাপত্তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাৰ পিছতে মাৰ্কিন আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে ।  ঘটনাটো সোমবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়। হঠাতে এখন গাড়ীয়ে হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰে  গেটখন ভাঙি কিছু দূৰলৈ আগুৱাই যায়।  চিক্ৰেট চাৰ্ভিচৰ মুখ্য জনসম্পৰ্ক বিষয়া এন্থনী গুগ্লিয়েলমীয়ে কয় : "আমি এই ঘটনাৰ তদন্ত কৰি আছো। গেটত গাড়ীখনে খুন্দা মৰাৰ  কাৰণ সম্পৰ্কে  অনুসন্ধান কৰা হৈছে। বাহনখন জব্দ কৰা হৈছে। অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিডেন সেই সময়ত বাসগৃহত নাছিল। হোৱাইট হাউচৰ ঘটনাটোৱে ১৫ নং ষ্ট্ৰীট আৰু পেনচিলভেনিয়া এভিনিউত যান-জঁটৰ সৃষ্টি কৰে। 


 মন কৰিব যে হোৱাইট হাউচত গাড়ী প্ৰৱেশ কৰাৰ এয়াই  প্ৰথম ঘটনা  নহয়। যোৱা বছৰৰ মে’ মাহতো  এখন ট্ৰাকে তীব্ৰ গতিত হোৱাইট হাউচৰ নিৰাপত্তা বেৰিকেডত খুন্দা মাৰিছিল। ট্ৰাক চালকজনক ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা  বিষয়াসকলে  গ্ৰেপ্তাৰ কৰিছিল।  হোৱাইট হাউচ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থানসমূহৰ ভিতৰৰে  এটা বুলি ধৰা হয়। 


টুইন টাৱাৰ আক্ৰমণৰ পিছৰে পৰা আমেৰিকাই 'ইছলামিক জিহাদ'ৰ বিৰুদ্ধে যুঁজ দি আহিছে। ফলস্বৰূপে হোৱাইট হাউচ আল কায়দা আৰু ইছলামিক ষ্টেটৰ হিট লিষ্টত আছে। সন্ত্ৰাসবাদী গোটবোৰে ভালদৰে জানে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত আঘাত কৰিব পৰাটো ৱাশ্বিংটনৰ বাবে কিমান ডাঙৰ ক্ষতি হ’ব পাৰে। এনে এক কাল্পনিক আক্ৰমণৰ ভয়াবহতা হলিউডৰ বিখ্যাত ছবি 'হোৱাইট হাউচ ডাউন'ত দাঙি ধৰা হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই