--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত এতিয়া  বিপদত ।নিৰাপত্তা বেহু ভেদ কৰি  এখন গাড়ীয়ে  হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰি চৌহদৰ ভিতচৰত প্ৰৱেশ কৰাৰ  ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। । গাড়ী খনে  গেট ভাঙি হোৱাইট হাউচৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে হুৱা-দুৱা লাগে। কিন্তু গাড়ী খনে বেছি  দূৰলৈ যোৱাৰ আগতেই ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা চিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে গাড়ীখন ৰখাই দিয়ে। অভিযুক্ত চালকজনক  আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

 ঘটনাটোৱে আকৌ এবাৰ বিডেনৰ বাসগৃহৰ নিৰাপত্তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাৰ পিছতে মাৰ্কিন আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে ।  ঘটনাটো সোমবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়। হঠাতে এখন গাড়ীয়ে হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰে  গেটখন ভাঙি কিছু দূৰলৈ আগুৱাই যায়।  চিক্ৰেট চাৰ্ভিচৰ মুখ্য জনসম্পৰ্ক বিষয়া এন্থনী গুগ্লিয়েলমীয়ে কয় : "আমি এই ঘটনাৰ তদন্ত কৰি আছো। গেটত গাড়ীখনে খুন্দা মৰাৰ  কাৰণ সম্পৰ্কে  অনুসন্ধান কৰা হৈছে। বাহনখন জব্দ কৰা হৈছে। অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিডেন সেই সময়ত বাসগৃহত নাছিল। হোৱাইট হাউচৰ ঘটনাটোৱে ১৫ নং ষ্ট্ৰীট আৰু পেনচিলভেনিয়া এভিনিউত যান-জঁটৰ সৃষ্টি কৰে। 


 মন কৰিব যে হোৱাইট হাউচত গাড়ী প্ৰৱেশ কৰাৰ এয়াই  প্ৰথম ঘটনা  নহয়। যোৱা বছৰৰ মে’ মাহতো  এখন ট্ৰাকে তীব্ৰ গতিত হোৱাইট হাউচৰ নিৰাপত্তা বেৰিকেডত খুন্দা মাৰিছিল। ট্ৰাক চালকজনক ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা  বিষয়াসকলে  গ্ৰেপ্তাৰ কৰিছিল।  হোৱাইট হাউচ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থানসমূহৰ ভিতৰৰে  এটা বুলি ধৰা হয়। 


টুইন টাৱাৰ আক্ৰমণৰ পিছৰে পৰা আমেৰিকাই 'ইছলামিক জিহাদ'ৰ বিৰুদ্ধে যুঁজ দি আহিছে। ফলস্বৰূপে হোৱাইট হাউচ আল কায়দা আৰু ইছলামিক ষ্টেটৰ হিট লিষ্টত আছে। সন্ত্ৰাসবাদী গোটবোৰে ভালদৰে জানে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত আঘাত কৰিব পৰাটো ৱাশ্বিংটনৰ বাবে কিমান ডাঙৰ ক্ষতি হ’ব পাৰে। এনে এক কাল্পনিক আক্ৰমণৰ ভয়াবহতা হলিউডৰ বিখ্যাত ছবি 'হোৱাইট হাউচ ডাউন'ত দাঙি ধৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ