--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মৰুৰ ৰাজ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে ভজন লাল শৰ্মাই।  শপতগ্ৰহণৰ পূৰ্বে  শৰ্মাই তেওঁৰ পিতৃ-মাতৃৰ চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে।  উল্লেখ্য আজি ভজন লাল শৰ্মাৰ   জন্মদিনো আছিল। জন্মদিনটো  তেওঁৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনৰ সৈতে সংযুক্ত হোৱা নথৈ সুখী হৈছে শৰ্মা।  ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে নিৰ্বাচন কৰা ভজন লাল শৰ্মাই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ আগতে তেওঁৰ পিতৃ-মাতৃৰ ভৰি ধুৱাই দিয়ে। 

এটা ভিডিঅ’ত দেখা গৈছে যে ৫৬ বছৰীয়া শৰ্মাই তেওঁৰ পত্নীৰ সৈতে মজিয়াত বহি আছে আৰু তেওঁৰ মাক-দেউতাক চোফাত বহি থকা আছে। শৰ্মাই পিতৃ-মাতৃৰ ভৰি  ধুৱাই দিয়াৰ পিছত  টাৱেলেৰে মচি দিয়া দেখা গৈছে।শৰ্মা আৰু তেওঁৰ  পত্নীয়েপিতৃ-মাতৃৰ চৰণ ধুৱাই দিয়াৰ লগতে  তেওঁলোকক মালা পিন্ধাইছিল। শৰ্মাৰ পিতৃয়ে পুত্ৰ কপালত ৰঙা তিলক আঁকি দিয়াৰ লগতে   তেওঁক এটা মিঠাই দিয়ে। মিঠাইটো  শৰ্মাই তেওঁৰ পত্নীৰ সৈতে ভাগ কৰি গ্ৰহণ কৰা দেখা যায়।ইয়াৰ পিছতে শৰ্মাই শপতগ্ৰহণৰ বাবে অগ্ৰসৰ হয়। শেহতীয়াকৈ অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাইও শপত গ্ৰহণ কৰে।

তিনিওজনক ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত বাক্য পাঠ কৰোৱায়৷ প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নড্ডা, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এলবাৰ্ট হলৰ সন্মুখত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

জয়পুৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেয়ো শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement