--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মৰুৰ ৰাজ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে ভজন লাল শৰ্মাই।  শপতগ্ৰহণৰ পূৰ্বে  শৰ্মাই তেওঁৰ পিতৃ-মাতৃৰ চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে।  উল্লেখ্য আজি ভজন লাল শৰ্মাৰ   জন্মদিনো আছিল। জন্মদিনটো  তেওঁৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনৰ সৈতে সংযুক্ত হোৱা নথৈ সুখী হৈছে শৰ্মা।  ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে নিৰ্বাচন কৰা ভজন লাল শৰ্মাই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ আগতে তেওঁৰ পিতৃ-মাতৃৰ ভৰি ধুৱাই দিয়ে। 

এটা ভিডিঅ’ত দেখা গৈছে যে ৫৬ বছৰীয়া শৰ্মাই তেওঁৰ পত্নীৰ সৈতে মজিয়াত বহি আছে আৰু তেওঁৰ মাক-দেউতাক চোফাত বহি থকা আছে। শৰ্মাই পিতৃ-মাতৃৰ ভৰি  ধুৱাই দিয়াৰ পিছত  টাৱেলেৰে মচি দিয়া দেখা গৈছে।শৰ্মা আৰু তেওঁৰ  পত্নীয়েপিতৃ-মাতৃৰ চৰণ ধুৱাই দিয়াৰ লগতে  তেওঁলোকক মালা পিন্ধাইছিল। শৰ্মাৰ পিতৃয়ে পুত্ৰ কপালত ৰঙা তিলক আঁকি দিয়াৰ লগতে   তেওঁক এটা মিঠাই দিয়ে। মিঠাইটো  শৰ্মাই তেওঁৰ পত্নীৰ সৈতে ভাগ কৰি গ্ৰহণ কৰা দেখা যায়।ইয়াৰ পিছতে শৰ্মাই শপতগ্ৰহণৰ বাবে অগ্ৰসৰ হয়। শেহতীয়াকৈ অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাইও শপত গ্ৰহণ কৰে।

তিনিওজনক ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত বাক্য পাঠ কৰোৱায়৷ প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নড্ডা, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এলবাৰ্ট হলৰ সন্মুখত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

জয়পুৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেয়ো শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে