--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰীৰ ভৰি জিভাৰে লেহন কৰিলে ছৱিৰ পৰিচালকে! হয়, ৰাজহুৱাকৈয়ে অভিনেত্ৰী অশু ৰেড্ডীৰ স’তে এই উত্তেজনামূলক কাৰ্যত লিপ্ত হ’ল বলিউডৰ জনপ্ৰিয় পৰিচালক ৰামগোপাল বাৰ্মা।

অভিনেত্ৰীগৰাকীৰ ভৰিত চুম্বন আৰু লেহনৰ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে পৰিচালকগৰাকীয়ে নিজে। তাৰপাছতে ই ধুমুহাৰ সৃষ্টি কৰিছে।

ৰামগোপাল বাৰ্মাৰ মুক্তি লাভ লাভ কৰিব লগা ছৱি ‘ডেঞ্জাৰাছ’ৰ প্ৰম’চনৰ কালত এই ভিডিঅ’টো ৰেকৰ্ড কৰা হয়। ভিডিঅ’টোত দেখা পোৱা গৈছে যে পৰিচালকগৰাকীয়ে মজিয়াত বহি অভিনেত্ৰীগৰাকীৰ স’তে বাৰ্তালাপত নিমগ্ন হৈ আছে। বাৰ্তালাপৰ মাজতে পৰিচালকগৰাকীয়ে অভিনেত্ৰী অশু ৰেড্ডীক মহিলা হৈ জন্মলাভ কৰাৰ বাবে ধন্যবাদ জনায়। তাৰপাছতে তেওঁ অশু ৰেড্ডীয়ে ভৰিত পিন্ধি থকা ছেন্দেলযোৰ খুলে আৰু হাতেৰে ভৰি দুখন মোহাৰিবলৈ ধৰে। তাৰপাছতে চুমা খায়। কৈ উঠে- “তুমি নাৰী হৈ জন্ম লাভ কৰাৰ বাবে মই ভাল পাইছো। ধন্যবাদ!” তাতে ক্ষান্ত নাথাকিল বাৰ্মা। অশু ৰেড্ডীৰ ভৰিত চুমা আৰু লেহন কৰিবলৈ ধৰে। কিংকৰ্তব্যবিমূঢ় হৈ পৰে অশু ৰেড্ডী।

উল্লেখ্য যে সত্য, ৰোজা, চৰকাৰৰ দৰে জনপ্ৰিয় ছৱিৰে সফলতা লাভ কৰা ৰামগোপাল বাৰ্মা শেহতীয়াকৈ প্ৰায় ছৱি পৰিচালনাৰ পৰা আঁতৰি আছে। তাৰ পৰিৱৰ্তে টুইটাৰত তেওঁ অনেক বিতৰ্কিত প’ষ্টৰ দ্বাৰাহে চৰ্চা লাভ কৰি আহিছে। তাৰ স’তে যোগ হ’ল অশু ৰেড্ডীৰ স’তে কৰা এই ভিডিঅ’টো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী