--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত এগৰাকী বিয়া কৰায়েই বহুতে সংসাৰ সাগৰত হাবু-ডুবু খাইছে, যিটো সময়ত এই পাতো এই পাতো কৰি থাকিও বহুতে বিয়া খন পাতিব পৰা নাই,যিটো সময়ত বহুতে নিজৰ মন পছন্দৰ প্ৰেমিকা এগৰাকী যোগাৰ কৰি ল'ব পৰা নাই, সেই সময়তে নাগালেণ্ডৰ এজন লোকৰ আছে ৬০ গৰাকীকৈ পত্নী! ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী এই গাওঁ খনৰ নাম লংৱা  । নাগালেণ্ডৰ মন জিলাত থকা এই গাওঁ খনৰ এটা অংশ ভাৰতত আৰু আন এটা অংশ ম্যানমাৰত পৰে ।
সেয়ে গাওঁ খনৰ লোকসকলৰও ভাৰত আৰু ম্যানমাৰৰ  দ্বৈত নাগৰিকত্ব আছে। এই গাওঁ খনতে এক অনন্য জনগোষ্ঠীৰ লোকে বাস কৰে।  

লক্ষ্যণীয় কথাটো হ'ল  নাগালেণ্ডৰ লংৱা গাওঁখনৰ মুৰব্বীগৰাকীয়ে মুঠ ৬০ গৰাকী যুৱতীক বিয়া পাতিছে। ৬০ গৰাকী পত্নীৰ সৈতে লোকজনৰ সংসাৰ সুন্দৰভাবে চলি আছে।

গাওঁখনৰ ৰজাক অংঘ বুলি কোৱা হয় ।নাগালেণ্ডৰ কন্যাক নগা জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি অংঘ কেৱল এই গাওঁখনৰ ৰজাই নহয়। তেওঁ আন  ১০০ খন গাঁৱৰো ৰজা। সেয়ে বিভিন্ন গাওঁৰ পৰা পছন্দৰ ছোৱালী চাই তেওঁ বিয়াও পাতিব পাৰে। পত্নীৰ সংখ্যা বেছি হোৱা বাবে ঘৰুৱা শান্তি বিঘ্নিত নহ'বলৈ ৰজাই ৰুটিন বনাই প্ৰতিগৰাকী পত্নীক সময় দিয়াৰ চেষ্টা কৰে। 


তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৰজাৰ অধীনত থকা ১০০খন গাওঁ ম্যানমাৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত অন্তৰ্ভক্ত হৈ আছে।  গাওঁ খনৰ লোকসকল যিহেতু ভাৰত, ম্যানমাৰৰ দ্বৈত নাগৰিক, সেয়ে তেওঁলোকে নিৰ্বিবাদে ম্যানমাৰলৈ যাব পাৰে। গাওঁখনৰ মাজৰেই ভাৰত, ম্যানমাৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।

নাগালেণ্ডৰ কন্যাক  জনজাতি  অধ্যুষিত এই গাওঁখনৰ ৰজাই ম্যানমাৰৰ মাটিত থকা তেওঁৰ  নিজৰ ঘৰত খায় আৰু ভাৰতত নিশা শুৱে।  এটা সময়ত এই গাওঁ খনত  মানুহৰ মুণ্ডচ্ছেদ কৰাটো এক প্ৰকাৰৰ নিয়ম আছিল। মানুহৰ কটা মূৰেৰে বহুতে ঘৰ সজাইছিল বুলিও নানান কাহিনী প্ৰচলিত হৈ আছে। 

কিন্তু ১৯৬০ ৰ দশকৰ পৰা গাওঁ খনত  খ্ৰীষ্টান ধৰ্ম্ম দ্ৰুতগতিত প্ৰচাৰ হোৱাৰ পিছত এই প্ৰথা ক্ৰমান্বয়ে বিলুপ্ত কৰা হৈছিল। আন এটা গুৰুত্বপূৰ্ণ কথা এয়ে যে গাওঁ খনৰ ৰজাৰ পুত্ৰক ম্যানমাৰ সেনাত নিযুক্তি দিয়া হয় ।গাওঁ খনৰ লোকসকলে  নাগা আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত সৃষ্ট নাগমিজ ভাষা কয়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু