--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত এগৰাকী বিয়া কৰায়েই বহুতে সংসাৰ সাগৰত হাবু-ডুবু খাইছে, যিটো সময়ত এই পাতো এই পাতো কৰি থাকিও বহুতে বিয়া খন পাতিব পৰা নাই,যিটো সময়ত বহুতে নিজৰ মন পছন্দৰ প্ৰেমিকা এগৰাকী যোগাৰ কৰি ল'ব পৰা নাই, সেই সময়তে নাগালেণ্ডৰ এজন লোকৰ আছে ৬০ গৰাকীকৈ পত্নী! ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী এই গাওঁ খনৰ নাম লংৱা  । নাগালেণ্ডৰ মন জিলাত থকা এই গাওঁ খনৰ এটা অংশ ভাৰতত আৰু আন এটা অংশ ম্যানমাৰত পৰে ।
সেয়ে গাওঁ খনৰ লোকসকলৰও ভাৰত আৰু ম্যানমাৰৰ  দ্বৈত নাগৰিকত্ব আছে। এই গাওঁ খনতে এক অনন্য জনগোষ্ঠীৰ লোকে বাস কৰে।  

লক্ষ্যণীয় কথাটো হ'ল  নাগালেণ্ডৰ লংৱা গাওঁখনৰ মুৰব্বীগৰাকীয়ে মুঠ ৬০ গৰাকী যুৱতীক বিয়া পাতিছে। ৬০ গৰাকী পত্নীৰ সৈতে লোকজনৰ সংসাৰ সুন্দৰভাবে চলি আছে।

গাওঁখনৰ ৰজাক অংঘ বুলি কোৱা হয় ।নাগালেণ্ডৰ কন্যাক নগা জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি অংঘ কেৱল এই গাওঁখনৰ ৰজাই নহয়। তেওঁ আন  ১০০ খন গাঁৱৰো ৰজা। সেয়ে বিভিন্ন গাওঁৰ পৰা পছন্দৰ ছোৱালী চাই তেওঁ বিয়াও পাতিব পাৰে। পত্নীৰ সংখ্যা বেছি হোৱা বাবে ঘৰুৱা শান্তি বিঘ্নিত নহ'বলৈ ৰজাই ৰুটিন বনাই প্ৰতিগৰাকী পত্নীক সময় দিয়াৰ চেষ্টা কৰে। 


তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৰজাৰ অধীনত থকা ১০০খন গাওঁ ম্যানমাৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত অন্তৰ্ভক্ত হৈ আছে।  গাওঁ খনৰ লোকসকল যিহেতু ভাৰত, ম্যানমাৰৰ দ্বৈত নাগৰিক, সেয়ে তেওঁলোকে নিৰ্বিবাদে ম্যানমাৰলৈ যাব পাৰে। গাওঁখনৰ মাজৰেই ভাৰত, ম্যানমাৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।

নাগালেণ্ডৰ কন্যাক  জনজাতি  অধ্যুষিত এই গাওঁখনৰ ৰজাই ম্যানমাৰৰ মাটিত থকা তেওঁৰ  নিজৰ ঘৰত খায় আৰু ভাৰতত নিশা শুৱে।  এটা সময়ত এই গাওঁ খনত  মানুহৰ মুণ্ডচ্ছেদ কৰাটো এক প্ৰকাৰৰ নিয়ম আছিল। মানুহৰ কটা মূৰেৰে বহুতে ঘৰ সজাইছিল বুলিও নানান কাহিনী প্ৰচলিত হৈ আছে। 

কিন্তু ১৯৬০ ৰ দশকৰ পৰা গাওঁ খনত  খ্ৰীষ্টান ধৰ্ম্ম দ্ৰুতগতিত প্ৰচাৰ হোৱাৰ পিছত এই প্ৰথা ক্ৰমান্বয়ে বিলুপ্ত কৰা হৈছিল। আন এটা গুৰুত্বপূৰ্ণ কথা এয়ে যে গাওঁ খনৰ ৰজাৰ পুত্ৰক ম্যানমাৰ সেনাত নিযুক্তি দিয়া হয় ।গাওঁ খনৰ লোকসকলে  নাগা আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত সৃষ্ট নাগমিজ ভাষা কয়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ