--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা শ্বাহৰুখ-তনয় আৰিয়ান খানৰ গ্ৰেপ্তাৰ সম্পৰ্কত পোনপ্ৰথমবাৰৰ বাবে মুখ খুলিছে মাতৃ গৌৰী খানে। শেহতীয়াকৈ ‘কফি উইথ কৰণ’ অনুষ্ঠানত অংশ লৈ গৌৰীয়ে পুত্ৰ আৰিয়ানৰ নাম নোলোৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুষ্ঠানটোত ঘোষক কৰণ জোহৰে গৌৰী খানক প্ৰশ্ন কৰে যে আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালটোৱে কেনেদৰে সংকটৰ সময়ছোৱা পাৰ কৰিছিল।

কৰণ জোহৰৰ প্ৰশ্নৰ উত্তৰত গৌৰীয়ে কয় যে সেই সময়ছোৱাত সঁচাকৈয়ে অতি সংকটৰ মাজত পাৰ কৰিবলগা হৈছিল। এগৰাকী মাতৃ তথা অভিভাৱক হিচাপে সেই সময়ছোৱাত তেওঁ অত্যন্ত সতৰ্ক ভূমিকাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। কিন্তু এতিয়া এই সংকট পাৰ হৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ বান্ধোন সুদৃঢ় হৈ পৰিছে।

তদুপৰি তেওঁলোকৰ আশে-পাশে থকা লোকসকলেও শ্বাহৰুখ খানৰ পৰিয়াল হিচাপে তেওঁলোকক আদৰ কৰি আহিছে। গৌৰীয়ে কয় যে সংকটৰ সময়ছোৱাত বহুতো চিনাকি-অচিনাকি লোকে তেওঁলোকক বিভিন্ন মাধ্যমৰ জৰিয়তে সকাহ প্ৰদান কৰিছিল। ‘কফি উইথ কৰণ’ৰ যোগেৰে তেওঁলোককো গৌৰীয়ে আন্তৰিক ধন্যবাদ প্ৰদান কৰে।

উল্লেখযোগ্য যে বিগত বৰ্ষত আৰিয়ান খানক এখন ক্ৰুইজ শ্বীপৰ এটা পাৰ্টিত নিষিদ্ধ মাদকদ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল।

তাৰপাছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। সমগ্ৰ ঘটনাৱলীয়ে ৰাজনৈতিক ৰূপ ধাৰণ কৰিছিল। অভিযোগ উঠিছিল যে বিজেপিৰ শাসনকালত দেশৰ সাম্প্ৰদায়িক পৰিস্থিতি অসহিষ্ণু হৈ পৰা বুলি মন্তব্য কৰা শ্বাহৰুখ খানৰ প্ৰতি আক্ৰোশ পুৰাবলৈকে চৰকাৰে এই ব্যৱস্থা হাতত লৈছিল। কিন্তু চলিত বৰ্ষত এনচিবিয়ে আৰিয়ানক ক্লীণ শ্বীট প্ৰদান কৰি দোষমুক্ত ঘোষণা কৰিছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু