--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা শ্বাহৰুখ-তনয় আৰিয়ান খানৰ গ্ৰেপ্তাৰ সম্পৰ্কত পোনপ্ৰথমবাৰৰ বাবে মুখ খুলিছে মাতৃ গৌৰী খানে। শেহতীয়াকৈ ‘কফি উইথ কৰণ’ অনুষ্ঠানত অংশ লৈ গৌৰীয়ে পুত্ৰ আৰিয়ানৰ নাম নোলোৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুষ্ঠানটোত ঘোষক কৰণ জোহৰে গৌৰী খানক প্ৰশ্ন কৰে যে আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালটোৱে কেনেদৰে সংকটৰ সময়ছোৱা পাৰ কৰিছিল।

কৰণ জোহৰৰ প্ৰশ্নৰ উত্তৰত গৌৰীয়ে কয় যে সেই সময়ছোৱাত সঁচাকৈয়ে অতি সংকটৰ মাজত পাৰ কৰিবলগা হৈছিল। এগৰাকী মাতৃ তথা অভিভাৱক হিচাপে সেই সময়ছোৱাত তেওঁ অত্যন্ত সতৰ্ক ভূমিকাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। কিন্তু এতিয়া এই সংকট পাৰ হৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ বান্ধোন সুদৃঢ় হৈ পৰিছে।

তদুপৰি তেওঁলোকৰ আশে-পাশে থকা লোকসকলেও শ্বাহৰুখ খানৰ পৰিয়াল হিচাপে তেওঁলোকক আদৰ কৰি আহিছে। গৌৰীয়ে কয় যে সংকটৰ সময়ছোৱাত বহুতো চিনাকি-অচিনাকি লোকে তেওঁলোকক বিভিন্ন মাধ্যমৰ জৰিয়তে সকাহ প্ৰদান কৰিছিল। ‘কফি উইথ কৰণ’ৰ যোগেৰে তেওঁলোককো গৌৰীয়ে আন্তৰিক ধন্যবাদ প্ৰদান কৰে।

উল্লেখযোগ্য যে বিগত বৰ্ষত আৰিয়ান খানক এখন ক্ৰুইজ শ্বীপৰ এটা পাৰ্টিত নিষিদ্ধ মাদকদ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল।

তাৰপাছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। সমগ্ৰ ঘটনাৱলীয়ে ৰাজনৈতিক ৰূপ ধাৰণ কৰিছিল। অভিযোগ উঠিছিল যে বিজেপিৰ শাসনকালত দেশৰ সাম্প্ৰদায়িক পৰিস্থিতি অসহিষ্ণু হৈ পৰা বুলি মন্তব্য কৰা শ্বাহৰুখ খানৰ প্ৰতি আক্ৰোশ পুৰাবলৈকে চৰকাৰে এই ব্যৱস্থা হাতত লৈছিল। কিন্তু চলিত বৰ্ষত এনচিবিয়ে আৰিয়ানক ক্লীণ শ্বীট প্ৰদান কৰি দোষমুক্ত ঘোষণা কৰিছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement