--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাগালেণ্ডত বিতৰ্কিত আইন আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। ২০২২ বৰ্ষৰ জুন মাহলৈকে এই আইনখন নাগালেণ্ডত প্ৰযোজ্য হ'ব। নাগালেণ্ডৰ অশান্ত আৰু হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে আফস্পা আইনৰ সময় ছমাহলৈ বৃদ্ধি কৰা বুলি সদৰী কৰিছে। এই  আইনখনে সেনাক ৰাজ্যখনৰ সমস্যাগ্ৰস্ত অঞ্চলৰ যিকোনো ঠাইত মুক্তভাৱে কাম কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। যিবোৰ এলেকাত আফস্পা বলবৎ আছে তাত কেন্দ্ৰৰ অনুমোদন অবিহনে কোনো সেনা জোৱানক অপসাৰণ বা হাৰাশাস্তি কৰিব নোৱাৰি।  আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সন্ত্ৰাসবাদ, উগ্ৰবাদ বা বাহ্যিক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৰ্থ হোৱা অঞ্চলত এই আইনখন জাৰি কৰা হৈছে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে। 

এই আইনৰ অধীনত সৈনিকসকলৰ বহুতো বিশেষাধিকাৰ আছে, যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান কৰাৰ অধিকাৰ, সন্দেহজনক ব্যক্তি এজনৰ ওপৰত গুলী চালনা কৰাৰ অধিকাৰ। যদি সেই গুলীৰ ফলত কাৰোবাৰ মৃত্যু হয়, সৈনিকজনক হত্যাৰ বাবে বিচাৰ কৰিব নোৱাৰি। যদি ৰাজ্য চৰকাৰ বা আৰক্ষী প্ৰশাসনে সোনকালে বা সেনাৰ দলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰে, তেন্তে আদালতত তেওঁৰ গোচৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হয়। যদি কোনো ঠাইত উগ্ৰপন্থীৰ ঘাটি আছে বুলি সন্দেহ কৰে, তাক দ্বিধাহীনভাৱে ধ্বংস কৰিব পাৰে৷ যদি বাহন এখনে ৰাস্তাত সন্দেহজনকভাৱে চলা-ফুৰা কৰা সেনাবাহিনীয়ে লক্ষ্য কৰে, তেন্তে সেই বাহন তৎক্ষণাৎ ৰখাব আৰু তালাচী কৰিব পাৰে।

সৰ্বোপৰি এই আইনৰ অধীনত সংশ্লিষ্ট সেনা বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা আইনী ব্যৱস্থা ল’ব পৰাৰ ব্যৱস্থা নাই৷ উল্লেখ্য যে এই আইনখন ৭০ দশকত উত্তৰ-পূবৰ ৰাজ্যসমূহত ক্ৰমবৰ্ধমান হিংসাৰ পৰিস্থিতিত কাৰ্যকৰী কৰা হৈছিল, যি পৰিস্থিতি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) বিধেয়কখন সংসদৰ দুয়োখন সদনে গৃহীত কৰিছিল আৰু ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতিয় ড°ৰাজেন্দ্ৰ প্ৰসাদে ইয়াক অনুমোদন জনাইছিল। ইয়াক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ বুলি জনা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা