--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাগালেণ্ডত বিতৰ্কিত আইন আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। ২০২২ বৰ্ষৰ জুন মাহলৈকে এই আইনখন নাগালেণ্ডত প্ৰযোজ্য হ'ব। নাগালেণ্ডৰ অশান্ত আৰু হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে আফস্পা আইনৰ সময় ছমাহলৈ বৃদ্ধি কৰা বুলি সদৰী কৰিছে। এই  আইনখনে সেনাক ৰাজ্যখনৰ সমস্যাগ্ৰস্ত অঞ্চলৰ যিকোনো ঠাইত মুক্তভাৱে কাম কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। যিবোৰ এলেকাত আফস্পা বলবৎ আছে তাত কেন্দ্ৰৰ অনুমোদন অবিহনে কোনো সেনা জোৱানক অপসাৰণ বা হাৰাশাস্তি কৰিব নোৱাৰি।  আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সন্ত্ৰাসবাদ, উগ্ৰবাদ বা বাহ্যিক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৰ্থ হোৱা অঞ্চলত এই আইনখন জাৰি কৰা হৈছে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে। 

এই আইনৰ অধীনত সৈনিকসকলৰ বহুতো বিশেষাধিকাৰ আছে, যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান কৰাৰ অধিকাৰ, সন্দেহজনক ব্যক্তি এজনৰ ওপৰত গুলী চালনা কৰাৰ অধিকাৰ। যদি সেই গুলীৰ ফলত কাৰোবাৰ মৃত্যু হয়, সৈনিকজনক হত্যাৰ বাবে বিচাৰ কৰিব নোৱাৰি। যদি ৰাজ্য চৰকাৰ বা আৰক্ষী প্ৰশাসনে সোনকালে বা সেনাৰ দলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰে, তেন্তে আদালতত তেওঁৰ গোচৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হয়। যদি কোনো ঠাইত উগ্ৰপন্থীৰ ঘাটি আছে বুলি সন্দেহ কৰে, তাক দ্বিধাহীনভাৱে ধ্বংস কৰিব পাৰে৷ যদি বাহন এখনে ৰাস্তাত সন্দেহজনকভাৱে চলা-ফুৰা কৰা সেনাবাহিনীয়ে লক্ষ্য কৰে, তেন্তে সেই বাহন তৎক্ষণাৎ ৰখাব আৰু তালাচী কৰিব পাৰে।

সৰ্বোপৰি এই আইনৰ অধীনত সংশ্লিষ্ট সেনা বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা আইনী ব্যৱস্থা ল’ব পৰাৰ ব্যৱস্থা নাই৷ উল্লেখ্য যে এই আইনখন ৭০ দশকত উত্তৰ-পূবৰ ৰাজ্যসমূহত ক্ৰমবৰ্ধমান হিংসাৰ পৰিস্থিতিত কাৰ্যকৰী কৰা হৈছিল, যি পৰিস্থিতি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) বিধেয়কখন সংসদৰ দুয়োখন সদনে গৃহীত কৰিছিল আৰু ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতিয় ড°ৰাজেন্দ্ৰ প্ৰসাদে ইয়াক অনুমোদন জনাইছিল। ইয়াক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ বুলি জনা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ