--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানী আৰু নাই। বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিজয় গালানীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০। বিজয় গালানী কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে তেওঁ লণ্ডনত আছিল আৰু লণ্ডনতে শেষ নিশ্বাস ত্যাগ কৰে বিজয় গালানীয়ে। তেওঁ এজন অতি সফল প্ৰযোজক আছিল যিয়ে বলীউডৰ ব্যৱসায়িক আৰ্হিটো জানিছিল। গালানী বহুতো আগশাৰীৰ অভিনেতাৰ খুব ঘনিষ্ঠ আছিল। প্ৰযোজক হিচাপে বিজয়ে সূৰ্যবংশী (১৯৯২), আচানক (১৯৯৮) নিৰ্মাণ কৰিছিল। তেওঁ ২০০১ চনত 'অজনাবী' প্ৰযোজনা কৰিছিল, য'ত মুখ্য চৰিত্ৰত অক্ষয় কুমাৰ, ববি দেওল, কৰীণা কাপুৰ খান আৰু বিপাশা বসুৱে অভিনয় কৰিছিল।

বিজয় গালানীয়ে চলমান খান, অক্ষয় কুমাৰ, ববি দেওল আৰু গোবিন্দাৰ দৰে অভিনেতাৰ সৈতে প্ৰায় আধা ডজন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁ চলমান খানৰ জনপ্ৰিয় ছবি 'বীৰ'ৰ প্ৰযোজক আছিল।২০১০ চনত বীৰ ছবিখন গালানীয়ে প্ৰযোজনা কৰিছিল। য'ত ছলমান খান, মিথুন চক্ৰৱৰ্তী, জেকি শ্ৰফ, জেৰিন খান, ছোহেল খানেও অভিনয় কৰিছিল।

তেওঁৰ অন্তিম প্ৰযোজনা আছিল 'দ্য পাৱাৰ' নামৰ চিনেমাখন, য'ত বিদ্যুৎ জামৱাল, শ্ৰুতি হাছান, জাকিৰ হুছেইন, প্ৰতীক বব্বৰ, শচীন খেদেকাৰ আৰু জিশু সেনগুপ্তাই অভিনয় কৰিছিল। এই একচন মনোৰঞ্জনধৰ্মী ছবিখন এই বছৰৰ জানুৱাৰীত এটা অ'টিটি প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছিল। বিজয় গালানীয়ে ইহ সংসাৰত পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে। বিজয় গালানীৰ অকাল মৃত্যুত বলীউডত পৰিছে গভীৰ শোকৰ ছাঁ। বহুজনে ছ'চিয়েল মিডিয়াযোগে শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আৰু পঢ়কঃ নাগালেণ্ডত অব্যাহত অশান্ত আৰু উত্তপ্ত পৰিস্থিতি! ছমাহলৈ বৃদ্ধি ‘আফস্পা’


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন