--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানী আৰু নাই। বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিজয় গালানীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০। বিজয় গালানী কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে তেওঁ লণ্ডনত আছিল আৰু লণ্ডনতে শেষ নিশ্বাস ত্যাগ কৰে বিজয় গালানীয়ে। তেওঁ এজন অতি সফল প্ৰযোজক আছিল যিয়ে বলীউডৰ ব্যৱসায়িক আৰ্হিটো জানিছিল। গালানী বহুতো আগশাৰীৰ অভিনেতাৰ খুব ঘনিষ্ঠ আছিল। প্ৰযোজক হিচাপে বিজয়ে সূৰ্যবংশী (১৯৯২), আচানক (১৯৯৮) নিৰ্মাণ কৰিছিল। তেওঁ ২০০১ চনত 'অজনাবী' প্ৰযোজনা কৰিছিল, য'ত মুখ্য চৰিত্ৰত অক্ষয় কুমাৰ, ববি দেওল, কৰীণা কাপুৰ খান আৰু বিপাশা বসুৱে অভিনয় কৰিছিল।

বিজয় গালানীয়ে চলমান খান, অক্ষয় কুমাৰ, ববি দেওল আৰু গোবিন্দাৰ দৰে অভিনেতাৰ সৈতে প্ৰায় আধা ডজন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁ চলমান খানৰ জনপ্ৰিয় ছবি 'বীৰ'ৰ প্ৰযোজক আছিল।২০১০ চনত বীৰ ছবিখন গালানীয়ে প্ৰযোজনা কৰিছিল। য'ত ছলমান খান, মিথুন চক্ৰৱৰ্তী, জেকি শ্ৰফ, জেৰিন খান, ছোহেল খানেও অভিনয় কৰিছিল।

তেওঁৰ অন্তিম প্ৰযোজনা আছিল 'দ্য পাৱাৰ' নামৰ চিনেমাখন, য'ত বিদ্যুৎ জামৱাল, শ্ৰুতি হাছান, জাকিৰ হুছেইন, প্ৰতীক বব্বৰ, শচীন খেদেকাৰ আৰু জিশু সেনগুপ্তাই অভিনয় কৰিছিল। এই একচন মনোৰঞ্জনধৰ্মী ছবিখন এই বছৰৰ জানুৱাৰীত এটা অ'টিটি প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছিল। বিজয় গালানীয়ে ইহ সংসাৰত পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে। বিজয় গালানীৰ অকাল মৃত্যুত বলীউডত পৰিছে গভীৰ শোকৰ ছাঁ। বহুজনে ছ'চিয়েল মিডিয়াযোগে শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আৰু পঢ়কঃ নাগালেণ্ডত অব্যাহত অশান্ত আৰু উত্তপ্ত পৰিস্থিতি! ছমাহলৈ বৃদ্ধি ‘আফস্পা’


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা