--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাহৰ ফুলে নুশুৱায়/ নাহৰ ফুলে নুশুৱায়/ তগৰ ফুলে শুৱাব ।/ তগৰ ফুলে নুশুৱায়/ কপৌ ফুলে শুৱাব ।/কপৌ ফুলে নুশুৱায়/(যদি) ঘিলা খোপাতে তোৰ,/ হিয়া ফুল পাৰি দিম/(গুঁজি) খোপাতে মনোহৰ । পিছে এইবাৰ নাহৰ-তগৰ নহয় ‘থু’ৰে খোপা সজাবলৈ গৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে এগৰাকী চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্টে। তেওঁৰ বিৰুদ্ধে আনকি গোচৰো ৰুজু কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পিছে কিনো ঘটিল এইগৰাকী চেলিব্ৰিটীক লৈ?


জাৱেদ হাবিবকনো কোনে নাজানে? দেশৰ এইগৰাকী চেলিব্ৰিটী হেয়াৰ ষ্টাইলিছক লৈ এতিয়া ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। এইগৰাকী প্ৰখ্যাত হেয়াৰ ষ্টাইলিছে এগৰাকী মহিলাৰ মূৰত থুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্কৰ। মহিলাগৰাকীৰ চুলিৰ ষ্টাইল কৰাৰ সময়ত তেওঁ কেমেৰাৰ সন্মুখত তেওঁৰ মূৰ থুৱাই দিছিল। পানীৰ সলনি থু ব্যৱহাৰ কৰি চুলিৰ ষ্টাইল কৰাৰ এই দৃশ্য নিমিষতে ভাইৰেল হৈ পৰে আৰু তাৰ পাছতে ব্যাপক বিতৰ্কৰ সূত্ৰপাত হয়। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠাৰ লগতে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ঘটনাৰ বিষয়ে তদন্ত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক আহ্বান জনাইছে।

মূৰত থুৱাই দি চুলিৰ ষ্টাইল

তাৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাবিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত হাবিবৰ এখন কৰ্মশালা চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছিল। এগৰাকী মহিলাক মঞ্চলৈ মাতি আনি হাবিবে তেওঁৰ হেয়াৰ কাট কৰে আৰু তাৰ পাছত মূৰত থুৱাই দি চুলিৰ ষ্টাইল কৰা দেখা যায়। অৱশ্যে ঘটনাটোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছকে সকলোকে ক্ষমা বিচাৰিছে হাবিবে। এটা ভিডিঅ’ বাৰ্তাত হাবিবে কয়, মই কৰা এটা কামে বহু লোকৰ মনত আঘাত দিছে। মই এটা কথাই ক’ব বিচাৰিম যে, আমাৰ যিবোৰ কৰ্মশালা হয় সেইবোৰ কৰ্মশালা পেচাদাৰী কৰ্মশালা আৰু ইয়াত আমাৰ প্ৰফেচনৰ সৈতে জড়িত লোকসকলে ভাগ লগয়। দীঘলীয়া এই কৰ্মশালাবোৰ ৰসাল কৰি তুলিবলৈ কিছুমান কৰিবলগীয়া হয়। কিন্তু মইনো কি ক’ম? এটা কথাই কৈছোঁ যে, মোৰ কামৰ দ্বাৰা আপোনালোকৰ যদি অন্তৰত আঘাত হৈছে তেওঁ মোক কৰক। মই অন্তৰৰ পৰা ক্ষমা খুজিছোঁ।’

https://twitter.com/i/status/1478956221902118913


ইফালে, যিগৰাকী মহিলাৰ সৈতে এই ঘটনা সংঘটিত হৈছিল সেই মহিলাগৰাকীৰ প্ৰতিক্ৰিয়াও এতিয়া জানিব পৰা গৈছে। তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত কয়, ‘কালি মই জাৱেদ হাবিবৰ এখন কৰ্মশালাত ভাগ লৈছিলোঁ। তেওঁ মোক হেয়াৰ কাটৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। তেওঁ কৈছিল যদি হেয়াৰ ষ্টাইলৰ সময়ত পানী নাথাকে তেন্তে নিজৰ থু ব্যৱহাৰ কৰক। এতিয়াৰে পৰা মই চুলি কটাবলৈ পথৰ কাষৰ নাপিতৰ কাষলৈ যাম কিন্তু জাৱেদ হাবিবৰ কাষলৈ নাযাওঁ।’ উল্লেখ্য যে, হাবিবৰ এই কাৰ্য অতি অস্বাস্থ্যকৰ, অৰুচিকৰ আৰু অসন্মানজনক বুলি অভিহিত কৰি বিভিন্নজনে ছ’চিয়েল মিডিয়াতো তেওঁ তীব্ৰ সমালোচনা কৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ