--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোলা টিনুবু। নাইজেৰিয়াত তেওঁক ৰাজনৈতিক ‘গডফাদাৰ’ বুলি কোৱা হয়। কৌশলগত দক্ষতা আৰু প্ৰভাৱৰ বাবে এই নামেৰে জনাজাত। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি হ’বলৈ তেওঁৰ উচ্চাকাংক্ষা আছিল আৰু ইয়াক লুকাই ৰখা নাছিল। আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশখনৰ ৭০ বছৰীয়া ৰাজনীতিবিদ বোলা টিনুবুৰ অৱশেষত জীৱনজোৰা লক্ষ্য পূৰণ কৰা হৈছে।

তেওঁ যোৱা ২৫ ফেব্ৰুৱাৰীত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল। তেওঁ অহা মে’ত দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব। টিনুবু নিৰ্বাচনত শাসনাধিষ্ঠিত অল প্ৰগ্ৰেছিভছ কংগ্ৰেছৰ (এপিচি) প্ৰাৰ্থী আছিল। তেওঁৰ দুজন প্ৰধান প্ৰতিদ্বন্দিয়ে নিৰ্বাচনত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, নিৰ্বাচনী বিষয়া আৰু এপিচিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লেও টিনুবুৰ স্বাস্থ্যৰ অৱস্থাকলৈও প্ৰশ্ন উঠিছে। দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। তৎস্বত্ত্বেও, তেওঁৱেই এতিয়া নাইজেৰিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ স্থান ল’বলৈ আগবাঢ়িছে।

টিনুবু দেশখনৰ লাগোছ ৰাজ্যৰ দুবাৰৰ গৱৰ্ণৰ। তেওঁ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি হ’বলৈ দীৰ্ঘদিন ধৰি কাম কৰিছে। সদ্যসমাপ্ত নিৰ্বাচনত তেওঁৰ শ্লোগান আছিল, ”এতিয়া মোৰ পাল’। নিৰ্বাচনত জয়ী হৈ তেওঁৰ প্ৰচেষ্টা সফল হয়।

টিনুবুৰ জন্ম নাইজেৰিয়াৰ লাগোছত এটা মুছলমান পৰিয়ালত হৈছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰিছিল। তেওঁ একাউণ্টিংত ডিগ্ৰী লাভ কৰিছে। তেওঁ কেইবাটাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীত কামো কৰিছিল। তেওঁ ১৯৮৩ চনত দেশলৈ উভতি আহিছিল।

টিনুবুৰ ৰাজনৈতিক কেৰিয়াৰ ১৯৯২ চনত আৰম্ভ হয়। তেওঁ প্ৰথমতে এজন সাধাৰণ ৰাজনৈতিক কৰ্মী আছিল।তেওঁ নাইজেৰিয়াত গণতান্ত্ৰিক শাসনৰ প্ৰত্যাৱৰ্তনৰ বাবে সংগ্ৰাম কৰিছিল। ইয়াৰ বাবে তেওঁ ১৯৯৪ চনত নিৰ্বাসিত হ’ব লগা হৈছিল। তেওঁ ১৯৯৮ চনত ঘৰলৈ উভতি আহিছিল।

টিনুবু লাগোছ ৱেষ্ট আসনৰ পৰা চিনেটৰ নিৰ্বাচিত হৈছিল। পিছত তেওঁ লাগোছ ৰাজ্যৰ গৱৰ্ণৰ হৈছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈ এই পদত অধিষ্ঠিত আছিল।

টিনুবুৰ ঘনিষ্ঠ সহযোগীসকলে তেওঁক এজন চতুৰ ৰাজনৈতিক ৰণনীতিবিদ হিচাপে বৰ্ণনা কৰিছে। তেওঁ গণতন্ত্ৰপন্থী এলায়েন্স ফৰ ডেমক্ৰেচীৰ সহ-প্ৰতিষ্ঠাপক আছিল। মিত্ৰজোঁটটো পিছত একচন কংগ্ৰেছ অফ নাইজেৰিয়ালৈ ৰূপান্তৰিত হৈছিল। ই বৰ্তমানৰ শাসকীয় দল এপিচি গঠনত সহায় কৰে।

টিনুবুৱে এপিচিৰ বিভিন্ন গোটক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২০১৫ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এপিচি প্ৰাৰ্থী বুহাৰীৰ বিজয়ত অৰিহণা যোগাইছিল। এপিচিত বুহাৰীৰ বিজয়ে নাইজেৰিয়াত পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ (পিডিপি) বাবে ১৬ বছৰৰ ক্ষমতাৰ সমাপ্তি ঘটাইছিল। ২০১৯ চনত বুহাৰীৰ পুনৰ নিৰ্বাচনত টিনুবুৰ ৰাজনৈতিক প্ৰভাৱেও এক ভূমিকা পালন কৰিছিল।

লাগোছৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকালত টিনুবুৱে নিজৰ ৰাজনৈতিক শক্তি একত্ৰিত কৰিবলৈ বিভিন্ন কাৰ্যকলাপ চলাইছিল। আনকি গৱৰ্ণৰৰ পদ ত্যাগ কৰাৰ পাছতো তেওঁৰ প্ৰভাৱ লাগোছত দেখা যায়। উত্তৰাধিকাৰী বাছনি কৰাতো তেওঁকে মুখ্য ভূমিকাত দেখা যায়।

টিনুবুৰ প্ৰভাৱৰ বাবে কিছুমান আগ্ৰহী লোক এই নিৰ্বাচনত দলৰ প্ৰাৰ্থী হ’ব নোৱাৰিলে। ফলস্বৰূপে, তেওঁলোকে টিনুবুৰ ওপৰত ক্ষুভিত হৈ পৰে।

টিনুবুৰ ৰাজনৈতিক আচৰণক স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। লাগোছ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ শিক্ষক ডাপো থমাছে কয় যে টিনুবুৱে দলটোৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিছে। তেওঁকে ধৰি তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে দলটো কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকৰ এক আক্ৰমণাত্মক মনোভাৱ আছে।

তেওঁক নাইজেৰিয়াৰ অন্যতম ধনী ৰাজনীতিবিদ হিচাপে গণ্য কৰা হয়। লাগোছৰ গৱৰ্ণৰ পদ ত্যাগ কৰাৰ পিছত টিনুবুৰ বিৰুদ্ধে দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ এক ডজনতকৈও অধিক বিদেশী বেংকত একাউণ্ট থকাৰ অভিযোগ আছে। অৱশ্যে তেওঁক কেতিয়াও আদালতত আনুষ্ঠানিকভাৱে অভিযুক্ত হোৱা নাই। তেওঁ তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ অস্বীকাৰ কৰিছে।

টিনুবুৰ সম্পদৰ উৎস অজ্ঞাত। অৱশ্যে তেওঁৰ মিডিয়া, বিমান ব্যৱস্থাপনা, শুল্ক পৰামৰ্শ, হোটেল, গৃহ নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত ব্যৱসায়িক উদ্যোগ আছে বুলি কোৱা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত