--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনত  যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাৰতীয় মূলৰ এগৰাকী ছাত্ৰৰ বিৰুদ্ধে। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত যুৱকজনৰ নাম প্ৰীত ভিকেল।

বাতৰি অনুসৰি, যোৱা বছৰৰ জুন মাহত তেওঁ যুৱতীগৰাকীক কাৰ্ডিফৰ নিজৰ ফ্লেটলৈ লৈ গৈ ধৰ্ষণ কৰিছিল বুলি কোৱা হৈছে। এটা নাইট ক্লাবত প্ৰীত আৰু নিৰ্যাতিতাৰ মাজত কথা-বতৰা হৈছিল। তেওঁলোকে দুটা পৃথক দলত তালৈ গৈছিল।

জানিব পৰা মতে, প্ৰচুৰ মদ্যপানৰ বাবে যুৱতীগৰাকী প্ৰায় অচেতন হৈ পৰে। এই অৱস্থাত ক্লাব এৰি যোৱাৰ সময়ত প্ৰীতে তেওঁক লগ পাইছিল। ইয়াৰ পিছত প্ৰীতে যুৱতীগৰাকীক তাৰ পৰা আঁতৰাই লৈ যায়।

আৰক্ষীৰ হাতলৈ আহিছে এটা ভিডিঅ’, য’ত তেওঁক কান্ধত হাত থৈ যুৱতীগৰাকীৰ সৈতে খোজ কাঢ়ি যোৱা দেখা গৈছে। সেই সময়ত যুৱতীগৰাকী প্ৰায় প্ৰীতৰ ওপৰত হালি পৰিছিল। আৰক্ষীয়ে দাবী কৰা মতে, ইয়াৰ পিছত প্ৰীতে তেওঁক নিজৰ ফ্লেটলৈ লৈ গৈ ধৰ্ষণ কৰে। আনকি সেই মুহূৰ্তৰ ফটো তুলি বন্ধুলৈও পঠিয়ায়।

আৰক্ষীৰ সন্মুখত ভাষ্য দিয়াৰ সময়ত নিৰ্যাতিতা যুৱতীগৰাকীয়ে কয় যে মদ্যপানৰ বাবে তেওঁ অচেতন হৈ থাকিলেও কি হৈছিল তেওঁ বুজিব পাৰে।

আৰক্ষীয়ে যুৱতীৰ এজাহাৰ লাভ কৰাৰ পিছতে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি প্ৰীত আৰু যুৱতীগৰাকীৰ ইনষ্টাগ্ৰামৰ চ্যাট পঢ়ি ভাৰতীয় মূলৰ প্ৰীতক চিনাক্ত কৰে। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ