--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনত  যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাৰতীয় মূলৰ এগৰাকী ছাত্ৰৰ বিৰুদ্ধে। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত যুৱকজনৰ নাম প্ৰীত ভিকেল।

বাতৰি অনুসৰি, যোৱা বছৰৰ জুন মাহত তেওঁ যুৱতীগৰাকীক কাৰ্ডিফৰ নিজৰ ফ্লেটলৈ লৈ গৈ ধৰ্ষণ কৰিছিল বুলি কোৱা হৈছে। এটা নাইট ক্লাবত প্ৰীত আৰু নিৰ্যাতিতাৰ মাজত কথা-বতৰা হৈছিল। তেওঁলোকে দুটা পৃথক দলত তালৈ গৈছিল।

জানিব পৰা মতে, প্ৰচুৰ মদ্যপানৰ বাবে যুৱতীগৰাকী প্ৰায় অচেতন হৈ পৰে। এই অৱস্থাত ক্লাব এৰি যোৱাৰ সময়ত প্ৰীতে তেওঁক লগ পাইছিল। ইয়াৰ পিছত প্ৰীতে যুৱতীগৰাকীক তাৰ পৰা আঁতৰাই লৈ যায়।

আৰক্ষীৰ হাতলৈ আহিছে এটা ভিডিঅ’, য’ত তেওঁক কান্ধত হাত থৈ যুৱতীগৰাকীৰ সৈতে খোজ কাঢ়ি যোৱা দেখা গৈছে। সেই সময়ত যুৱতীগৰাকী প্ৰায় প্ৰীতৰ ওপৰত হালি পৰিছিল। আৰক্ষীয়ে দাবী কৰা মতে, ইয়াৰ পিছত প্ৰীতে তেওঁক নিজৰ ফ্লেটলৈ লৈ গৈ ধৰ্ষণ কৰে। আনকি সেই মুহূৰ্তৰ ফটো তুলি বন্ধুলৈও পঠিয়ায়।

আৰক্ষীৰ সন্মুখত ভাষ্য দিয়াৰ সময়ত নিৰ্যাতিতা যুৱতীগৰাকীয়ে কয় যে মদ্যপানৰ বাবে তেওঁ অচেতন হৈ থাকিলেও কি হৈছিল তেওঁ বুজিব পাৰে।

আৰক্ষীয়ে যুৱতীৰ এজাহাৰ লাভ কৰাৰ পিছতে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি প্ৰীত আৰু যুৱতীগৰাকীৰ ইনষ্টাগ্ৰামৰ চ্যাট পঢ়ি ভাৰতীয় মূলৰ প্ৰীতক চিনাক্ত কৰে। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস