--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত পুৰুষ তথা মহিলাই এতিয়া চীনৰ এটা কোম্পানীত চাকৰি কৰি থাকিব নোৱাৰিব। কোম্পানীটোৱে এতিয়া পৰকীয়া প্ৰেমত জড়িতসকলৰ বাবে কঠোৰ নিয়ম কৰিছে। তেনে ঘটনা ধৰা পৰিলেই সংশ্লিষ্ট ব্যক্তিৰ  চাকৰি নাথাকিব।

 শেহতীয়াকৈ, চীনৰ এটা ব্যক্তিগত কোম্পানীয়ে কৰ্মচাৰীসকলৰ বাবে একে ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে "কৰ্পোৰেট সংস্কৃতিত, আমি পৰিয়ালৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত," । কোম্পানীটোৱে  পৰিয়ালৰ লগতে কৰ্মক্ষেত্ৰতো এক সুস্থ  পৰিৱেশ বজাই ৰখাৰ পোষকতা কৰিছে। অৱশ্যে  কোম্পানীটোৰ এনে  সিদ্ধান্তই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বহুতে এনে নিৰ্দেশনাৰ জড়িয়তে   ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে। 

৯ জুনত চীনৰ ঝেজিয়াং প্ৰদেশৰ এটা ব্যক্তিগত কোম্পানীয়ে এই নিৰ্দেশ জাৰি কৰি কয় যে তাত কাম কৰা কোনো কৰ্মচাৰীয়ে ব্যভিচাৰত লিপ্ত হ'ব নোৱাৰিব। নাম উল্লেখ কৰিব নিবিচৰা কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে  সংবাদ সংস্থাক কয় যে যদি পৰিয়ালত শান্তি আৰু স্থিৰতা থাকে, তেন্তে সেই কথা  কৰ্মক্ষেত্ৰত প্ৰতিফলিত হ'ব।কিছুমানে নিৰ্দেশনাটোৰ বিৰোধিতা কৰি কৈছে যে চীনৰ শ্ৰমিক আইনত ছাঁটাইৰ চৰ্তবোৰত এনে নিয়মৰ কথা অন্তৰ্ভুক্ত নহয়। সেয়েহে, তেওঁলোকে সেই নিৰ্দেশনা তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ