--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত পুৰুষ তথা মহিলাই এতিয়া চীনৰ এটা কোম্পানীত চাকৰি কৰি থাকিব নোৱাৰিব। কোম্পানীটোৱে এতিয়া পৰকীয়া প্ৰেমত জড়িতসকলৰ বাবে কঠোৰ নিয়ম কৰিছে। তেনে ঘটনা ধৰা পৰিলেই সংশ্লিষ্ট ব্যক্তিৰ  চাকৰি নাথাকিব।

 শেহতীয়াকৈ, চীনৰ এটা ব্যক্তিগত কোম্পানীয়ে কৰ্মচাৰীসকলৰ বাবে একে ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে "কৰ্পোৰেট সংস্কৃতিত, আমি পৰিয়ালৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত," । কোম্পানীটোৱে  পৰিয়ালৰ লগতে কৰ্মক্ষেত্ৰতো এক সুস্থ  পৰিৱেশ বজাই ৰখাৰ পোষকতা কৰিছে। অৱশ্যে  কোম্পানীটোৰ এনে  সিদ্ধান্তই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বহুতে এনে নিৰ্দেশনাৰ জড়িয়তে   ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে। 

৯ জুনত চীনৰ ঝেজিয়াং প্ৰদেশৰ এটা ব্যক্তিগত কোম্পানীয়ে এই নিৰ্দেশ জাৰি কৰি কয় যে তাত কাম কৰা কোনো কৰ্মচাৰীয়ে ব্যভিচাৰত লিপ্ত হ'ব নোৱাৰিব। নাম উল্লেখ কৰিব নিবিচৰা কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে  সংবাদ সংস্থাক কয় যে যদি পৰিয়ালত শান্তি আৰু স্থিৰতা থাকে, তেন্তে সেই কথা  কৰ্মক্ষেত্ৰত প্ৰতিফলিত হ'ব।কিছুমানে নিৰ্দেশনাটোৰ বিৰোধিতা কৰি কৈছে যে চীনৰ শ্ৰমিক আইনত ছাঁটাইৰ চৰ্তবোৰত এনে নিয়মৰ কথা অন্তৰ্ভুক্ত নহয়। সেয়েহে, তেওঁলোকে সেই নিৰ্দেশনা তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস