--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আমেৰিকাজ গট টেলেণ্ট'ৰ মঞ্চত গান গাই জনপ্ৰিয়তা অৰ্জন কৰা জেন মাৰ্কজেউস্কিৰ শনিবাৰে ৩১ বছৰ বয়সত মৃত্যু হয়। জেন হাঁওফাঁও, মেৰুদণ্ড আৰু যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। জেন মাৰ্কজেউস্কি 'নাইটবাৰ্ডি' নামেৰে জনপ্ৰিয় আছিল। জেন মাৰ্কজেউস্কিৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ সন্দৰ্ভত গভীৰ বেদনাৰ সৈতে এক বিবৃতি জাৰি কৰিছিল। পৰিয়ালে কৈছিল যে ''কৰ্কট ৰোগৰ সৈতে চাৰি বছৰীয়া যুঁজৰ অন্তত মৃত্যুক সাৱটি ল'লে জেনে। জেনৰ মৃত্যু আৰু এই অকল্পনীয় ক্ষতিত আমি আৰু আমাৰ পৰিয়াল বিধ্বস্ত হ'ল। এই বিষ অসহনীয়।'' উল্লেখ্য যে 'ইটছ অ'কে' নামৰ গীতেৰে সংগীত অনুৰাগীৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল জেন মাৰ্কজেভস্কিয়ে। জেন বহুত হাস্যমধুৰ আৰু ধেমেলিয়া স্বভাৱৰ আছিল। তেওঁ প্ৰতিটো অনুষ্ঠানতে ধেমেলীয়া ধৰণে কথা পাতিছিল, আনকি তেওঁৰ ওপৰতে কোনোবাই ধেমেলিয়া কথা কৈ থাকিলেও জেনে নিজৰ স্বভাৱসুলভ ধেমেলিয়া উত্তৰ দিছিল। এই কথাটো তেওঁৰ ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য আছিল। জেনৰ অকাল মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে। 'আমেৰিকাজ গট টেলেণ্ট'ৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জেন মাৰ্কজেউস্কিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই লিখিছিল "তেওঁৰ কণ্ঠস্বৰ, কাহিনী আৰু বাৰ্তাই লাখ লাখ লোকক স্পৰ্শ কৰিছিল।" "ৰেষ্ট ইন পিচ, জেন।" আৰু পঢ়কঃ বলীউডত খোজ পেলাবলৈ সাজু শ্বাহৰুখ কন্যা ছুহানা খান;ছবি পৰিচালনা কাৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক