--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আমেৰিকাজ গট টেলেণ্ট'ৰ মঞ্চত গান গাই জনপ্ৰিয়তা অৰ্জন কৰা জেন মাৰ্কজেউস্কিৰ শনিবাৰে ৩১ বছৰ বয়সত মৃত্যু হয়। জেন হাঁওফাঁও, মেৰুদণ্ড আৰু যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। জেন মাৰ্কজেউস্কি 'নাইটবাৰ্ডি' নামেৰে জনপ্ৰিয় আছিল। জেন মাৰ্কজেউস্কিৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ সন্দৰ্ভত গভীৰ বেদনাৰ সৈতে এক বিবৃতি জাৰি কৰিছিল। পৰিয়ালে কৈছিল যে ''কৰ্কট ৰোগৰ সৈতে চাৰি বছৰীয়া যুঁজৰ অন্তত মৃত্যুক সাৱটি ল'লে জেনে। জেনৰ মৃত্যু আৰু এই অকল্পনীয় ক্ষতিত আমি আৰু আমাৰ পৰিয়াল বিধ্বস্ত হ'ল। এই বিষ অসহনীয়।'' উল্লেখ্য যে 'ইটছ অ'কে' নামৰ গীতেৰে সংগীত অনুৰাগীৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল জেন মাৰ্কজেভস্কিয়ে। জেন বহুত হাস্যমধুৰ আৰু ধেমেলিয়া স্বভাৱৰ আছিল। তেওঁ প্ৰতিটো অনুষ্ঠানতে ধেমেলীয়া ধৰণে কথা পাতিছিল, আনকি তেওঁৰ ওপৰতে কোনোবাই ধেমেলিয়া কথা কৈ থাকিলেও জেনে নিজৰ স্বভাৱসুলভ ধেমেলিয়া উত্তৰ দিছিল। এই কথাটো তেওঁৰ ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য আছিল। জেনৰ অকাল মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে। 'আমেৰিকাজ গট টেলেণ্ট'ৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জেন মাৰ্কজেউস্কিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই লিখিছিল "তেওঁৰ কণ্ঠস্বৰ, কাহিনী আৰু বাৰ্তাই লাখ লাখ লোকক স্পৰ্শ কৰিছিল।" "ৰেষ্ট ইন পিচ, জেন।" আৰু পঢ়কঃ বলীউডত খোজ পেলাবলৈ সাজু শ্বাহৰুখ কন্যা ছুহানা খান;ছবি পৰিচালনা কাৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা