--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আশ্বৰ্যজনক! এজন ব্যক্তিৰ নাকৰ ভিতৰত ওলাল দাঁত ৷ উল্লেখ্য যে, ১২বছৰ ধৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছিল ব্যক্তিজনে৷ অৱশেষত চিকিৎসকৰ কাষ চাপে ব্যক্তিজন৷ কিন্তু বহু পৰীক্ষা-নিৰীক্ষাৰ পাছত অৱশেষত ওলাল ওৰহীৰ ওৰ৷ তেওঁৰ সোঁ-নাকৰ ভিতৰত চিকিৎসকে আৱিষ্কাৰ কৰিলে এটি দাঁতৰ বাঢ়ি অহা অংশ৷ ৩৮ বছৰীয়া যুৱকজনে পৰীক্ষকসকলক কৈছিল যে, এই অৱস্থাৰ বাবে তেওঁৰ মুখমণ্ডলৰ কোনো আঘাত বা অস্বাভাৱিকতা নাই৷ ৰাইন’স্কোপীৰ জৰিয়তে এই বিৰল ৰোগটো ধৰা পৰিছিল। পৰীক্ষাটোৱে প্ৰকাশ কৰিছিল যে অস্বাভাৱিকভাৱে তেওঁৰ সোঁ-নাকত এটা দাঁত বাঢ়ি আহিছিল। অস্বাভাৱিক ঘটনাটোৰ বিৱৰণ কৰিছিল চিকিৎসক সাগৰ খান্না আৰু চিকিৎসক মাইকেল টাৰ্ণাৰে৷ চিকিৎসকে যুটীয়াভাৱে কৈছিল যে, ‘নাকৰ শাৰীৰিক পৰীক্ষাত চেপ্টেল বিচ্যুতি, কেলচিফাইড চেপ্টেল স্পাৰ, আৰু পিছফালৰ চেপ্টামত ২ চেঃমিঃ ছিদ্ৰ দেখা গৈছিল। ৰাইন’স্কোপীৰ ক্ষেত্ৰত, সোঁ-নাকত এক কঠিন বগা ভৰ দেখা গৈছিল৷’ মৌখিক আৰু অ’টোলেৰিংগোলজিক অস্ত্ৰোপচাৰৰ সময়ত দাঁতটো নাকৰ পৰা এক অন্তঃনাসিক পদ্ধতিৰ জৰিয়তে আঁতৰ কৰা হৈছিল। চিকিৎসকসকলৰ মতে, ইয়াৰ দৈৰ্ঘ্য আছিল ১৪ মিঃমিঃ। অস্ত্ৰোপচাৰৰ তিনি মাহৰ পাছত যুৱকজনৰ নাকৰ সকলো সমস্যাৰ সমাধান হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক