--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আশ্বৰ্যজনক! এজন ব্যক্তিৰ নাকৰ ভিতৰত ওলাল দাঁত ৷ উল্লেখ্য যে, ১২বছৰ ধৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছিল ব্যক্তিজনে৷ অৱশেষত চিকিৎসকৰ কাষ চাপে ব্যক্তিজন৷ কিন্তু বহু পৰীক্ষা-নিৰীক্ষাৰ পাছত অৱশেষত ওলাল ওৰহীৰ ওৰ৷ তেওঁৰ সোঁ-নাকৰ ভিতৰত চিকিৎসকে আৱিষ্কাৰ কৰিলে এটি দাঁতৰ বাঢ়ি অহা অংশ৷ ৩৮ বছৰীয়া যুৱকজনে পৰীক্ষকসকলক কৈছিল যে, এই অৱস্থাৰ বাবে তেওঁৰ মুখমণ্ডলৰ কোনো আঘাত বা অস্বাভাৱিকতা নাই৷ ৰাইন’স্কোপীৰ জৰিয়তে এই বিৰল ৰোগটো ধৰা পৰিছিল। পৰীক্ষাটোৱে প্ৰকাশ কৰিছিল যে অস্বাভাৱিকভাৱে তেওঁৰ সোঁ-নাকত এটা দাঁত বাঢ়ি আহিছিল। অস্বাভাৱিক ঘটনাটোৰ বিৱৰণ কৰিছিল চিকিৎসক সাগৰ খান্না আৰু চিকিৎসক মাইকেল টাৰ্ণাৰে৷ চিকিৎসকে যুটীয়াভাৱে কৈছিল যে, ‘নাকৰ শাৰীৰিক পৰীক্ষাত চেপ্টেল বিচ্যুতি, কেলচিফাইড চেপ্টেল স্পাৰ, আৰু পিছফালৰ চেপ্টামত ২ চেঃমিঃ ছিদ্ৰ দেখা গৈছিল। ৰাইন’স্কোপীৰ ক্ষেত্ৰত, সোঁ-নাকত এক কঠিন বগা ভৰ দেখা গৈছিল৷’ মৌখিক আৰু অ’টোলেৰিংগোলজিক অস্ত্ৰোপচাৰৰ সময়ত দাঁতটো নাকৰ পৰা এক অন্তঃনাসিক পদ্ধতিৰ জৰিয়তে আঁতৰ কৰা হৈছিল। চিকিৎসকসকলৰ মতে, ইয়াৰ দৈৰ্ঘ্য আছিল ১৪ মিঃমিঃ। অস্ত্ৰোপচাৰৰ তিনি মাহৰ পাছত যুৱকজনৰ নাকৰ সকলো সমস্যাৰ সমাধান হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে