--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডায়েবেটিছ ৰোগ নিৰ্ণয়ৰ বাবে ব্লাড চুগাৰ টেষ্ট হৈছে আটাইতকৈ সঠিক আৰু সহজ উপায়। কিন্তু হাতৰ প্ৰতি মনোযোগ দিলেও ডায়েবেটিছ ধৰা পেলাব পাৰি। আচলতে যেতিয়া শৰীৰত তেজৰ চুগাৰৰ পৰিমাণ বেছি হ’বলৈ আৰম্ভ কৰে তেতিয়া হাতৰ ৰং আৰু ৰূপ সলনি হ’বলৈ আৰম্ভ কৰে। আমেৰিকান একাডেমী অৱ ডাৰ্মেট’লজি এছ’চিয়েশ্যনে (AAD) হাতত দেখা দিয়া ডায়েবেটিছৰ এই লক্ষণসমূহৰ বিষয়ে তথ্য প্ৰদান কৰিছে।

তেজত অনিয়ন্ত্ৰিত গ্লুক’জ থাকিলে ডায়েবেটিছ হয়।একাডেমী অৱ ডাৰ্মেট’লজি এছ’চিয়েশ্যনৰ মতে যদি হাতখনত বেলেগ ধৰণৰ চিন, টেক্সচাৰ বা ৰং দেখা দিয়ে, তেন্তে ই শৰীৰত তেজৰ চুগাৰৰ পৰিমাণ বেছি হোৱাৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছৰ এই লক্ষণসমূহ ওচৰৰ পৰা চিনি পাই আপুনি ডায়েবেটিছৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ডায়েবেটিছৰ বাবে হাতত কি কি লক্ষণ দেখা যায় জানো আহক।

১) হাতত হালধীয়া, ৰঙা বা বাদামী ৰঙৰ দাগ: ডায়েবেটিছ বৃদ্ধিৰ লগে লগে হাতত হালধীয়া, ৰঙা বা বাদামী ৰঙৰ দাগ থাকিব পাৰে। ডায়েবেটিছৰ এই লক্ষণসমূহ সৰু সৰু তথা একেবাৰে নগন্য ফোহা আৰম্ভ হয়। যিবোৰ সময়ৰ লগে লগে ফুলি উঠা আৰু কঠিন ছালৰ সৈতে ডাঙৰ ডাঙৰ হৈ পৰে। ইয়াক নেক্ৰ’বায়’ছিছ লিপ’ইডিকা অৱস্থা বুলি কোৱা হয়।

২) ছাল ক’লা হোৱা: ডায়েবেটিছৰ এই লক্ষণ বেছিভাগেই কঁকাল আৰু হাতত দেখা যায়। ইয়াত ছালৰ ৰং বেঙুনীয়া ৰঙৰ দৰে ক’লা হ’বলৈ আৰম্ভ কৰে। ছালৰ ৰঙৰ এই পৰিৱৰ্তন মানে তেজত ইনচুলিনৰ পৰিমাণ বাঢ়িছে। এইটো প্ৰি-ডায়েবেটিছৰ লক্ষণ, যাক Acanthosis Nigricans বুলিও কোৱা হয়।

৩) ডাঠ আৰু কঠিন ছালঃ যদি আপোনাৰ হাতৰ আঙুলিৰ চাৰিওফালে থকা ছালখন ডাঠ আৰু কঠিন হৈ আহিছে, তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। যাৰ নাম ডিজিটেল স্ক্লেৰচিছ। কিন্তু এই চিনটো হাতৰ তলুৱাৰ পিছফালে দেখা দিয়ে, য’ত আঙুলিবোৰ বেঁকা কৰাটো কঠিন হৈ পৰে। ডায়েবেটিছৰ বাবে আগবাহু আৰু ওপৰৰ বাহুৰ ছালখনো ডাঠ আৰু কঠিন হ’ব পাৰে।

৪) হাতৰ ফোহা: ডায়েবেটিছৰ বাবে হাতত ফোহা হোৱাটো এটা বিৰল লক্ষণ। কিন্তু কেতিয়াবা ডায়েবেটিছ ৰোগীৰ হাতত ডাঙৰ ডাঙৰ ফোহা ওলায়। দুটা বা তাতকৈ অধিক হ’ব পাৰে। কিন্তু এই আলচাৰবোৰে বিষৰ সৃষ্টি নকৰে।

৫) সংক্ৰমণঃ হাতত বাৰে বাৰে ছালৰ সংক্ৰমণ হ’লে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। কাৰণ, ই আপোনাৰ ডায়েবেটিছৰ বলি হোৱাৰ লক্ষণ হ’ব পাৰে। এই সংক্ৰমণৰ ফলত ছালত জ্বলা-পোৰা, ফুলা আৰু বিষ হয়। একে সময়তে সৰু সৰু পিম্পলৰ ক্ষেত্ৰতো খজুৱতি হ’ব পাৰে।

হাতত ডায়েবেটিছৰ অন্যান্য লক্ষণ
৬) ঘা আৰু ঘা নিৰাময় নোহোৱা
৭) স্পট পৰা
৮) সৰু হালধীয়া ৰঙৰ ফোহা
৯) হাতত ৰঙা দানা থকা দাগ
১০) ছাল অত্যধিক শুকান হোৱা
১১) চকুৰ পতাত হালধীয়া ৰঙৰ দাগ থকা
১২) ছালৰ টেগ (উফি) ইত্যাদি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক