ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ নাথাকে নাৰীৰ ইতিহাস। আধুনিক যুগৰ নাৰী এতিয়া সক্ৰিয়। আহোম ৰাজত্ব কালত ৰাণী ফুলেশ্বৰীৰ ভূমিকাৰ কথা সোঁৱৰে ইতিহাসে। সতী জয়মতীয়ে বৰ অসমক শাসন নকৰিলেও আহোম ৰাজত্ব কালত কৰা চৰম ত্যাগ বুৰঞ্জীৰ পাতে পাতে খোদিত হৈ আছে। মূলা গাভৰুৰ দৰে সাহসী মহিলাই শত্ৰুৰ বিৰুদ্ধে বীৰদৰ্পে যুঁজ দিছিল এইখন অসমতে। ভৌগোলিক আৰু লিংগ জৰীপ অনুসৰি পৃথিৱীত পুৰুষৰ বিপৰীতে সম-সংখ্যক মহিলাৰ অৱস্থিতি যদিও পুৰুষ শাসিত সমাজ এখনত লিংগ বৈষম্যৰ বলি হৈ আহিছে দেশৰ মহিলা। পুৰুষতান্ত্ৰিক সমাজ এখনৰ মহিলাক কেৱল সন্তান উৎপাদনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি থকা বুলিও আছে নানা অভিযোগ। ইয়াৰ মাতে দেশৰ মহিলা এতিয়া কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই। পুৰুষৰ সমান্তৰালকৈ খোজত খোজ মিলাই দোপতদোপে আগবাঢ়ি গৈছে দেশৰ মহিলা। নিজ হাতে বাট কাটি লৈছে আধুনিক যুগৰ প্ৰতিগৰাকী সাহসী নাৰীয়ে।
শিল্প, কলা, বিজ্ঞান, প্ৰযুক্তিক কেৱল চুই চোৱাই নহয় দিছেহি নতুনৰ তীক্ষ্ণ শান। প্ৰতিটো ক্ষেত্ৰতে নিজকে সহজ কৰি তোলাৰ লক্ষ্যৰে দেশৰ মহিলাই আগবাঢ়িছে অবিৰাম। দেশবাসীৰ বাবে স্বাভাৱকিতে এয়া এক শুভ লক্ষণ, গৌৰৱৰ বিষয়। গুজৰাটৰ চুৰাটত বাস কৰা কৃষক কন্যাৰ অনাকাংক্ষিত সাফল্যই দেশবাসীক কৰিছে অনুপ্ৰাণিত, উত্সাহিত আৰু গৌৰৱান্বিত। দুৰ্বাৰ হেঁপাহ, কঠোৰ অধ্যাৱসায়, নিৰন্তৰ প্ৰচেষ্টা আৰু সংগ্ৰামেৰে জীৱন যুঁজত জয়ী হোৱাৰ স্বপ্নক বাস্তৱ ৰূপ দিছে আজিৰ নাৰীয়ে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা উপযুক্ত প্ৰশিক্ষণ লৈ দেশলৈ ওভতা কৃষক কন্যাৰ অভিলেখ। দেশৰ আটাইতকৈ কম বয়সীয়া বাণিজ্যিক বিমানৰ পাইলট হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে সাহসী কন্যা মৈত্ৰী পেটেলে। অনুপ্ৰেৰণাৰ অম্লান নিচান এইগৰাকী মৈত্ৰী পেটেলৰ প্ৰসংগই মুকলি কৰিছে নতুন চিন্তাৰ বাট।
লক্ষ্য লস্থিৰ থাকলি যে কোনো বাধাৰ প্ৰাচীৰে বাট ভেটি ধৰিব নোৱাৰে তাকে আকৌ এবাৰ প্ৰমাণ কৰি দিলে মৈত্ৰী পেটেলে। সংগ্ৰামৰ পূৰ্বানুমান পোৱাৰ পাছতো কক্ষচ্যুত হোৱা নাছিল মৈত্ৰীয়ে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা উপযুক্ত প্ৰশিক্ষণ গ্ৰহণৰ পাছতে ১৯বছৰীয়া কৃষক কন্যাই দেশৰ আটাইতকৈ কম বয়সীয়া বাণিজ্যিক পাইলটৰ অনুমোদন লাভ কৰিছে।মাত্ৰ ১১মাহৰ প্ৰশিক্ষণ লৈয়ে পাইলটৰ যোগ্যতা অৰ্জন কৰা মৈত্ৰী পেটেলে এতিয়া দৃষ্টি কাঢ়িছে দেশবাসীৰ।
জানিবলৈ পোৱা মতে, সৰুৰে পৰাই মৈত্ৰীয়ে সপোন দেখিছিল পাইলট হোৱাৰ। কৃষক কন্যাৰ এই সপোনৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে। বাণিজি্যক বিমান উড়োৱাৰ উদ্দ্যেশ্যে প্ৰশিক্ষণ ল’বলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ৰাওনা হৈছিল মৈত্ৰীয়ে। মৈত্ৰীৰ পিতৃ পেছাত এজন কৃষক আৰু চুৰাট পৌৰ নিগমৰ কৰ্মচাৰী। পাইলট হ'বলৈ এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ সাধাৰণতে ১৮ মাহ সময় লাগে। কিন্তু মৈত্ৰীৰ দক্ষতাৰ বাবে মাত্ৰ ১১ মাহতে পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰে মৈত্ৰীয়ে।
ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, মৈত্ৰীয়ে পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতে পিতৃক আমেৰিকালৈ লৈ গৈছিল। তাৰ পিছত, মৈত্ৰীয়ে প্ৰায় ৩৫,০০০ ফুট উচ্চতাত উৰা মাৰি পিতৃৰ স্বপ্নপূৰণ কৰিছিল মৈত্ৰীয়ে। জীয়ৰীৰ সাফল্যত উচ্ছসিত, গৌৰৱান্বিত মাতৃ ৰেখা পেটেলে কয়, মৈত্ৰীক লৈ আামৰ পৰিয়ালটো ইমানেই সুখী যে তাইক 'শ্ৰাৱণ' নাম দিয়া হৈছে।
জীয়ৰীক লৈ গৌৰৱান্বিত পিতৃ কান্তি পেটেলে কয়, ‘পাইলট জীয়ৰীৰ বিমানত উৰা মৰাৰ বৰ হেঁপাহ আছিল আমাৰ। মৈত্ৰীয়ে আমাৰ সপোন পূৰ কৰিলে।এগৰাকী পিতৃ হিচাপে আৰু কি আশা কৰিব পাৰো! এইবাৰ, মৈত্ৰীয়ে ভাৰতীয় ষ্টেণ্ডাৰ্ড প্ৰশিক্ষণ ল'ব লাগিব। তেতিয়াহে মৈত্ৰীয়ে ভাৰতত উৰা মাৰিবলৈ অনুজ্ঞাপত্ৰ লাভ কৰিব। '
জীয়েকৰ শিক্ষাৰ বাবে মাটি বিক্ৰী কৰিছিল পিতৃয়ে। শিক্ষাৰ বাবে বেংকৰ পৰাও ঋণ নাপালে মৈত্ৰীয়ে। উপায়ন্তৰ হৈ কৃষক পিতৃয়ে খেতিৰ মাটি বিক্ৰী কৰি কন্যাৰ স্বপ্নপূৰণৰ বাবে উঠি-পৰি লাগিছিল পিতৃয়ে। আজি সেইগৰাকী কৃষকৰ হৃদয় নামৰ পথাৰখনত জীয়ৰীয়ে ছটিয়াই দিছে শইছ সোণোৱালী হাঁহি। জীয়ৰীৰ সাফল্যত্সৱত ৰজনজনাই উঠিছে ঘৰৰ চৌদিশ।পৰিয়ালৰ মুখত বিৰিঙিছে অমিয়া হাঁহি।
মন কৰিবলগীয়া যে, সমাজত নাৰীৰ সৰ্বোত্তোপ্ৰকাৰৰ বিকাশৰ অবিহনে সমাজৰ স্বাভাৱিক গতি অসম্ভৱ প্ৰায়! নাৰীৰ অৱহেলিত অৱস্থাৰ প্ৰধান কাৰক হিচাপে বিবেচিত হৈ আহিছে আমাৰ সমাজ ব্যৱস্থা। সেই কথা প্ৰতীয়মান হৈ আহিছে সমসাময়িক সমাজত। প্ৰাক-স্বাধীন কালত অথবা স্বাধীনোত্তৰ কালত ৰচিত সাহিত্যৰাজিবোৰতো তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত মহিলাৰ অংশগ্ৰহণ প্ৰতিটো ক্ষেত্ৰতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আধুনিক সমাজৰ বাবে মহিলাৰ সৱলীকৰণত ই এক বিশেষ উল্লেখনীয় ভূমিকা পালন কৰাৰ পোষকতা সচেতন নাগৰিকৰ।