--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমৰ উজালা বাতৰি-কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগ্বিজয় সিং শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে। সাংবাদিকগৰাকীক বৰ্তমান আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু অভিযোগ অনুসৰি ইউপি ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকত কেনেকৈ লিক হৈছিল সেই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছিল সাংবাদিকগৰাকীয়ে। আনকি তেওঁক গ্ৰেপ্তাৰৰ সময়তো আৰক্ষীয়ে লৈ যোৱাৰ সময়তো, তেওঁ প্ৰশাসনক দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ কৰিছে।

আৰক্ষীয়ে বালিয়াৰ পৰা তিনিজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে, যিয়ে ইউপি ব’ৰ্ডৰ মধ্যৱৰ্তী ইংৰাজী প্ৰশ্নকাকত লিক হোৱাৰ বাতৰি পৰিৱেশন কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৩০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে অমৰ উজালাৰ সাংবাদিক দিগ্বিজয় সিং আৰু অজিত কুমাৰ ওজাক বালিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হোৱা সমগ্ৰ ঘটনা  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


বুধবাৰে, দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত উত্তৰ প্ৰদেশ ব’ৰ্ডত লিক কৰা হৈছিল, ইয়াৰ পাছতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰীক্ষা তাৎক্ষণিকভাৱে বাতিল কৰে।

বালিয়াৰ বিদ্যালয়সমূহৰ জিলা পৰিদৰ্শককো গোচৰটোত নিলম্বিত কৰা হৈছিল, পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়ালৈকে তেওঁৰ লগতে মুঠ ২২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত আছে তিনিজন সাংবাদিক–অজিত কুমাৰ ওজা, দিগ্বিজয় সিং আৰু মনোজ গুপ্তা। সাংবাদিক অজিত ওজা বালিয়াৰ এজন সংবাদদাতা আৰু শিক্ষা বিভাগৰ বাতৰি তেওঁ ক’ভাৰ কৰে। তেওঁ কৈছিল যে অমৰ উজালাই প্ৰথমে হাইস্কুলৰ সংস্কৃত আৰু তাৰ পাছত ইংৰাজী অফ ইণ্টাৰমিডিয়েটৰ প্ৰশ্নকাকত লিক হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল। লিক হোৱা প্ৰশ্নকাকতখন ইণ্টাৰনেটত ভাইৰেল হৈছিল আৰু তাৰ পৰাই সংবাদ সংস্থাটোৱে লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী