--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমৰ উজালা বাতৰি-কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগ্বিজয় সিং শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে। সাংবাদিকগৰাকীক বৰ্তমান আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু অভিযোগ অনুসৰি ইউপি ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকত কেনেকৈ লিক হৈছিল সেই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছিল সাংবাদিকগৰাকীয়ে। আনকি তেওঁক গ্ৰেপ্তাৰৰ সময়তো আৰক্ষীয়ে লৈ যোৱাৰ সময়তো, তেওঁ প্ৰশাসনক দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ কৰিছে।

আৰক্ষীয়ে বালিয়াৰ পৰা তিনিজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে, যিয়ে ইউপি ব’ৰ্ডৰ মধ্যৱৰ্তী ইংৰাজী প্ৰশ্নকাকত লিক হোৱাৰ বাতৰি পৰিৱেশন কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৩০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে অমৰ উজালাৰ সাংবাদিক দিগ্বিজয় সিং আৰু অজিত কুমাৰ ওজাক বালিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হোৱা সমগ্ৰ ঘটনা  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


বুধবাৰে, দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত উত্তৰ প্ৰদেশ ব’ৰ্ডত লিক কৰা হৈছিল, ইয়াৰ পাছতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰীক্ষা তাৎক্ষণিকভাৱে বাতিল কৰে।

বালিয়াৰ বিদ্যালয়সমূহৰ জিলা পৰিদৰ্শককো গোচৰটোত নিলম্বিত কৰা হৈছিল, পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়ালৈকে তেওঁৰ লগতে মুঠ ২২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত আছে তিনিজন সাংবাদিক–অজিত কুমাৰ ওজা, দিগ্বিজয় সিং আৰু মনোজ গুপ্তা। সাংবাদিক অজিত ওজা বালিয়াৰ এজন সংবাদদাতা আৰু শিক্ষা বিভাগৰ বাতৰি তেওঁ ক’ভাৰ কৰে। তেওঁ কৈছিল যে অমৰ উজালাই প্ৰথমে হাইস্কুলৰ সংস্কৃত আৰু তাৰ পাছত ইংৰাজী অফ ইণ্টাৰমিডিয়েটৰ প্ৰশ্নকাকত লিক হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল। লিক হোৱা প্ৰশ্নকাকতখন ইণ্টাৰনেটত ভাইৰেল হৈছিল আৰু তাৰ পৰাই সংবাদ সংস্থাটোৱে লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস