--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ পাট্টায়াত এটা অতি আমোদজনক ঘটনা ঘটিছে। এজন লোকে  চুলি কটোৱাবলৈ  নাপিতৰ দোকানলৈ গৈছিল।  কিন্তু  লোকজনৰ চুলি  নাপিতে  বেয়াকৈ কটা বুলি লোকজনে অভিযোগ কৰিবলৈ ধৰে। খঙতে লোকজনে নাপিতজনৰে মুণ্ডন কৰি দিয়ে।

 এই ঘটনাই এতিয়া থাইলেণ্ডবাসীক বেছ আমোদৰ খোৰাক যোগাইছে। এক কথাত ক’বলৈ গ’লে  কেতিয়াবা নাপিতেও ভুল কৰে। ফলত চুলি কটোৱাবলৈ যোৱাজনৰ  চুলিৰ ষ্টাইল  নষ্ট হয়। এনে ঘটনাত  সাধাৰণতে মানুহে তেনে ঘটনাক উপেক্ষা কৰি ঘৰলৈ উভতি আহে, কিন্তু থাইলেণ্ডত চলু কটোৱাবলৈ যোৱা লোকজনে তেনে নকৰিলে। ৰাছিয়াৰ এজন লোকে থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল আৰু এই সময়ছোৱাত তেওঁ স্থানীয় নাপিতৰ এজনৰ ওচৰলৈ চুলি কটোৱাবলৈ গৈছিল। 

কিন্তু  তেওঁ নাপিতৰ চুলি কটাত  সুখী নাছিল, সেয়ে তেওঁৰ খং উঠিছিল।  তাৰ পিছতে তেওঁ খঙৰ ভমকত  নাপিজনৰে  মুণ্ডন কৰি দিয়ে।  এই অদ্ভুত ঘটনাটো কেমেৰাত ধৰা পৰিছে। ঘটনাটোৰ দৃশ্য  থাইলেণ্ডৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি নাপিতে জনে লোকজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত  অভিযোগ দাখিল কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন