--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেটিং এপত এগৰাকী যুৱতীয়ে চিনাকি হ’ল এজন যুৱকৰ সৈতে। ৩১ বছৰীয়া যুৱতীগৰাকীৰ নাম জেকলিন এডেছ। ডেটিং এপতে কথা-বতৰা পাতি এদিন দুয়ো লগ হোৱাৰ সিদ্ধান্ত ল’লে। জেকলিনক লগ পোৱাৰ পাছত যুৱকজনে সিদ্ধান্ত ল’লে যে তেওঁ আৰু কেতিয়াও জেকলিনক লগ নকৰে। জেকলিনক লগ পাই যুৱকজনৰ একো ভাল নালাগিল। জেকলিনৰ লগত সম্পৰ্ক আগবঢ়োৱাৰ কোনো আগ্ৰহ নজন্মিল যুৱকজনৰ মনত। 

যুৱকজনে যেতিয়া জেকলিনক তেওঁৰ পৰা আঁতৰি থাকিবলৈ ক’লে তেতিয়া জেকলিন খঙত উতলা হৈ পৰিল। যুৱতীগৰাকীয়ে যুৱকজনক ১ লাখ ৫৯ হাজাৰৰো অধিক টেক্সট মেছেজ প্ৰেৰণ কৰে। য’ত হিংসাত্মক আৰু বিৰক্তিকৰ মেছেজো আছিল।

যুৱকজনে আৰক্ষীক জনোৱা মতে জেকলিনে তেওঁক বহুত ভাবুকিৰে ভৰা মেছেজ প্ৰেৰণ কৰিছিল। য’ত লিখা আছিল ‘‘মই তোমাৰ কিডনীৰে চুচি আৰু তোমাৰ হাড়ৰ পৰা চপষ্টিক বনাম।’’ এটা মেছেজত লিখা আছিল ‘‘তোমাৰ তেজেৰে মোৰ গা ধুব মন গৈছে।’’ আন এটা মেছেজত জেকলিনে লিখিছিল- ‘‘তুমি যি বিচাৰা তাকে কৰিব পাৰা কিন্তু মোক এৰি যাবলৈ কেতিয়াও চেষ্টা নকৰিবা, মই তোমাক মাৰি পেলাম।’’ 

এদিন ঘৰৰ চিচিটিভি পৰীক্ষা কৰি থকা অৱস্থাত হঠাতে ঘৰৰ বাহিৰত জেকলিনক থিয় হৈ থকা দেখা পায় যুৱকজনে। ইয়াৰ পাছতে তেওঁ লগে লগে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। লগে লগে আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত জেকলিনৰ গাড়ীত তালাচী চলোৱা হয়, য’ত এখন ডাঙৰ কচাইৰ দা উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ ‘মানসিক ৰোগৰ লক্ষণ’ থকাৰ ইংগিত পায়। জিম্মাত লোৱাৰ পাছত জেকলিনে আৰক্ষীক কয় যে ‘‘যুৱকজনক আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল। ধমকিৰে ভৰা মেছেজবোৰ ধেমালি কৰিহে দিয়া হৈছিল। মই কেতিয়াও ভবা নাছিলোঁ যে তেওঁ ভয় খাব।’’

বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে জেকলিন। ঘটনাটো আমেৰিকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...