--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেটিং এপত এগৰাকী যুৱতীয়ে চিনাকি হ’ল এজন যুৱকৰ সৈতে। ৩১ বছৰীয়া যুৱতীগৰাকীৰ নাম জেকলিন এডেছ। ডেটিং এপতে কথা-বতৰা পাতি এদিন দুয়ো লগ হোৱাৰ সিদ্ধান্ত ল’লে। জেকলিনক লগ পোৱাৰ পাছত যুৱকজনে সিদ্ধান্ত ল’লে যে তেওঁ আৰু কেতিয়াও জেকলিনক লগ নকৰে। জেকলিনক লগ পাই যুৱকজনৰ একো ভাল নালাগিল। জেকলিনৰ লগত সম্পৰ্ক আগবঢ়োৱাৰ কোনো আগ্ৰহ নজন্মিল যুৱকজনৰ মনত। 

যুৱকজনে যেতিয়া জেকলিনক তেওঁৰ পৰা আঁতৰি থাকিবলৈ ক’লে তেতিয়া জেকলিন খঙত উতলা হৈ পৰিল। যুৱতীগৰাকীয়ে যুৱকজনক ১ লাখ ৫৯ হাজাৰৰো অধিক টেক্সট মেছেজ প্ৰেৰণ কৰে। য’ত হিংসাত্মক আৰু বিৰক্তিকৰ মেছেজো আছিল।

যুৱকজনে আৰক্ষীক জনোৱা মতে জেকলিনে তেওঁক বহুত ভাবুকিৰে ভৰা মেছেজ প্ৰেৰণ কৰিছিল। য’ত লিখা আছিল ‘‘মই তোমাৰ কিডনীৰে চুচি আৰু তোমাৰ হাড়ৰ পৰা চপষ্টিক বনাম।’’ এটা মেছেজত লিখা আছিল ‘‘তোমাৰ তেজেৰে মোৰ গা ধুব মন গৈছে।’’ আন এটা মেছেজত জেকলিনে লিখিছিল- ‘‘তুমি যি বিচাৰা তাকে কৰিব পাৰা কিন্তু মোক এৰি যাবলৈ কেতিয়াও চেষ্টা নকৰিবা, মই তোমাক মাৰি পেলাম।’’ 

এদিন ঘৰৰ চিচিটিভি পৰীক্ষা কৰি থকা অৱস্থাত হঠাতে ঘৰৰ বাহিৰত জেকলিনক থিয় হৈ থকা দেখা পায় যুৱকজনে। ইয়াৰ পাছতে তেওঁ লগে লগে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। লগে লগে আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত জেকলিনৰ গাড়ীত তালাচী চলোৱা হয়, য’ত এখন ডাঙৰ কচাইৰ দা উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ ‘মানসিক ৰোগৰ লক্ষণ’ থকাৰ ইংগিত পায়। জিম্মাত লোৱাৰ পাছত জেকলিনে আৰক্ষীক কয় যে ‘‘যুৱকজনক আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল। ধমকিৰে ভৰা মেছেজবোৰ ধেমালি কৰিহে দিয়া হৈছিল। মই কেতিয়াও ভবা নাছিলোঁ যে তেওঁ ভয় খাব।’’

বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে জেকলিন। ঘটনাটো আমেৰিকাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ