--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱৰাত্ৰিত মানুহে দেৱী দুৰ্গাক পূজা কৰি ব্ৰত পালন কৰে। উপবাসৰ সময়ত সাত্বিক খাদ্য গ্ৰহণ কৰা হয় য’ত শস্য, ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয়। যিসকলে ব্ৰত নাৰাখে, তেওঁলোকৰ মাজৰ অনেক লোকেই কেৱল সাত্বিক খাদ্যহে গ্ৰহণ কৰে। বহু লোকেই নৱৰাত্ৰিত নিৰামিষ আহাৰ খায়, আনকি পিঁয়াজ-নহৰুও নাখায়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু সেৱন কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু খোৱাটো কিয় নিষিদ্ধ কৰা হৈছে জানেনে? জানো আহক ইয়াৰ আঁৰত থকা ধাৰ্মিক কাৰণ।

হিন্দু পুৰাণ অনুসৰি নৱৰাত্ৰিত পিয়াঁজ, নহৰু ব্যৱহাৰ কৰিব নালাগে বা ইয়াৰ পৰা তৈয়াৰী খাদ্য সেৱন কৰিব নালাগে। পৌৰাণিক আখ্যান অনুসৰি যেতিয়া সাগৰত দেৱতা আৰু অসুৰে মন্থন কৰি আছিল, তেতিয়া তাত ৯টা ৰত্ন ওলাল আৰু শেষত অমৃত ওলাল। ইয়াৰ পাছত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃত প্ৰদান কৰিবলৈ আৰম্ভ কৰে। 

তাৰপাছত স্বৰভানু নামৰ এটা অসুৰে দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ লগতে বহি অমৃত পান কৰে। দেৱতাসকলে অমৰ হোৱাৰ মানসেৰে অমৃত কলহ উদ্ধাৰ কৰিছিল। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা জনায়। লগে লগে মোহিনীৰূপী বিষ্ণুৱে অমৃত স্বৰভানুৰ ডিঙি পাৰ হ'বলৈ নাপাওঁ‌তেই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰশ্ছেদ কৰে। অমৃতৰ স্পৰ্শ পোৱাৰ বাবে স্বৰভানুৰ শিৰ অংশই ৰাহু আৰু বাকী দেহাংশই কেতু নাম পাই গ্ৰহত পৰিণত হয়। ইতিমধ্যে অমৃতৰ স্পৰ্শ পোৱাত ৰাহু-কেতু অমৰ হৈ পৰে। স্বৰভানুৰ শিৰ অংশ ৰাহু নামেৰে আৰু গা অংশ কেতু নামেৰে পৰিচিত হৈ পৰে।

বিশ্বাস কৰা হয় যে যেতিয়া স্বৰভানুৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰা হৈছিল তেতিয়া তেওঁৰ কেইটোপালমান তেজ মাটিত পৰিছিল আৰু তাৰ পৰাই নহৰু, পিঁয়াজৰ উৎপত্তি হৈছিল। সেইবাবেই পিঁয়াজ আৰু নহৰুৰ গোন্ধ উগ্ৰ। লগতে বিশ্বাস কৰা হয় যে ৰাহু-কেতুৰ দেহত অমৃতৰ টোপাল থকাৰ বাবে  ইহঁতৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে।

তদুপৰি কোৱা হয় যে পিয়াঁজ আৰু নহৰুৰ অত্যধিক ব্যৱহাৰৰ বাবে মানুহৰ মন ধৰ্মৰ পৰা বিচলিত হৈ আন কাম কৰিবলৈ আৰম্ভ কৰে। পুৰাণত পিঁয়াজ আৰু নহৰুক ৰাজসিক আৰু তামসিক বুলি ধৰা হৈছে। কোৱা হয় যে তামসিক আৰু ৰাজসিক গুণ বৃদ্ধি হোৱাৰ ফলত মানুহৰ অজ্ঞানতা বৃদ্ধি পায়, সেইবাবেই সদায় সাত্বিক খাদ্য খোৱাৰ উপদেশ দিয়া হয় যাতে তেওঁৰ মন ধৰ্মত নিয়োজিত হৈ থাকে। মাংস-মাছ, পিয়াঁজ, নহৰু আদি তামসিক খাদ্যক আসুৰিক প্ৰকৃতিৰ খাদ্য বোলা হয়। যাৰ বাবে অশান্তি, ৰোগ আৰু চিন্তা ঘৰত প্ৰৱেশ কৰে, সেয়েহে হিন্দু ধৰ্মৰ ধৰ্মীয় কাম-কাজত পিঁয়াজ-নহৰু খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ