--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱৰাত্ৰিত মানুহে দেৱী দুৰ্গাক পূজা কৰি ব্ৰত পালন কৰে। উপবাসৰ সময়ত সাত্বিক খাদ্য গ্ৰহণ কৰা হয় য’ত শস্য, ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয়। যিসকলে ব্ৰত নাৰাখে, তেওঁলোকৰ মাজৰ অনেক লোকেই কেৱল সাত্বিক খাদ্যহে গ্ৰহণ কৰে। বহু লোকেই নৱৰাত্ৰিত নিৰামিষ আহাৰ খায়, আনকি পিঁয়াজ-নহৰুও নাখায়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু সেৱন কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু খোৱাটো কিয় নিষিদ্ধ কৰা হৈছে জানেনে? জানো আহক ইয়াৰ আঁৰত থকা ধাৰ্মিক কাৰণ।

হিন্দু পুৰাণ অনুসৰি নৱৰাত্ৰিত পিয়াঁজ, নহৰু ব্যৱহাৰ কৰিব নালাগে বা ইয়াৰ পৰা তৈয়াৰী খাদ্য সেৱন কৰিব নালাগে। পৌৰাণিক আখ্যান অনুসৰি যেতিয়া সাগৰত দেৱতা আৰু অসুৰে মন্থন কৰি আছিল, তেতিয়া তাত ৯টা ৰত্ন ওলাল আৰু শেষত অমৃত ওলাল। ইয়াৰ পাছত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃত প্ৰদান কৰিবলৈ আৰম্ভ কৰে। 

তাৰপাছত স্বৰভানু নামৰ এটা অসুৰে দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ লগতে বহি অমৃত পান কৰে। দেৱতাসকলে অমৰ হোৱাৰ মানসেৰে অমৃত কলহ উদ্ধাৰ কৰিছিল। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা জনায়। লগে লগে মোহিনীৰূপী বিষ্ণুৱে অমৃত স্বৰভানুৰ ডিঙি পাৰ হ'বলৈ নাপাওঁ‌তেই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰশ্ছেদ কৰে। অমৃতৰ স্পৰ্শ পোৱাৰ বাবে স্বৰভানুৰ শিৰ অংশই ৰাহু আৰু বাকী দেহাংশই কেতু নাম পাই গ্ৰহত পৰিণত হয়। ইতিমধ্যে অমৃতৰ স্পৰ্শ পোৱাত ৰাহু-কেতু অমৰ হৈ পৰে। স্বৰভানুৰ শিৰ অংশ ৰাহু নামেৰে আৰু গা অংশ কেতু নামেৰে পৰিচিত হৈ পৰে।

বিশ্বাস কৰা হয় যে যেতিয়া স্বৰভানুৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰা হৈছিল তেতিয়া তেওঁৰ কেইটোপালমান তেজ মাটিত পৰিছিল আৰু তাৰ পৰাই নহৰু, পিঁয়াজৰ উৎপত্তি হৈছিল। সেইবাবেই পিঁয়াজ আৰু নহৰুৰ গোন্ধ উগ্ৰ। লগতে বিশ্বাস কৰা হয় যে ৰাহু-কেতুৰ দেহত অমৃতৰ টোপাল থকাৰ বাবে  ইহঁতৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে।

তদুপৰি কোৱা হয় যে পিয়াঁজ আৰু নহৰুৰ অত্যধিক ব্যৱহাৰৰ বাবে মানুহৰ মন ধৰ্মৰ পৰা বিচলিত হৈ আন কাম কৰিবলৈ আৰম্ভ কৰে। পুৰাণত পিঁয়াজ আৰু নহৰুক ৰাজসিক আৰু তামসিক বুলি ধৰা হৈছে। কোৱা হয় যে তামসিক আৰু ৰাজসিক গুণ বৃদ্ধি হোৱাৰ ফলত মানুহৰ অজ্ঞানতা বৃদ্ধি পায়, সেইবাবেই সদায় সাত্বিক খাদ্য খোৱাৰ উপদেশ দিয়া হয় যাতে তেওঁৰ মন ধৰ্মত নিয়োজিত হৈ থাকে। মাংস-মাছ, পিয়াঁজ, নহৰু আদি তামসিক খাদ্যক আসুৰিক প্ৰকৃতিৰ খাদ্য বোলা হয়। যাৰ বাবে অশান্তি, ৰোগ আৰু চিন্তা ঘৰত প্ৰৱেশ কৰে, সেয়েহে হিন্দু ধৰ্মৰ ধৰ্মীয় কাম-কাজত পিঁয়াজ-নহৰু খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ