--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান ঘৰত স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয়, যাৰ ফলত ঘৰৰ পৰিৱেশ অশান্তিকৰ হৈ পৰে। কেতিয়াবা এই কাজিয়াবোৰ ইমানেই বাঢ়ি যায় যে স্বামী-স্ত্ৰীৰ সম্পৰ্কত ফাঁট মেলে। মানুহৰ ভুলৰ লগতে বাস্তুৰ দোষো এই কাজিয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যি ঘৰত শান্তি থাকে সেই ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে। ঘৰত শান্তি বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি ঘৰত বাস্তুৰ দোষ হয় তেন্তে অতি সোনকালে সেয়া শুধৰোৱাটো অতি প্ৰয়োজনীয়।

বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি কৰিলে কাজিয়া নোহোৱা হ'ব জানো আহক

১)ঘৰৰ মন্দিৰ বা থাপনা পৰিষ্কাৰ কৰি ৰাখক

বাস্তুশাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পূজা স্থান পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ বাহিৰেও ঘৰৰ মন্দিৰত দেৱতাৰ ছবি বা মূৰ্তি মুখামুখিকৈ ​​ৰাখিব নালাগে। যি ঘৰত এনে হয় সেই ঘৰৰ সদস্যসকলৰ মাজত কেতিয়াও কোনো ধৰণৰ সমিলমিল নাথাকে। ইয়াৰ বাহিৰেও অত্যধিক দেৱতাৰ ছবি ঘৰত ৰাখিব নালাগে।

২)পঞ্চমুখী চাকি

মঙলবাৰে হনুমান জীক পূজা কৰোতে তেওঁৰ সন্মুখত পঞ্চমুখী চাকি জ্বলোৱা উচিত। এনে কৰিলে ঘৰত ধনাত্মক শক্তি সঞ্চাৰিত হয়। ইয়াৰ বাহিৰেও অষ্টগন্ধা ঘৰত জ্বলাই দিব পাৰি। ইয়াৰ সুগন্ধি গোটেই ঘৰটোত বিয়পি পৰিলে ঘৰখনত সুখ আৰু শান্তিৰ সৃষ্টি হয়।

৩)ঘৰত ব্যৱহাৰ নোহোৱা বস্তু নাৰাখিব

বাস্তুশাস্ত্ৰৰ মতে কোনো ধৰণৰ ভঙা বস্তু ঘৰত মজুত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও যদি ঘৰৰ ইলেক্ট্ৰনিক সঁজুলিবোৰ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে সেইবোৰো সলনি কৰিব লাগে। বেয়া বৈদ্যুতিক যন্ত্ৰপাতি আৰু ঘৰত জমা হোৱা আৱৰ্জনাবোৰৰ বাবে ঘৰত দুখ তথা অশান্তি পৰিস্থিতিৰ সৃষ্টি হয়।





৪)জোতা আৰু চেণ্ডেল সঠিকভাৱে ৰাখক

বাস্তুশাস্ত্ৰৰ মতে জোতা-চেণ্ডেল কেতিয়াও ওলোটাকৈ বা বিশৃংখলভাৱে ঘৰৰ মূল দুৱাৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও জোতা-চেণ্ডেল ঘৰৰ ভিতৰতো ইফালে সিফালে পেলাই থব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলৰ মাজত ক্লেশ বৃদ্ধি পায় লগতে ধনৰ ক্ষতি হয়।

৫)যুদ্ধৰ ফটো

বাস্তুশাস্ত্ৰৰ মতে মহাভাৰত বা যিকোনো যুদ্ধৰ সৈতে জড়িত ছবি, ফটো ঘৰত ৰাখিব নালাগে। ঘৰত সিংহ, বাঘ আদি হিংস্ৰ বনৰীয়া জন্তুৰ ছবিও থাকিব নালাগে। এই ছবিবোৰে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ