--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি। এই ৯ দিনৰ ভিতৰত মন্দিৰ, ঘৰ সকলোতে মাতা দুৰ্গাক পূজা কৰা হ’ব। নৱৰাত্ৰিত মানুহে দেৱী দুৰ্গাক পূজা কৰি ব্ৰত পালন কৰে। উপবাসৰ সময়ত সাত্বিক খাদ্য গ্ৰহণ কৰা হয় য’ত শস্য, ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয়। যিসকলে ব্ৰত নাৰাখে, তেওঁলোকৰ মাজৰ অনেক লোকেই কেৱল সাত্বিক খাদ্যহে গ্ৰহণ কৰে। বহু লোকেই নৱৰাত্ৰিত নিৰামিষ আহাৰ খায়, আনকি পিঁয়াজ-নহৰুও নাখায়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু সেৱন কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিত পিঁয়াজ-নহৰু খোৱাটো কিয় নিষিদ্ধ কৰা হৈছে জানেনে? জানো আহক ইয়াৰ আঁৰত থকা ধাৰ্মিক কাৰণ।

হিন্দু পুৰাণ অনুসৰি নৱৰাত্ৰিত পিয়াঁজ, নহৰু ব্যৱহাৰ কৰিব নালাগে বা ইয়াৰ পৰা তৈয়াৰী খাদ্য সেৱন কৰিব নালাগে। পৌৰাণিক আখ্যান অনুসৰি যেতিয়া সাগৰত দেৱতা আৰু অসুৰে মন্থন কৰি আছিল, তেতিয়া তাত ৯টা ৰত্ন ওলাল আৰু শেষত অমৃত ওলাল। ইয়াৰ পাছত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃত প্ৰদান কৰিবলৈ আৰম্ভ কৰে। 

তাৰপাছত স্বৰভানু নামৰ এটা অসুৰে দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ লগতে বহি অমৃত পান কৰে। দেৱতাসকলে অমৰ হোৱাৰ মানসেৰে অমৃত কলহ উদ্ধাৰ কৰিছিল। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা জনায়। লগে লগে মোহিনীৰূপী বিষ্ণুৱে অমৃত স্বৰভানুৰ ডিঙি পাৰ হ'বলৈ নাপাওঁ‌তেই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰশ্ছেদ কৰে। অমৃতৰ স্পৰ্শ পোৱাৰ বাবে স্বৰভানুৰ শিৰ অংশই ৰাহু আৰু বাকী দেহাংশই কেতু নাম পাই গ্ৰহত পৰিণত হয়। ইতিমধ্যে অমৃতৰ স্পৰ্শ পোৱাত ৰাহু-কেতু অমৰ হৈ পৰে। স্বৰভানুৰ শিৰ অংশ ৰাহু নামেৰে আৰু গা অংশ কেতু নামেৰে পৰিচিত হৈ পৰে।

বিশ্বাস কৰা হয় যে যেতিয়া স্বৰভানুৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰা হৈছিল তেতিয়া তেওঁৰ কেইটোপালমান তেজ মাটিত পৰিছিল আৰু তাৰ পৰাই নহৰু, পিঁয়াজৰ উৎপত্তি হৈছিল। সেইবাবেই পিঁয়াজ আৰু নহৰুৰ গোন্ধ উগ্ৰ। লগতে বিশ্বাস কৰা হয় যে ৰাহু-কেতুৰ দেহত অমৃতৰ টোপাল থকাৰ বাবে  ইহঁতৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে।

তদুপৰি কোৱা হয় যে পিয়াঁজ আৰু নহৰুৰ অত্যধিক ব্যৱহাৰৰ বাবে মানুহৰ মন ধৰ্মৰ পৰা বিচলিত হৈ আন কাম কৰিবলৈ আৰম্ভ কৰে। পুৰাণত পিঁয়াজ আৰু নহৰুক ৰাজসিক আৰু তামসিক বুলি ধৰা হৈছে। কোৱা হয় যে তামসিক আৰু ৰাজসিক গুণ বৃদ্ধি হোৱাৰ ফলত মানুহৰ অজ্ঞানতা বৃদ্ধি পায়, সেইবাবেই সদায় সাত্বিক খাদ্য খোৱাৰ উপদেশ দিয়া হয় যাতে তেওঁৰ মন ধৰ্মত নিয়োজিত হৈ থাকে। মাংস-মাছ, পিয়াঁজ, নহৰু আদি তামসিক খাদ্যক আসুৰিক প্ৰকৃতিৰ খাদ্য বোলা হয়। যাৰ বাবে অশান্তি, ৰোগ আৰু চিন্তা ঘৰত প্ৰৱেশ কৰে, সেয়েহে হিন্দু ধৰ্মৰ ধৰ্মীয় কাম-কাজত পিঁয়াজ-নহৰু খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ