--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপুনি, মই অথবা বেছিভাগ মানুহেই চাহ বা কফিৰ  কাপত চুমুক দি দিনটো আৰম্ভ কৰে। ৰাতিপুৱাৰ অলসতা আঁতৰাবলৈ আৰু দেহলৈ সজীৱতা   আনিবলৈ চাহ আৰু কফিয়ে  যথেষ্ট সহায় কৰে৷ একাপ চাহৰ সুবাসে ৰাতিপুৱাটো সুন্দৰ কৰি ৰাখে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে টোপনিৰ পৰা উঠি পোনপটীয়াকৈ চাহ খোৱাটো  স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহয়। প্ৰয়োজন হ'লে কম পৰিমাণৰ খাব পাৰি।আমি চাহ বা কফিৰ সৈতে খোৱা গাখীৰ, চেনি সম্পূৰ্ণৰূপে অপকাৰী। এনে বহুলোক আছে যিয়ে এই গাখীৰ, চেনি অবিহনে  কফি আৰু চাহ খাবই নোৱাৰে। এনে লোক সহজেই   বুকু জ্বলা-পোৰা কৰা, গেষ্ট্ৰিকৰ  সমস্যাৰ সন্মুখীন হয়৷ 

চাহত খোৱা চেনি  ক্ষতিকাৰক কিয়?

বিশেষজ্ঞসকলে কয় যে , স্বাস্থ্যৱান হৈ থাকিবলৈ আৰম্ভণিৰে পৰা চেনি খোৱা অভ্যাস ত্যাগ কৰিব লাগিব। পুষ্টিবিদসকলে সদায় কয় যে চাহৰ সৈতে চেনি মিহলি কৰাটো একেবাৰে স্বাস্থ্যকৰ নহয়। সেয়া আধা চাহ চামুচ হওঁক বা এক চামুচেই  হওঁক। চেনিৰ কোনো পুষ্টিগত মূল্য নাই। একে সময়তে,চেনি খোৱাৰ ফলত ৰক্তচাপ, ৰক্ত শৰ্কৰা, ওজন আদিয়ো  বৃদ্ধি হয়।

চেনিয়ে স্বাস্থ্যৰ কেনেদৰে ক্ষতি কৰে?

যদি আপুনি প্ৰতিদিনে চাহ বা কফিত  ১ চাহ চামুচ চেনী মিহলি কৰে, তেন্তে ১ বছৰত ৪ কিলোগ্ৰাম ওজন বৃদ্ধি হ'ব। এই অতিৰিক্ত ওজন শৰীৰ ধ্বংস কৰিবলৈ যথেষ্ট। একে সময়তে, কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ৰক্ত শৰ্কৰা সকলো বৃদ্ধি হয়। চকুৰ সমস্যাও চেনিয়ে সৃষ্টি কৰে। লগতে বৃক্কৰ ৰোগো  সৃষ্টি হ’ব পাৰে। আলঝেইমাৰৰ দৰে সমস্যা অতি সোনকালেই হ’ব পাৰে৷  চেনিয়ে আমাৰ ভোক হ্ৰাস কৰে। গতিকে চেনি অত্যাধিক খোৱা সকল সাৱধান৷ চেনিৰ সলনি যিকোনো লোকে গুৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু