--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপুনি, মই অথবা বেছিভাগ মানুহেই চাহ বা কফিৰ  কাপত চুমুক দি দিনটো আৰম্ভ কৰে। ৰাতিপুৱাৰ অলসতা আঁতৰাবলৈ আৰু দেহলৈ সজীৱতা   আনিবলৈ চাহ আৰু কফিয়ে  যথেষ্ট সহায় কৰে৷ একাপ চাহৰ সুবাসে ৰাতিপুৱাটো সুন্দৰ কৰি ৰাখে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে টোপনিৰ পৰা উঠি পোনপটীয়াকৈ চাহ খোৱাটো  স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহয়। প্ৰয়োজন হ'লে কম পৰিমাণৰ খাব পাৰি।আমি চাহ বা কফিৰ সৈতে খোৱা গাখীৰ, চেনি সম্পূৰ্ণৰূপে অপকাৰী। এনে বহুলোক আছে যিয়ে এই গাখীৰ, চেনি অবিহনে  কফি আৰু চাহ খাবই নোৱাৰে। এনে লোক সহজেই   বুকু জ্বলা-পোৰা কৰা, গেষ্ট্ৰিকৰ  সমস্যাৰ সন্মুখীন হয়৷ 

চাহত খোৱা চেনি  ক্ষতিকাৰক কিয়?

বিশেষজ্ঞসকলে কয় যে , স্বাস্থ্যৱান হৈ থাকিবলৈ আৰম্ভণিৰে পৰা চেনি খোৱা অভ্যাস ত্যাগ কৰিব লাগিব। পুষ্টিবিদসকলে সদায় কয় যে চাহৰ সৈতে চেনি মিহলি কৰাটো একেবাৰে স্বাস্থ্যকৰ নহয়। সেয়া আধা চাহ চামুচ হওঁক বা এক চামুচেই  হওঁক। চেনিৰ কোনো পুষ্টিগত মূল্য নাই। একে সময়তে,চেনি খোৱাৰ ফলত ৰক্তচাপ, ৰক্ত শৰ্কৰা, ওজন আদিয়ো  বৃদ্ধি হয়।

চেনিয়ে স্বাস্থ্যৰ কেনেদৰে ক্ষতি কৰে?

যদি আপুনি প্ৰতিদিনে চাহ বা কফিত  ১ চাহ চামুচ চেনী মিহলি কৰে, তেন্তে ১ বছৰত ৪ কিলোগ্ৰাম ওজন বৃদ্ধি হ'ব। এই অতিৰিক্ত ওজন শৰীৰ ধ্বংস কৰিবলৈ যথেষ্ট। একে সময়তে, কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ৰক্ত শৰ্কৰা সকলো বৃদ্ধি হয়। চকুৰ সমস্যাও চেনিয়ে সৃষ্টি কৰে। লগতে বৃক্কৰ ৰোগো  সৃষ্টি হ’ব পাৰে। আলঝেইমাৰৰ দৰে সমস্যা অতি সোনকালেই হ’ব পাৰে৷  চেনিয়ে আমাৰ ভোক হ্ৰাস কৰে। গতিকে চেনি অত্যাধিক খোৱা সকল সাৱধান৷ চেনিৰ সলনি যিকোনো লোকে গুৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ