--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পী!যাৰ শিল্পৰ কৃচ্ছ্ৰসাধনাই সমাজক প্ৰদান কৰে নতুন গতি৷গীত,নৃত্য অভিনয় আদি শিল্পৰ সাধনা কৰাৰ সমান্তৰালভাৱে শিল্পীসকলৰ থাকে কিছু সামাজিক দায়বদ্ধতা৷ বিগত সময়চোৱাত অসমৰ নাট্যকৰ্মী হিমাংশু প্ৰসাদ দাসে বিভিন্ন সামাজিক সমস্যাৰ ওপৰত সময়ে-সময়ে মাত মাতি আহিছে৷এয়া হিমাংশুৰ সামাজিক দায়বদ্ধতাৰ পৰিচায়ক৷শাসন কৰা চৰকাৰখনক তোষামোদ কৰাৰ পৰিৱৰ্তে হিমাংশুৰ দৰে শিল্পসাধকে নিজৰ কৰ্মৰ দ্বাৰা শাসকগোষ্ঠীক সমালোচনা কৰি আহিছে৷

মণিপুৰৰ ৰাজপথত যেতিয়া বিবস্ত্ৰা কৰি মহিলাৰ পেৰেড উলিওৱা হৈছিল৷সেই সময়ত বলীউডৰ দুই-এক তাৰকাৰ বাহিৰে বহুতো কলা-কুশলীয়ে কৌশলগত মৌনতা অৱলম্বন কৰিছিল৷এয়া আছিল তথাকথিত শিল্পীসমাজৰ সুবিধাবাদ৷এতিয়া এই সামাজিক সচেতনতাৰ পৰিচয় দিছে আমেৰিকান পপ তাৰকা মেডোনাই৷

শেহতীয়াকৈ মেডোনাই লণ্ডনৰ অ’২ এৰিনাত নিজৰ যাত্ৰা আৰম্ভ কৰিছে।বেক্টেৰিয়াৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ পাছত এইটোৱেই মেডোনাৰ প্ৰথম যাত্ৰা৷ উল্লেখ্য যে মেডোনাই জুন মাহত অসুস্থতাৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিটত চিকিৎসালয়ত ভৰ্তি হৈছিল। বৰ্তমান আমেৰিকাৰ পপ তাৰকাগৰাকীয়ে ইজৰাইল-হামাছ যুদ্ধৰ বিভীষিকাৰ বিষয় মন্তব্য প্ৰকাশ কৰিছে। 

মেডোনাই নিজৰ কনচাৰ্টৰ সময়ত ইজৰাইল-হামাছৰ সংঘাতৰ বিষয়ে এক শক্তিশালী আৰু আৱেগিক বক্তব্য প্ৰদান কৰে। ক্ষতিগ্ৰস্ত নিৰীহ জীৱনৰ বাবে মেডোনাই সমবেদনা প্ৰকাশ কৰে। শিশুৰ লগত জড়িত হিংসাৰ ভয়ানক কাণ্ডৰ কথা কওঁতে মেডোনাৰ দুচকুৰ কৰা লোটক ওলাই আহে।

উল্লেখ্য যে যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছ যুদ্ধখনত দুয়োপক্ষৰ ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ৷ইজৰাইল এক অভাৱনীয় পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময়তে গাজা ষ্ট্ৰিপত ১০ লাখৰো অধিক লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক