--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পী!যাৰ শিল্পৰ কৃচ্ছ্ৰসাধনাই সমাজক প্ৰদান কৰে নতুন গতি৷গীত,নৃত্য অভিনয় আদি শিল্পৰ সাধনা কৰাৰ সমান্তৰালভাৱে শিল্পীসকলৰ থাকে কিছু সামাজিক দায়বদ্ধতা৷ বিগত সময়চোৱাত অসমৰ নাট্যকৰ্মী হিমাংশু প্ৰসাদ দাসে বিভিন্ন সামাজিক সমস্যাৰ ওপৰত সময়ে-সময়ে মাত মাতি আহিছে৷এয়া হিমাংশুৰ সামাজিক দায়বদ্ধতাৰ পৰিচায়ক৷শাসন কৰা চৰকাৰখনক তোষামোদ কৰাৰ পৰিৱৰ্তে হিমাংশুৰ দৰে শিল্পসাধকে নিজৰ কৰ্মৰ দ্বাৰা শাসকগোষ্ঠীক সমালোচনা কৰি আহিছে৷

মণিপুৰৰ ৰাজপথত যেতিয়া বিবস্ত্ৰা কৰি মহিলাৰ পেৰেড উলিওৱা হৈছিল৷সেই সময়ত বলীউডৰ দুই-এক তাৰকাৰ বাহিৰে বহুতো কলা-কুশলীয়ে কৌশলগত মৌনতা অৱলম্বন কৰিছিল৷এয়া আছিল তথাকথিত শিল্পীসমাজৰ সুবিধাবাদ৷এতিয়া এই সামাজিক সচেতনতাৰ পৰিচয় দিছে আমেৰিকান পপ তাৰকা মেডোনাই৷

শেহতীয়াকৈ মেডোনাই লণ্ডনৰ অ’২ এৰিনাত নিজৰ যাত্ৰা আৰম্ভ কৰিছে।বেক্টেৰিয়াৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ পাছত এইটোৱেই মেডোনাৰ প্ৰথম যাত্ৰা৷ উল্লেখ্য যে মেডোনাই জুন মাহত অসুস্থতাৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিটত চিকিৎসালয়ত ভৰ্তি হৈছিল। বৰ্তমান আমেৰিকাৰ পপ তাৰকাগৰাকীয়ে ইজৰাইল-হামাছ যুদ্ধৰ বিভীষিকাৰ বিষয় মন্তব্য প্ৰকাশ কৰিছে। 

মেডোনাই নিজৰ কনচাৰ্টৰ সময়ত ইজৰাইল-হামাছৰ সংঘাতৰ বিষয়ে এক শক্তিশালী আৰু আৱেগিক বক্তব্য প্ৰদান কৰে। ক্ষতিগ্ৰস্ত নিৰীহ জীৱনৰ বাবে মেডোনাই সমবেদনা প্ৰকাশ কৰে। শিশুৰ লগত জড়িত হিংসাৰ ভয়ানক কাণ্ডৰ কথা কওঁতে মেডোনাৰ দুচকুৰ কৰা লোটক ওলাই আহে।

উল্লেখ্য যে যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছ যুদ্ধখনত দুয়োপক্ষৰ ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ৷ইজৰাইল এক অভাৱনীয় পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময়তে গাজা ষ্ট্ৰিপত ১০ লাখৰো অধিক লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত