--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ১০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটিল। তাকো টেলিভিছনত কৰা এক মন্তব্যৰ অচিলালৈয়েই এই সম্পৰ্কৰ অৱসান ঘটিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে  তেওঁৰ স্বামী এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱে কৰা বিতৰ্কিত মন্তব্যৰ বাবেই স্বামীৰ সৈতে বিচ্ছেদ কৰাৰ কথা ঘোষণা কৰিছে।  ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে টেলিছনৰ সাংবাদিক এণ্ড্ৰিয়া জিয়ামব্ৰুনোৰ সৈতে বিচ্ছেদ কৰাৰ কথা উল্লেখ কৰি কয় যে এই সম্পৰ্ক   আৰু বজাই ৰখা সম্ভৱ নহয়। 

 শেহতীয়াকৈ এণ্ড্ৰিয়া জিয়ামব্ৰুনোৱে অনুষ্ঠানৰ মাজতে অথবা অনুষ্ঠানৰ বাহিৰতো কেবোৰ যৌনগন্ধী মন্তব্য কৰিছিল। তেওঁ আনকি সতীৰ্থ মহিলা কৰ্মচাৰীক তেওঁৰ সৈতে কাম কৰি থাকিব বিচাৰিলে গ্ৰুপ ছেক্সত ভাগ ল’ব লাগিব বুলিও কৈছিল।she 




এনেবোৰ কথাৰ অডিঅ’ প্ৰকাশ পোৱাৰ পিছতে সাংবাদিক জন সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে ঘোষণা কৰে  " প্ৰায় ১০ বছৰ ধৰি চলি থকা এণ্ড্ৰিয়া জিয়ামব্ৰুনোৰ সৈতে মোৰ সম্পৰ্ক ইয়াতে শেষ হৈছে," । তেওঁ লগতে কয়, "আমাৰ পথ দিন ধৰি  কণ্টকময় হৈ পৰিছিল।  আমি  ইয়াক স্বীকাৰ কৰাৰ সময় আহি পৰিছে।" দম্পতীহালৰ এগৰাকী  সাত বছৰীয়া কন্যা সন্তানো  আছে।

কিছুদিন পূৰ্বে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ স্বামীয়ে সহকৰ্মীক কৈছিল "মই তোমাক আগতে কিয় লগ পোৱা নাছিলো?"। তেওঁ আনকি মহিলা সহকৰ্মীক যৌনতাৰো প্ৰস্তাৱ দিছিল। ইয়াৰ পূৰ্বে এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱে দলবদ্ধ ধৰ্ষণক সমৰ্থন জনাই এটা অনুষ্ঠানত মন্তব্য কৰিছিল। তেওঁ সুৰাপান কৰি বেহুছ হৈ পৰা মহিলাক ধৰ্ষণ কৰাৰ পক্ষে মত দিছিল বুলি অভিযোগ উঠিছিল। সেই সময়ত এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱেৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিবাদ হৈছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন