--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত সপ্তাহৰ আৰম্ভণিতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পৰিয়ালটোলৈ অতি সোনকালে নতুন সদস্যৰ আগমন হ'ব বুলি ঘোষণা কৰিছিল। যি খবৰে বলীউডৰ বতাহ গৰম কৰি ৰাখিছে। বিয়া হোৱাৰ দুমাহৰ ভিতৰতেই আলিয়াই নিজকে সন্তানসম্ভৱা হোৱা বুলি ঘোষণা কৰিছিল। দুই তাৰকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই এতিয়া অপেক্ষা কৰি আছে কণমানি দেৱশিশুটিৰ আগমনৰ বাবে। আইতাক হোৱাৰ আনন্দত নীতু সিঙে সুখ ধৰি ৰাখিব পৰা নাই। নীতু সিঙৰ হিয়া উলাহে নধৰা হৈ আছে। 

বলীউডৰ চকলেট বয় ৰণবীৰ কাপুৰৰ নাম বহুতো অভিনেত্ৰীৰ সৈতে সাঙুৰ খাইছিল। অৱশ্যে মহেশ ভাটৰ কন্যা আলিয়াই ৰণবীৰৰ হিয়াত নিগাজিকৈ আসন পাৰি বহিব পাৰিছিল। এই সম্পৰ্কক লৈ ৰণবীৰৰ পিতৃ ঋষি কাপুৰো বহু সুখী হৈছিল। দুয়োৰে বিয়াখনৰ বাবে বৰ আশাৰে বাট চাইছিল ঋষি কাপুৰে। কিন্তু পুত্ৰৰ বিয়াখন তেওঁ দেখিবলৈ নাপালে। কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে। ঋষি কাপুৰ পুনৰ ৰণবীৰ-আলিয়াৰ সন্তান হিচাপে ঘূৰি আহিব বুলি বিশ্বাস কৰিছে কাপুৰ পৰিয়ালে। 

শেহতীয়াকৈ কালাৰ্ছ টিভিৰ এটা অনুষ্ঠানলৈ গৈছিল ছবি পৰিচালক ফাৰাহ খান। সেই নৃত্য অনুষ্ঠানৰ বিচাৰক আছিল নীতু সিং। সেই অনুষ্ঠানতে আলিয়াৰ গৰ্ভধাৰণৰ খবৰক লৈ সকলোৱে নীতু সিঙক সম্ভাষণ জনাইছিল। ইয়াৰ পিছতে ফাৰাহে কয় যে ৰণবীৰ আৰু আলিয়াৰ সন্তান হিচাপে ঋষি কাপুৰ পুনৰ ঘূৰি আহিছে। সেই কথা শুনি নীতুৱে অলপ আৱেগিক হৈ ক’লে, ‘হয়’। অনুষ্ঠানৰ মঞ্চত এজন প্ৰতিযোগীৰ পৰিয়ালৰ এজন সদস্যই নীতু সিঙক এডাল ক’লা সূতা উপহাৰ দিয়ে। আলিয়াৰ গৰ্ভত থকা শিশুটিক বেয়া নজৰ তথা অপশক্তিৰ পৰা বচাবলৈ তেওঁ এই বস্তুটো দিছিল নীতু সিঙক । 

উল্লেখ্য যে শেহতীয়াকৈ ‘যুগ যুগ জিঅ’ ছবিখনত দেখা গৈছে নীতু সিঙক। বক্স অফিচত এই পৰ্যন্ত ছবিখনে ভাল প্ৰদৰ্শন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ