--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত সপ্তাহৰ আৰম্ভণিতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পৰিয়ালটোলৈ অতি সোনকালে নতুন সদস্যৰ আগমন হ'ব বুলি ঘোষণা কৰিছিল। যি খবৰে বলীউডৰ বতাহ গৰম কৰি ৰাখিছে। বিয়া হোৱাৰ দুমাহৰ ভিতৰতেই আলিয়াই নিজকে সন্তানসম্ভৱা হোৱা বুলি ঘোষণা কৰিছিল। দুই তাৰকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই এতিয়া অপেক্ষা কৰি আছে কণমানি দেৱশিশুটিৰ আগমনৰ বাবে। আইতাক হোৱাৰ আনন্দত নীতু সিঙে সুখ ধৰি ৰাখিব পৰা নাই। নীতু সিঙৰ হিয়া উলাহে নধৰা হৈ আছে। 

বলীউডৰ চকলেট বয় ৰণবীৰ কাপুৰৰ নাম বহুতো অভিনেত্ৰীৰ সৈতে সাঙুৰ খাইছিল। অৱশ্যে মহেশ ভাটৰ কন্যা আলিয়াই ৰণবীৰৰ হিয়াত নিগাজিকৈ আসন পাৰি বহিব পাৰিছিল। এই সম্পৰ্কক লৈ ৰণবীৰৰ পিতৃ ঋষি কাপুৰো বহু সুখী হৈছিল। দুয়োৰে বিয়াখনৰ বাবে বৰ আশাৰে বাট চাইছিল ঋষি কাপুৰে। কিন্তু পুত্ৰৰ বিয়াখন তেওঁ দেখিবলৈ নাপালে। কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে। ঋষি কাপুৰ পুনৰ ৰণবীৰ-আলিয়াৰ সন্তান হিচাপে ঘূৰি আহিব বুলি বিশ্বাস কৰিছে কাপুৰ পৰিয়ালে। 

শেহতীয়াকৈ কালাৰ্ছ টিভিৰ এটা অনুষ্ঠানলৈ গৈছিল ছবি পৰিচালক ফাৰাহ খান। সেই নৃত্য অনুষ্ঠানৰ বিচাৰক আছিল নীতু সিং। সেই অনুষ্ঠানতে আলিয়াৰ গৰ্ভধাৰণৰ খবৰক লৈ সকলোৱে নীতু সিঙক সম্ভাষণ জনাইছিল। ইয়াৰ পিছতে ফাৰাহে কয় যে ৰণবীৰ আৰু আলিয়াৰ সন্তান হিচাপে ঋষি কাপুৰ পুনৰ ঘূৰি আহিছে। সেই কথা শুনি নীতুৱে অলপ আৱেগিক হৈ ক’লে, ‘হয়’। অনুষ্ঠানৰ মঞ্চত এজন প্ৰতিযোগীৰ পৰিয়ালৰ এজন সদস্যই নীতু সিঙক এডাল ক’লা সূতা উপহাৰ দিয়ে। আলিয়াৰ গৰ্ভত থকা শিশুটিক বেয়া নজৰ তথা অপশক্তিৰ পৰা বচাবলৈ তেওঁ এই বস্তুটো দিছিল নীতু সিঙক । 

উল্লেখ্য যে শেহতীয়াকৈ ‘যুগ যুগ জিঅ’ ছবিখনত দেখা গৈছে নীতু সিঙক। বক্স অফিচত এই পৰ্যন্ত ছবিখনে ভাল প্ৰদৰ্শন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু