--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ডিভা সুস্মিতা সেনৰ জীৱনলৈ বহু পুৰুষৰ আগমন ঘটিছিল কিন্তু তাৰপিছতো আজিলৈকে কিয় বিয়া কৰা নাই অভিনেত্ৰীগৰাকীয়ে? সেই প্ৰশ্নই প্ৰায়ে আমনি কৰে তেওঁৰ অনুৰাগীসকলক। এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈও আহে। এইবাৰ নিজৰ বিয়াৰ প্ৰসংগত মুখ খুলিছে সুস্মিতা সেনে নিজে। টুইংকল খান্নাৰ শ্ব’ত এই কথা প্ৰকাশ কৰিলে মিছ ইউনিভাৰ্চ সুস্মিতা সেনে।
 বিয়া পতা নাই যদিও দুগৰাকী কন্যা সন্তানৰ মাতৃ সুস্মিতা সেন। সুস্মিতাই ৰিণি আৰু আলিশা নামৰ দুজনী ছোৱালী তুলি লৈছে। টুইংকল খান্নাৰ অনুষ্ঠানত সুস্মিতা সেনে বিবাহ, সন্তান আৰু সম্পৰ্কৰ কথা খোলাকৈ কৈছিল। ৪৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিয়া নোহোৱাৰ বাবে ছোৱালী দুজনী দোষী নহয় কাৰণ সুস্মিতাৰ জীৱনলৈ অহা প্ৰতিজন ব্যক্তিক মুকলি মনেৰে আদৰি লৈছে সুস্মিতাৰ দুই কন্যাই। তেওঁলোকক সন্মান দিছে। কেতিয়াও সেই ব্যক্তিজনৰ প্ৰতি ছোৱালী দুজনীয়ে বেয়া ভাৱ নাৰাখে। তেন্তে সুস্মিতা সেন এতিয়াও কুমাৰী কিয়?

সুস্মিতাই ক'লে যে- ''ৰিণিক যেতিয়া তুলি লৈছিলো তেতিয়া মোৰ জীৱনত কোনো মানুহ নাছিল। ইয়াৰ পিছত মোৰ জীৱনলৈ অহা মানুহবোৰে মই কাক বেছি অগ্ৰাধিকাৰ দিওঁ সেয়া জানিব পৰা নাছিল। বাৰু, মোৰ দায়িত্ব কোনোবাই ল'ব বুলি মই আশাও নকৰো, কিন্তু কোনেও মোক মোৰ ছোৱালীৰ পৰা আঁতৰি থকাৰ কথা ক’ব নোৱাৰে। মোৰ ছোৱালীকেইজনীক এটা বয়সলৈকে মোৰ প্ৰয়োজন। মোৰ জীৱনত বহু ভাল মানুহো আহিছে কিন্তু তেওঁলোকক লৈ মই কেতিয়াবা হতাশ হৈছিলো। সেইবাবেই মই বিয়া নোহোৱাকৈ আছো। মোৰ বিয়া নোহোৱাৰ লগত মোৰ সন্তানৰ কোনো সম্পৰ্ক নাই। মোৰ বিয়া তিনিবাৰকৈ আগবাঢ়িও নহ'লগৈ। ঈশ্বৰে মোক ৰক্ষা কৰিলে। কি দুৰ্যোগ হ'ল ক'ব পৰা নাই। মই মাত্ৰ ক’ব পাৰো যে ভগৱানে মোক আৰু মোৰ সন্তানক ৰক্ষা কৰিলে।''

উল্লেখ্য যে সুস্মিতা সেনৰ প্ৰেম জীৱনে সদায়ে শিৰোনাম দখল কৰি আহিছে। যোৱা বছৰ সুস্মিতাৰ প্ৰেমিক ৰোহমান শ্ব'লৰ সৈতে ব্ৰেকআপ হৈছিল। নিজতকৈ ১৬ বছৰৰ সৰু ৰোহমানৰ সৈতে সুস্মিতাই বিয়াৰ পৰিকল্পনা কৰিছিল যদিও সম্পৰ্কত হঠাতে ফাঁট মেলে। সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছতো দুয়ো বৰ্তমান ভাল বন্ধু। সুস্মিতা সেনৰ ছোৱালীকেইজনীৰ লগত ৰোহমান বহুত ঘনিষ্ঠ আছিল। 

সুস্মিতাৰ প্ৰেমিকৰ তালিকাখন বহুত দীঘল। ১২ জনকৈ প্ৰেমিকৰ আগমন ঘটিছে তেওঁৰ জীৱনত। ৰনদীপ হুদা, বুন্টি সাজদেহ, সঞ্জয় নৰং, বিক্ৰম ভাট, মুদাসৰ আজিজ, ৱাছিম ​​আক্ৰম, মানৱ মেনন, অনিল আম্বানী, ইমতিয়াজ খাটৰী,সবীৰ ভাটিয়া, ৰিতিক ভাছিন, ৰোহমান শ্ব'ল আছিল সুস্মিতা সেনৰ প্ৰেমিক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ