--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বই আদৰণি জনাইছে ২০২৪ চনক৷২০২৪চনটোক আদৰণি জনোৱাৰ লগে লগে ভাৰতৰ বহু ঠাইত নৱবৰ্ষৰ আদৰণি উদ্‌যাপন অনুষ্ঠিত হৈছিল, য’ত পাৰ্টি, আতচবাজীৰ সমাহাৰেৰে বহুতো অনুষ্ঠান অনুষ্ঠিত হৈছিল। দেশখনে নতুন বছৰত ভৰি দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এটা সমৃদ্ধিশালী বছৰৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সমগ্ৰ চহৰৰ বহু স্থানত নৱবৰ্ষ আদৰণি উদ্‌যাপন কৰা হয়। ঝাণ্ডেৱালান দেৱী মন্দিৰত নৱবৰ্ষৰ আৰতি পৰিৱেশন কৰা হয়, য’ত ব্যাপক জনসমাগম হয়। ইণ্ডিয়া গেট, কন’ট প্লেচ, লাজপত নগৰ, হাউজ খাছ ভিলেজ, আৰু অন্যান্য বিশিষ্ট স্থানত মানুহৰ ভিৰ পৰিলক্ষিত হয়। উদ্‌যাপনৰ নিৰাপদ পৰিচালনাৰ বাবে সমগ্ৰ দিল্লী মহানগৰীত ১০ হাজাৰৰো অধিক আৰক্ষী বিষয়া মোতায়েন কৰা হয়।

মুম্বাইত দেওবাৰে নিশা গেটৱে অৱ ইণ্ডিয়া, মেৰিন ড্ৰাইভ, গিৰগাম চৌপাটী আদি ঠাইত হাজাৰ হাজাৰ লোকে সমবেত হৈ ২০২৪ বৰ্ষত আদৰণী জনায়।লগতে মুম্বাই মহানগৰীৰ বহু বাসিন্দাই বিখ্যাত সিদ্ধিবিনায়ক আৰু মুম্বাদেৱী মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহ ভ্ৰমণ কৰে৷

ভাৰতৰ জনপ্ৰিয় পৰ্যটন স্থানসমূহতো নৱবৰ্ষৰ পূৰ্বে বিপুল জনসমাগম দেখা গৈছিল। গোৱাত আতচবাজীৰ প্ৰয়োভৰে বহুতৰে চকু কপালত তোলে। ছিমলাতো হাজাৰ হাজাৰ লোকে নৱবৰ্ষক আদৰি লয়৷

যোৱা কিছু বছৰত প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মানুহে নৱবৰ্ষ উদযাপন কৰে। শূন্যৰ তলৰ উষ্ণতা অতিক্ৰম কৰি লাল চ’কত শ শ স্থানীয় লোক আৰু পৰ্যটকে ভিৰ কৰে। 

অসমতো প্ৰান্ত অনুসৰি নৱবৰ্ষ আদৰণি অনুষ্ঠান উদ্‌যাপন কৰা হয়৷মহানগৰী গুৱাহাটীত নিশা দেৰিলৈকে আতচবাজীৰ শব্দ শুনা যায়৷আৰু ১জানুৱাৰীৰ পুৱা মহানগৰীৰ বিভিন্ন মন্দিৰত ভক্তগণৰ ভিৰ পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু