--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বই আদৰণি জনাইছে ২০২৪ চনক৷২০২৪চনটোক আদৰণি জনোৱাৰ লগে লগে ভাৰতৰ বহু ঠাইত নৱবৰ্ষৰ আদৰণি উদ্‌যাপন অনুষ্ঠিত হৈছিল, য’ত পাৰ্টি, আতচবাজীৰ সমাহাৰেৰে বহুতো অনুষ্ঠান অনুষ্ঠিত হৈছিল। দেশখনে নতুন বছৰত ভৰি দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এটা সমৃদ্ধিশালী বছৰৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সমগ্ৰ চহৰৰ বহু স্থানত নৱবৰ্ষ আদৰণি উদ্‌যাপন কৰা হয়। ঝাণ্ডেৱালান দেৱী মন্দিৰত নৱবৰ্ষৰ আৰতি পৰিৱেশন কৰা হয়, য’ত ব্যাপক জনসমাগম হয়। ইণ্ডিয়া গেট, কন’ট প্লেচ, লাজপত নগৰ, হাউজ খাছ ভিলেজ, আৰু অন্যান্য বিশিষ্ট স্থানত মানুহৰ ভিৰ পৰিলক্ষিত হয়। উদ্‌যাপনৰ নিৰাপদ পৰিচালনাৰ বাবে সমগ্ৰ দিল্লী মহানগৰীত ১০ হাজাৰৰো অধিক আৰক্ষী বিষয়া মোতায়েন কৰা হয়।

মুম্বাইত দেওবাৰে নিশা গেটৱে অৱ ইণ্ডিয়া, মেৰিন ড্ৰাইভ, গিৰগাম চৌপাটী আদি ঠাইত হাজাৰ হাজাৰ লোকে সমবেত হৈ ২০২৪ বৰ্ষত আদৰণী জনায়।লগতে মুম্বাই মহানগৰীৰ বহু বাসিন্দাই বিখ্যাত সিদ্ধিবিনায়ক আৰু মুম্বাদেৱী মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহ ভ্ৰমণ কৰে৷

ভাৰতৰ জনপ্ৰিয় পৰ্যটন স্থানসমূহতো নৱবৰ্ষৰ পূৰ্বে বিপুল জনসমাগম দেখা গৈছিল। গোৱাত আতচবাজীৰ প্ৰয়োভৰে বহুতৰে চকু কপালত তোলে। ছিমলাতো হাজাৰ হাজাৰ লোকে নৱবৰ্ষক আদৰি লয়৷

যোৱা কিছু বছৰত প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মানুহে নৱবৰ্ষ উদযাপন কৰে। শূন্যৰ তলৰ উষ্ণতা অতিক্ৰম কৰি লাল চ’কত শ শ স্থানীয় লোক আৰু পৰ্যটকে ভিৰ কৰে। 

অসমতো প্ৰান্ত অনুসৰি নৱবৰ্ষ আদৰণি অনুষ্ঠান উদ্‌যাপন কৰা হয়৷মহানগৰী গুৱাহাটীত নিশা দেৰিলৈকে আতচবাজীৰ শব্দ শুনা যায়৷আৰু ১জানুৱাৰীৰ পুৱা মহানগৰীৰ বিভিন্ন মন্দিৰত ভক্তগণৰ ভিৰ পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক