--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি জানো ৰন্ধাৰ ক্ষেত্ৰত তেল হৈছে অপৰিহাৰ্য সামগ্ৰী।বহু সময়ত ৰন্ধা-বঢ়াৰ সময়ত তেলৰ পৰিমাণ বৃদ্ধি পায়, কিন্তু আপুনি হয়তো উপলব্ধি নকৰে যে অধিক তেল সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয়। বিশেষকৈ শিশু, বৃদ্ধ বা হৃদযন্ত্ৰৰ সমস্যা থকা, উচ্চ কলেষ্টেৰল থকা সকলে কম তেল খাব লাগে। কিন্তু বহু সময়ত আমি বুজি নাপাওঁ, হঠাতে হয়তো তেল বাঢ়ি যায়। বা বহুবাৰ নাৰিকল বা বাদামেৰে কিবা ৰন্ধা সময়তো এই খাদ্যবোৰৰ পৰা তেল ওলাই আহে, আৰু বাকী তেলখিনি অতিৰিক্ত হৈ পৰে। গতিকে যেতিয়া বিভিন্ন কাৰণত তেল বাঢ়ি যায় তেতিয়া সেই তেল কেনেকৈ চম্ভালিব লাগে বা তেল‌ৰ ব্যৱহাৰ কম কৰাৰ উপায় সম্পৰ্কে জানো আহক- 

১) ৰন্ধা সময়ত তেলৰ পৰিমাণ বাঢ়ি যোৱা দেখিলে তাৰ পিছত কেইবাটাও আলু উতলাব পাৰি। ইয়াৰ ফলত তৰকাৰীৰ আয়তন বৃদ্ধি পাব, আৰু তেলৰ ভাৰসাম্যতা আহিব।

২) ৰন্ধা সময়ত তেলৰ পৰিমাণ বৃদ্ধি হোৱা দেখিলে তেনে ক্ষেত্ৰত কিছুমান টিছু পেপাৰ সৰু সৰুকৈ কাটি তাত তেল ডুবাই দিব পাৰে।

৩) ৰন্ধা সময়ত তেলৰ পৰিমাণ বৃদ্ধি হোৱা দেখিলে ৰন্ধা খাদ্যখিনি ফ্ৰীজত ৰাখক। ইয়াৰ পিছত ঠাণ্ডা হোৱাৰ পিছত ওপৰত তেল ওপঙি থকা দেখিব, সেই সময়ত চামুচেৰে তেলখিনি উলিয়াই পেলাই দিব। কিন্তু তেতিয়া আপোনাৰ ৰন্ধা-বঢ়াৰ পৰা ওলোৱা তেলৰ পৰিমাণ বহুত কমি যাব।

৪) ৰন্ধা-বঢ়া কৰাৰ সময়ত ব্যৱহাৰ কৰা  নন ষ্টিক পাত্ৰ আৰু কেৰাহী আটাইতকৈ বেছি তেল হ্ৰাস কৰাৰ সুবিধাজনক উপায়। উৎকৃষ্ট মানৰ ৰন্ধন সামগ্ৰী বাছি লোৱাটো প্ৰথমতে ব্যয়বহুল হ'ব পাৰে, কিন্তু ইয়াৰ আয়ুস আৰু ব্যৱহাৰে আপোনাৰ নিয়মীয়া বাচন-বৰ্তনবোৰক বহু পৰিমাণে উপকৃত কৰিব।

৫) চামুচৰ ব্যৱহাৰ কৰিব পাৰি। তেলৰ পাত্ৰৰ পৰা পোনপটীয়াকৈ ঢালি নিদিয়াকৈ ৰন্ধা-বঢ়াত তেল ব্যৱহাৰ কৰাৰ সময়ত জোখ-মাখৰ বাবে চামুচ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে এফএছএছএ আইয়ে।

৬) ৰন্ধা পাত্ৰটোৰ ওপৰত ঢাকনি ৰাখিলে প্ৰায়ে নিজাববীয়াকৈ কম তেল খৰচ হ’ব পাৰে কাৰণ আৰ্দ্ৰতাই খাদ্য সোনকালে ৰন্ধাত সহায় কৰে। গ্ৰেভি ভিত্তিক খাদ্য আৰু কোমল পাচলিৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক