--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি জানো ৰন্ধাৰ ক্ষেত্ৰত তেল হৈছে অপৰিহাৰ্য সামগ্ৰী।বহু সময়ত ৰন্ধা-বঢ়াৰ সময়ত তেলৰ পৰিমাণ বৃদ্ধি পায়, কিন্তু আপুনি হয়তো উপলব্ধি নকৰে যে অধিক তেল সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয়। বিশেষকৈ শিশু, বৃদ্ধ বা হৃদযন্ত্ৰৰ সমস্যা থকা, উচ্চ কলেষ্টেৰল থকা সকলে কম তেল খাব লাগে। কিন্তু বহু সময়ত আমি বুজি নাপাওঁ, হঠাতে হয়তো তেল বাঢ়ি যায়। বা বহুবাৰ নাৰিকল বা বাদামেৰে কিবা ৰন্ধা সময়তো এই খাদ্যবোৰৰ পৰা তেল ওলাই আহে, আৰু বাকী তেলখিনি অতিৰিক্ত হৈ পৰে। গতিকে যেতিয়া বিভিন্ন কাৰণত তেল বাঢ়ি যায় তেতিয়া সেই তেল কেনেকৈ চম্ভালিব লাগে বা তেল‌ৰ ব্যৱহাৰ কম কৰাৰ উপায় সম্পৰ্কে জানো আহক- 

১) ৰন্ধা সময়ত তেলৰ পৰিমাণ বাঢ়ি যোৱা দেখিলে তাৰ পিছত কেইবাটাও আলু উতলাব পাৰি। ইয়াৰ ফলত তৰকাৰীৰ আয়তন বৃদ্ধি পাব, আৰু তেলৰ ভাৰসাম্যতা আহিব।

২) ৰন্ধা সময়ত তেলৰ পৰিমাণ বৃদ্ধি হোৱা দেখিলে তেনে ক্ষেত্ৰত কিছুমান টিছু পেপাৰ সৰু সৰুকৈ কাটি তাত তেল ডুবাই দিব পাৰে।

৩) ৰন্ধা সময়ত তেলৰ পৰিমাণ বৃদ্ধি হোৱা দেখিলে ৰন্ধা খাদ্যখিনি ফ্ৰীজত ৰাখক। ইয়াৰ পিছত ঠাণ্ডা হোৱাৰ পিছত ওপৰত তেল ওপঙি থকা দেখিব, সেই সময়ত চামুচেৰে তেলখিনি উলিয়াই পেলাই দিব। কিন্তু তেতিয়া আপোনাৰ ৰন্ধা-বঢ়াৰ পৰা ওলোৱা তেলৰ পৰিমাণ বহুত কমি যাব।

৪) ৰন্ধা-বঢ়া কৰাৰ সময়ত ব্যৱহাৰ কৰা  নন ষ্টিক পাত্ৰ আৰু কেৰাহী আটাইতকৈ বেছি তেল হ্ৰাস কৰাৰ সুবিধাজনক উপায়। উৎকৃষ্ট মানৰ ৰন্ধন সামগ্ৰী বাছি লোৱাটো প্ৰথমতে ব্যয়বহুল হ'ব পাৰে, কিন্তু ইয়াৰ আয়ুস আৰু ব্যৱহাৰে আপোনাৰ নিয়মীয়া বাচন-বৰ্তনবোৰক বহু পৰিমাণে উপকৃত কৰিব।

৫) চামুচৰ ব্যৱহাৰ কৰিব পাৰি। তেলৰ পাত্ৰৰ পৰা পোনপটীয়াকৈ ঢালি নিদিয়াকৈ ৰন্ধা-বঢ়াত তেল ব্যৱহাৰ কৰাৰ সময়ত জোখ-মাখৰ বাবে চামুচ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে এফএছএছএ আইয়ে।

৬) ৰন্ধা পাত্ৰটোৰ ওপৰত ঢাকনি ৰাখিলে প্ৰায়ে নিজাববীয়াকৈ কম তেল খৰচ হ’ব পাৰে কাৰণ আৰ্দ্ৰতাই খাদ্য সোনকালে ৰন্ধাত সহায় কৰে। গ্ৰেভি ভিত্তিক খাদ্য আৰু কোমল পাচলিৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ