--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ দুৰ্দশাৰ বাবে গেৰুৱা বাহিনীয়ে মুলতঃ জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ দৰে ব্যক্তিসকলক দায়ী কৰি অহাৰ সময়তে এতিয়া খোদ মোদী মন্ত্ৰীসভাৰে দুগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে মুকলিকৈয়ে নেহৰু আৰু গান্ধীক প্ৰশংসা কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। মোদী চৰকাৰৰ দুই স্তম্ভ ক্ৰমে ৰাজনাথ সিং আৰু নিতীন গাডকাৰীয়ে ৰাজহুৱা ভাবেই নেহৰু আৰু গান্ধীক প্ৰশংসা কৰি আজিৰ বাতাবৰণত দুয়োগৰাকী নেতাৰেই প্ৰাসংগিকতা আছে বুলি অকপটে স্বীকাৰ কৰিছে।

কাৰ্গিল বিজয় দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চীনে ১৯৬২ চনত ভাৰতৰ লাডাখত আগ্ৰাসন চলাইছিল।সেই সময়ত প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। চীনৰ আগ্ৰাসৰ সময়ত নেহৰুৱে গ্ৰহণ কৰা নীতি ভুল হ’ব পাৰে , কিন্তু তেওঁৰ উদ্দেশ্যকলৈ কোনেও প্ৰশ্ন  কৰা উচিৎ নহয়। নেহৰুৰ উদ্দেশ্য সৎ আছিল বুলিও ৰাজনাথ সিঙে নেহৰুক প্ৰশংস কৰে। 

ৰাজনাথ সিঙৰ দৰেই কেন্দ্ৰী পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰকীয়েও মোদীৰ চৰকাৰৰ বহু ৰাজনীতিকে সুযোগ পালেই দোষাৰোপ কৰি অহা মহাত্মা গান্ধীক মুকলিকৈয়ে প্ৰশংসা কৰিলে। সাম্প্ৰতিক অধপতিত ৰাজনীতিত অতিষ্ঠ হৈ পৰা গাডকাৰীয়ে মুকলিকৈয়ে প্ৰকাশ কৰিলে যে তেওঁৰ আৰু ৰাজনীতত থকাৰ কোনো ইচ্ছা নাই।

 ৰাজনীতিৰ পৰা বাহিৰত থাকিও আন উপায়েৰে সমাজসেৱা কৰিব পাৰি বুলি বিশ্বাস কৰা গাডকাৰীয়ে মহাত্মা গান্ধীৰ সময়ৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য থকা বুলি মন্তব্য কৰে।গাডকাৰীয়ে কয় যে আজিৰ ৰাজনীতি কেৱল ক্ষমতাত টিকি থাকিবলৈ কৰা ৰাজনীতি।

 এনে ৰাজনীতিয়ে তেওঁক আমুৱাইছে বুলিও গাডকাৰীয়ে কয়।নাগপুৰৰ এক অনুষ্ঠানত উপস্থিত থাকি গাডকাৰীয়ে কৰা এনে মন্তব্যই মোদীৰ মন্ত্ৰীসভাৰ বহুতৰে মনত যে নেহৰু, গান্ধী আদি নেতাৰ প্ৰতি এক অনুকম্পা আছে তাকেই প্ৰমাণ কৰিছে। ইপিনে গেৰুৱা বাহিনীৰ দুই মূল স্তম্ভ স্বৰূপ ৰাজনাথ সিং আৰু গাডকাৰীয়ে নেহৰুস গান্ধীক প্ৰশংসা কৰাৰ কথাই এতিয়া অস্বস্তিত পেলাইছে মোদী চৰকাৰৰ বহুতকে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ