--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ দুৰ্দশাৰ বাবে গেৰুৱা বাহিনীয়ে মুলতঃ জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ দৰে ব্যক্তিসকলক দায়ী কৰি অহাৰ সময়তে এতিয়া খোদ মোদী মন্ত্ৰীসভাৰে দুগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে মুকলিকৈয়ে নেহৰু আৰু গান্ধীক প্ৰশংসা কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। মোদী চৰকাৰৰ দুই স্তম্ভ ক্ৰমে ৰাজনাথ সিং আৰু নিতীন গাডকাৰীয়ে ৰাজহুৱা ভাবেই নেহৰু আৰু গান্ধীক প্ৰশংসা কৰি আজিৰ বাতাবৰণত দুয়োগৰাকী নেতাৰেই প্ৰাসংগিকতা আছে বুলি অকপটে স্বীকাৰ কৰিছে।

কাৰ্গিল বিজয় দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চীনে ১৯৬২ চনত ভাৰতৰ লাডাখত আগ্ৰাসন চলাইছিল।সেই সময়ত প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। চীনৰ আগ্ৰাসৰ সময়ত নেহৰুৱে গ্ৰহণ কৰা নীতি ভুল হ’ব পাৰে , কিন্তু তেওঁৰ উদ্দেশ্যকলৈ কোনেও প্ৰশ্ন  কৰা উচিৎ নহয়। নেহৰুৰ উদ্দেশ্য সৎ আছিল বুলিও ৰাজনাথ সিঙে নেহৰুক প্ৰশংস কৰে। 

ৰাজনাথ সিঙৰ দৰেই কেন্দ্ৰী পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰকীয়েও মোদীৰ চৰকাৰৰ বহু ৰাজনীতিকে সুযোগ পালেই দোষাৰোপ কৰি অহা মহাত্মা গান্ধীক মুকলিকৈয়ে প্ৰশংসা কৰিলে। সাম্প্ৰতিক অধপতিত ৰাজনীতিত অতিষ্ঠ হৈ পৰা গাডকাৰীয়ে মুকলিকৈয়ে প্ৰকাশ কৰিলে যে তেওঁৰ আৰু ৰাজনীতত থকাৰ কোনো ইচ্ছা নাই।

 ৰাজনীতিৰ পৰা বাহিৰত থাকিও আন উপায়েৰে সমাজসেৱা কৰিব পাৰি বুলি বিশ্বাস কৰা গাডকাৰীয়ে মহাত্মা গান্ধীৰ সময়ৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য থকা বুলি মন্তব্য কৰে।গাডকাৰীয়ে কয় যে আজিৰ ৰাজনীতি কেৱল ক্ষমতাত টিকি থাকিবলৈ কৰা ৰাজনীতি।

 এনে ৰাজনীতিয়ে তেওঁক আমুৱাইছে বুলিও গাডকাৰীয়ে কয়।নাগপুৰৰ এক অনুষ্ঠানত উপস্থিত থাকি গাডকাৰীয়ে কৰা এনে মন্তব্যই মোদীৰ মন্ত্ৰীসভাৰ বহুতৰে মনত যে নেহৰু, গান্ধী আদি নেতাৰ প্ৰতি এক অনুকম্পা আছে তাকেই প্ৰমাণ কৰিছে। ইপিনে গেৰুৱা বাহিনীৰ দুই মূল স্তম্ভ স্বৰূপ ৰাজনাথ সিং আৰু গাডকাৰীয়ে নেহৰুস গান্ধীক প্ৰশংসা কৰাৰ কথাই এতিয়া অস্বস্তিত পেলাইছে মোদী চৰকাৰৰ বহুতকে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ