--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত ভৰি দিলে নেচনেল ক্ৰাছ ৰশ্মিকা মান্দান্নাই।শুকুৰবাৰে ছবিগৃহত মুক্তি পালে তেওঁৰ প্ৰথম ছবি গুডবাই। এই ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে অমিতাভ বচ্চন আৰু নীনা গুপ্তাক। প্ৰথমখন ছবিতে ৰশ্মিকাই বিগ বিৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। দক্ষিণৰ ৰশ্মিকাৰ প্ৰতিখন ছবিয়ে বক্স অফিচত ডাঙৰ হিট হয় যদিও বলীউডত যেন তেওঁৰ যাদুৱে কাম কৰা নাই। বক্স অফিচত কোনো বিশেষ ব্যৱসায় কৰিব পৰা নাই গুডবাই‌ ছবিখনে। ছবিখনৰ তৃতীয় দিনৰ সংগ্ৰহ ওলাইছে আৰু উক্ত দিনটোতো গুডবাইৰ কোনো লাভ হোৱা দেখা নগ'ল।
GoodBye: Amitabh Bachchan, Rashmika Mandanna Starrer Comedy-Drama to Hit  Theatres on Oct 7

পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন পাৰিবাৰিক ছবি গুডবাই । এই ছবিখনত ৰশ্মিকা আৰু অমিতাভৰ লগতে নীনা গুপ্তা, পাভেলা গুলাতি, সুনীল গ্ৰ’ভাৰ, এলি আভৰামকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। কিন্তু দৰ্শকে এই কাহিনীটো বেছি ভাল নাপালে। চিনেমাখনৰ তৃতীয় দিনৰ সংগ্ৰহো একেবাৰে শোচনীয়।

Goodbye Box Office Day 1 Prediction: Amitabh Bachchan & Rashmika Mandanna  Starrer To Open In 2-3 Crores Range

এক  প্ৰতিবেদন অনুসৰি গুডবাইৰ তৃতীয় দিনটোত সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ বৃদ্ধি হোৱা নাই। ছবিখনে প্ৰথম দিনটোত ১.২ কোটি, দ্বিতীয় দিনা ১.৫৯ কোটি আৰু তৃতীয় দিনা প্ৰায় ১.৫০ কোটি ব্যৱসায় কৰিছে। অৰ্থাৎ মুঠ সংগ্ৰহ প্ৰায় ৪.২৯ কোটি। কালি ছবিখনৰ সংগ্ৰহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল যদিও সেয়া হোৱা নাই।

গুডবাইয়ে লাভ কৰিছে ইতিবাচক সমালোচনা, তাৰ পাছতো ছবিখনৰ সংগ্ৰহ বৃদ্ধি হোৱা নাই। ছবিগৃহত গুডবাইৰ লগত  প্ৰতিযোগিতা নামিছে হৃতিক ৰোচন আৰু ছেইফ আলী খানৰ বিক্ৰম বেধা আৰু ঐশ্বৰ্য ৰায়ৰ পৌন্নিয়ন চেলভান ১। হয়তো এই দুখন ছবিৰ বাবেই সংগ্ৰহৰ ক্ষেত্ৰত বহু পৰিমাণে প্ৰভাৱিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি