--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'উমৰাও জান'ৰ পৰা 'চিলচিলা'লৈকে, 'মুকাদ্দাৰ কা সিকন্দৰ'ৰ পৰা 'পৰিণীতা'লৈকে, ৰেখা অভিনীত বলীউডৰ চলচ্চিত্ৰসমূহ এতিয়াও দৰ্শকৰ  প্ৰিয় ছবি। ৰেখাৰ চলচ্চিত্ৰৰ গানো এতিয়াও দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলে গুণগুণায়। লীউডৰ ৰূপৰ ৰাণী, ৰহস্যময়ী ৰেখাকলৈ কিমান যে কথা, কিমান যে কাহিনী... ৰেখা যেন চিৰ যৌৱনা। চিৰ যৌৱনা ৰেখাৰেই আজি জন্মদিন। 

ভাৰতৰ পৰিসীমা পাৰ হৈ ৰেখাৰ জনপ্ৰিয়তা বাংলাদেশ বা পাকিস্তানলৈ বিয়পি পৰিছিল। আজিও সেই দেশসমূহত ৰেখাৰ ছবি মানুহে আগ্ৰহেৰে উপভোগ কৰে। ৰেখাৰ প্ৰকৃত নাম ভানুৰেখা গণেশন। পোছাকী নাম ৰেখা। আজি তেওঁৰেই  জন্মদিন। জন্মদিনটোত অনুৰাগীসকলে অভিনন্দন বাৰ্তাৰে ভৰাই পেলাইছে সামাজিক মাধ্যম।

 ঠিক ৫০ বছৰ আগতে, ১৯৭০  চনত, ৰেখাই শাৱন ভদো চলচ্চিত্ৰখনৰ  জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰিছিল। সেই সময়ত কোনেও হয়তো ভাবিব পৰা নাছিল যে  সেই ছোৱালীজনীয়েই  এদিন তেওঁৰ ৰূপৰ ছাঁত, অভিনয়ৰ সৌন্দৰ্যত, প্ৰতিভাৰ প্ৰসাৰত উপমহাদেশৰ হাৰ্টথ্ৰব হৈ পৰিব।ৰেখাই এতিয়াও তেওঁৰ ৰূপৰ ৰাজকীয় উপস্থিতিৰে সকলো অভিভূত কৰি আহিবলৈ সক্ষম হৈছে। 

তেওঁ শেষবাৰৰ বাবে ২০১৪ চনত চুপাৰ নানী চলচ্চিত্ৰ খনত অভিনয় কৰিছিল। ছবি জগতৰ পৰা বিদায় মাগিলেও আজিও ৰেখা  চলচ্চিত্ৰৰ পাৰ্টি বা অনুষ্ঠানৰ মূল আকৰ্ষণ হৈয়েই ৰৈছে।ৰেখাৰ জীৱন প্ৰেম, বিৰহ, বিচ্ছেদৰ গাথাৰে ভৰা।  অমিতাভ বচ্চনৰ সৈতে তেওঁৰ বহু চৰ্চিত প্ৰেমৰ সম্পৰ্ক বা তেওঁৰ স্বামীৰ আত্মহত্যাৰ খবৰে দীৰ্ঘদিনলৈ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ আছিল।

ৰেখাৰ তেওঁৰ জন্ম  হৈছিল ১৯৫৪ চনৰ ১০ অক্টোবৰত। জন্মস্থান আছিল তামিলনাডুৰ চেন্নাই।
সৰুৰে পৰাই ঘৰত অভিনয়ৰ পৰিবেশ পাইছিল ৰেখাই। তেওঁৰ  পিতৃ  জেমিনি গণেশন এগৰাকী জনপ্ৰিয় তামিল অভিনেতা আছিল। একেদৰে  মাক  পুষ্পৱল্লী তেলেগু ছবিজগতৰ মোহময়ী অভিনেত্ৰী আছিল। পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি ৰেখাই  ১৫ বছৰ বয়সৰ পৰাই ছবিত অভিনয় কৰিবলৈ লৈছিল।

ৰেখা ৰূপৱতী। তেওঁৰ ৰূপৰ ৰহস্যই আজিও বহুতকে বিষ্মিত কৰি আহিছে। সেয়ে ৰূপৱতী ৰেখাৰ প্ৰেমত হাবুডুবু খাইছিল বহুতেই।   অভিনেতা বিনোদ মেহৰাৰ সৈতে ৰেখাৰ  প্ৰেম আছিল বুলিও বহুতে চৰ্চা কৰে।  প্ৰেমক পূৰ্ণতা প্ৰদান কৰিবলৈ দুয়োৰে বিয়াও হৈছিল ।  বিনোদ মেহৰাৰ মাতৃয়ে তেসেই বিয়া মানি লোৱা নাছিল। সেয়ে তেওঁলোক লাহে লাহে বিচ্ছিন্ন হৈ পৰিছিল। বিগ-বি অমিতাভ বচ্চনৰ সৈতে ৰেখাৰ প্ৰেম থকাৰ কথাও সৰ্বজন বিদিত। চিলচিলা ছবি খনত ণিতাভ-ৰেখাৰ প্ৰেমৰ কিছু আভাসো পোৱা যায়।

কিন্তু ৰেখা-অমিতাভৰ প্ৰেমত বাধা হৈ থিয় দিছিল জয়া ভাদুৰীয়ে । জয়া ভাদুৰীৰ প্ৰতিবাদৰ বাবেই ৰেখাই অমিতাভক পতি হিচাবে পাব নোৱাৰিলে বহুতে আলোচনা কৰে।

ৰেখাৰ প্ৰেম কাহিনীৰ তাতেই অন্ত পৰা নাছিল। ব্যৱসায়ী মুকেশ আগৰৱালাৰ সৈতে ৰেখাৰ পৰিচয় হৈছিল আৰু এটা ,ময়ত দুয়ো প্ৰেমত পৰিছিল।মুকেশ আগৰৱালাৰ সৈতে ৰেখাৰ   বিয়াও হৈছিল। কিন্তু মুকেশে  ৰেখাক  প্ৰায়ে নানা ধৰণে অত্যাচাৰ কৰিছিল। সেয়ে  কেইমাহমান লগত থাকিয়েই ৰেখাই মুকেশক এৰি আহিছিল। ১৯৯০ চনত মুকেশে  আত্মহত্যা কৰিছিল। মুকেশৰ মৃত্যুৰ বাবে ৰেখাই দায়ী বুলি সেই সময়ত বহুলভাবে চৰ্চাও হৈছিল।

ৰূপৱতী ৰেখাৰ প্ৰেমত পৰাসকলৰ ভিতৰত থকা আন লোকসকল আছিল বিশ্বজিৎ, জিতেন্দ্ৰ, নবীন নিচল, চাজিদ খান, শত্ৰুঘ্ন সিনহা আৰু অক্ষয় কুমাৰ আদি।  
কিন্তু ৰেখাক যেন তেওঁলোকৰ মাজৰ কোনেও নিজৰ কৰি ল’ব পৰা নাছিল। বহুতৰে হৃদয়ত ৰেখাপাত কৰা ৰেখা হৈ ৰৈছে আজিও ৰহস্যময়ী ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি