--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাক নোহোৱা হ’লে আজি বলিউডৰ আগশাৰীৰ ষ্টাৰ নহ’লহেঁতেন দীপিকা পাডুকন। মাকে অভিনেত্ৰীগৰাকীৰ মানসিক সমস্যা দূৰ কৰাত সহায় নকৰা হ’লে আজি এই পৰ্যায় নাপালেহেঁতেন দীপিকা। এই অনুভৱ ব্যক্ত কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজে। তামিলনাডুৰ থিৰুভাল্লুৰত দীপিকাই তেওঁ নিজা ফাউণ্ডেচন ‘লাইভ লভ লাফ’ৰ এটা অনুষ্ঠানৰ বাবে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। আনহাতে উক্ত ফাউণ্ডেচনটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে মানসিক ৰোগ, ডিপ্ৰেছনৰ ওপৰত বিভিন্নধৰণৰ কাৰ্যপন্থা হাতত লৈ আহিছে। সেই উপলক্ষে থিৰুভাল্লুৰৰ গ্ৰাম্য অঞ্চলসমূহত নিজৰ ফাউণ্ডেচনৰ কাৰ্যপন্থা হাতত লোৱা হৈছে।

দীপিকাই কয় যে তেওঁ দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈছিল কিন্তু তেওঁৰ পৰিয়ালৰ সহায়-সহযোগিতাৰ বাবে ই নিৰ্মূল হয়। তেওঁ কয় যে মানসিক ৰোগ দূৰ কৰিবলৈ পৰিয়ালৰ সহযোগিতা গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত তেওঁ নিজৰ উদাহৰণ দাঙি ধৰে। কয় যে মাক আৰু ভগ্নীয়ে তেওঁৰ মানসিক ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰি তেওঁক সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছিল।

তেওঁৰ মানসিক সমস্যা দূৰীকৰণত মাকৰ ভূমিকা বিশেষভাৱে সোঁৱৰণ কৰি দীপিকাই কয় যে মাকে সহযোগিতা নকৰা হ’লে আজি তেওঁৰ কি অৱস্থা হ’লহেঁতেন কল্পনাও কৰিব নোৱাৰে। মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ছোৱাত তেওঁ নিয়মিয়াকৈ চিকিৎসা গ্ৰহণ কৰিছিল আৰু চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৫ চনত দীপিকাই মানসিক সমস্যা, ডিপ্ৰেছন ইত্যাদিৰ বিষয়ত মুখ খুলিছিল। বৰ্তমান তেওঁ শ্বাহৰুখ খানৰ ‘পাঠান’, হৃতিক ৰোশনৰ ‘ফাইটাৰ’, অমিতাভ বচ্ছনৰ অভিনয়সম্বলিত হলিউডৰ চিনেমা ‘দ্যা ইণ্টাৰ্ণ’ৰ কামত ব্যস্থ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি