--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাক নোহোৱা হ’লে আজি বলিউডৰ আগশাৰীৰ ষ্টাৰ নহ’লহেঁতেন দীপিকা পাডুকন। মাকে অভিনেত্ৰীগৰাকীৰ মানসিক সমস্যা দূৰ কৰাত সহায় নকৰা হ’লে আজি এই পৰ্যায় নাপালেহেঁতেন দীপিকা। এই অনুভৱ ব্যক্ত কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজে। তামিলনাডুৰ থিৰুভাল্লুৰত দীপিকাই তেওঁ নিজা ফাউণ্ডেচন ‘লাইভ লভ লাফ’ৰ এটা অনুষ্ঠানৰ বাবে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। আনহাতে উক্ত ফাউণ্ডেচনটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে মানসিক ৰোগ, ডিপ্ৰেছনৰ ওপৰত বিভিন্নধৰণৰ কাৰ্যপন্থা হাতত লৈ আহিছে। সেই উপলক্ষে থিৰুভাল্লুৰৰ গ্ৰাম্য অঞ্চলসমূহত নিজৰ ফাউণ্ডেচনৰ কাৰ্যপন্থা হাতত লোৱা হৈছে।

দীপিকাই কয় যে তেওঁ দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈছিল কিন্তু তেওঁৰ পৰিয়ালৰ সহায়-সহযোগিতাৰ বাবে ই নিৰ্মূল হয়। তেওঁ কয় যে মানসিক ৰোগ দূৰ কৰিবলৈ পৰিয়ালৰ সহযোগিতা গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত তেওঁ নিজৰ উদাহৰণ দাঙি ধৰে। কয় যে মাক আৰু ভগ্নীয়ে তেওঁৰ মানসিক ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰি তেওঁক সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছিল।

তেওঁৰ মানসিক সমস্যা দূৰীকৰণত মাকৰ ভূমিকা বিশেষভাৱে সোঁৱৰণ কৰি দীপিকাই কয় যে মাকে সহযোগিতা নকৰা হ’লে আজি তেওঁৰ কি অৱস্থা হ’লহেঁতেন কল্পনাও কৰিব নোৱাৰে। মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ছোৱাত তেওঁ নিয়মিয়াকৈ চিকিৎসা গ্ৰহণ কৰিছিল আৰু চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৫ চনত দীপিকাই মানসিক সমস্যা, ডিপ্ৰেছন ইত্যাদিৰ বিষয়ত মুখ খুলিছিল। বৰ্তমান তেওঁ শ্বাহৰুখ খানৰ ‘পাঠান’, হৃতিক ৰোশনৰ ‘ফাইটাৰ’, অমিতাভ বচ্ছনৰ অভিনয়সম্বলিত হলিউডৰ চিনেমা ‘দ্যা ইণ্টাৰ্ণ’ৰ কামত ব্যস্থ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?