--°C
Loading...
Listen to Article
2 min read
80%

যুদ্ধক্ষেত্ৰত ৰুছ সৈন্যৰ বাবে আতংকৰ অন্য এটা নাম

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যু্দ্ধ শাম কটাৰ এতিয়ালৈ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই। ইখনৰ পাছত সিখন আলোচনা ব্যৰ্থ হৈছে। ইউক্ৰেইনৰ সামৰিক বাহিনীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ৰুছ সৈন্যই দেশখনত সংহাৰ চলাই গৈছে। কিন্তু এতিয়া দৃশ্যপটত এজন নীৰৱ ঘাতকৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে। ইউক্ৰেইনৰ হৈ যুদ্ধক্ষেত্ৰত নামিছে এই নীৰৱ ঘাতক। কোনো গুপুত স্থানত লুকাই থাকি তেওঁ শত্ৰুৰ ওপৰত কৰিছে অব্যৰ্থ আক্ৰমণ। বিশ্বৰ শ্ৰেষ্ঠতম স্নাইপাৰ বুলি পৰিচিল এগৰাকী সৈনিক এতিয়া ইউক্ৰেইনৰ ভূমিত পদাৰ্পন কৰিছে আৰু ৰুছ সৈন্যৰ বাবে তেওঁ হৈ পৰিছে আতংকৰ কাৰণ। বিশ্বৰ শ্ৰেষ্ঠতম স্নাইপাৰ বুলি আখ্যা পোৱা 'ৱালী' এই সপ্তাহৰ আৰম্ভণিতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত উপস্থিত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৰাছিয়াৰ সৈন্য  বাহিনীৰ সন্মুখত সাক্ষাত কাল হৈ থিয় দিছে ৱালি। এই দুৰ্ধৰ্ষ শ্বুটাৰ ৱালী হৈছে ৰয়েল কানাডিয়ান ফ’ৰ্চৰ ২২সংখ্যক ৰেজিমেণ্টৰ এজন পুৰণি যোদ্ধা। ৱালীয়ে কয় যে, যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰুছ সৈন্যক প্ৰতিহত কৰাৰ বাবে বিদেশী যোদ্ধৰ সহায় বিচাৰিছিল তেতিয়া তেওঁ এই আহ্বান এজন অগ্নিনিৰ্বাপকে ফায়াৰ এলাৰ্ম শুনি যি অনুভৱ কৰে সেইদৰে অনুভৱ কৰিছিল। তাৰ পাছতে এই আহ্বানৰ প্ৰতি তেওঁ সঁহাৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে,  বুধবাৰে ইউক্ৰেইনত উপস্থিত হোৱাৰ পাছত ৱালীয়ে দুদিনত ছজন ৰাছিয়াৰ সৈনিকক হত্যা কৰিছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিখ্যাত স্নাইপাৰজনে কয়, "মই তেওঁলোকক সহায় কৰিব বিচাৰোঁ। কথাটো সিমান সৰল নহয় বুলি জানো কিন্তু তেওঁলোকক সহায় কৰিবলৈ মই বদ্ধপৰিকৰ। কিয়নো ইয়াত কিছুমান এনে লোক আছে যিসকলে কেৱল ৰাছিয়ান নহয়, ইউৰোপীয় হ'ব বিচাৰে বাবেই বোমাবর্ষণ কৰা হৈছে।" ৱালীক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ স্নাইপাৰ হিচাপে গণ্য কৰা হয়। তেওঁ এদিনতে ৪০জনলৈ লোকক যুদ্ধক্ষেত্ৰত অব্যৰ্থ আক্ৰমণেৰে হত্যা কৰাৰ ৰেকৰ্ড আছে বুলি জনা যায়। মন কৰিবলগীয়া কথাটো হৈছে যে,  এজন ভাল স্নাইপাৰে, দৈনিক গড়ে পাঁচ-ছজন শত্ৰুক হত্যা কৰে। ৭-৮জনক হত্যা কৰিব পৰাসকলক মহান বুলি ধৰা হয়। কিন্তু এই সকলোকে চেৰাই গৈ বালীয়ে কৰা হত্যা প্ৰায় দহজন স্নাইপাৰৰ সমান। ৪০ বছৰীয়া ফৰাচী-কানাডিয়ান কম্পিউটাৰ বিজ্ঞানী ৱালীয়ে ২০০৯ ৰ পৰা ২০১১ চনৰ ভিতৰত আফগানিস্তান যুদ্ধত দুবাৰকৈ সেৱা আগবঢ়াইছে। তেওঁ আফগানিস্তানত থকা সময়ছোৱাত ৱালী নামটো অৰ্জন কৰিছিল,  আৰবী ভাষাত যাৰ অৰ্থ হৈছে ৰক্ষক। উল্লেখ্য যে, ৱালীৰ পত্নীৰ সৈতে এটা কেঁচুৱা পুত্ৰ আছে। কেঁচুৱাটো অহা সপ্তাহত এবছৰীয়া হ'ব। আৰু পুত্ৰৰ এবছৰীয়া জন্মদিন ৱালীয়ে ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰতে কটাব। উল্লেখ্য যে, ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰিছিল আৰু সমগ্ৰ দেশতে একপ্ৰকাৰ ধ্বংসলীলা চলাই আছে। এই প্ৰাণান্তক যুদ্ধই এক বৃহৎ শৰণাৰ্থী সংকটৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত ইউক্ৰেইনত কেইবাশ সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ইফালে, ইউক্ৰেনে দাবী কৰিছে যে এতিয়ালৈকে যুদ্ধত ১২,০০০ তকৈও অধিক ৰাছিয়াৰ সৈন্য নিহত হৈছে। দুৰ্ভাগ্যজনক কথাটো হৈছে যে, প্ৰায় ২০ লাখ লোকে নিজৰ ঘৰ-বাৰী এৰি এই যুদ্ধৰ প্ৰভাৱত শৰনাৰ্থী হ’বলগীয়া হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান