--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত দুয়োখন দেশৰ পৰা সামগ্ৰীৰ যোগানক লৈ প্ৰভাৱিত হৈছে। কিয়নো ভাৰতে এই দুয়োখন দেশৰ পৰা বৃহৎ পৰিমাণৰ মিঠাতেলৰ আমদানি কৰে, যাৰ ফলত যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই তেলৰ যোগান প্ৰভাৱিত হোৱাৰ আশংকা আহি পৰিছে। গতিকে কেন্দ্ৰই তেলৰ আমদানিৰ বিকল্প উৎস বিচাৰি আছে যাতে এই যোগান ভৱিষ্যতে এক ডাঙৰ সংকটত নপৰে। শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে। উল্লেখ্য যে, ভাৰতে যুঁজাৰু দুয়োখন দেশৰ পৰা ৮০ শতাংশতকৈও অধিক মিঠাতেল আমদানি কৰে। যদি যুদ্ধ আৰু কেইবাদিন ধৰি অপৰিৱৰ্তিত অৱস্থাত থাকে বিশেষজ্ঞসকলে আশংকা কৰে যে দেশত মিঠাতেলৰ দামবৃদ্ধি পাব পাৰে। বাংগালুৰুৰ বিজেপি কাৰ্যালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিত্তমন্ত্ৰীয়ে কয় যে, যদি খোৱা তেলৰ যোগান ব্যাহত হয়, ই আমাক অনাগত সময়ত প্ৰভাৱিত কৰিব। তেওঁ স্বীকাৰ কৰে যে এইটো নিঃসন্দেহে কেন্দ্ৰৰ বাবে এটা প্ৰত্যাহ্বান। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই কেৱল মিঠাতেলই তেলই নহয়, আন খোৱা তেল আমদানিৰ বিষয়েও চিন্তা কৰি আছে। ৰেটিং এজেঞ্চী ক্ৰিচিলৰ মতে, ‘ভাৰতৰ মুঠ খোৱা তেলৰ চাহিদাৰ প্ৰায় ১০ শতাংশ হৈছে মিঠাতেল। এই তেল ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা আমদানি কৰা হয়। কিন্তু যুদ্ধৰ বাবে যোগান ব্যাহত হোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পূৰ্বে, এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কেন্দ্ৰই দক্ষিণ আমেৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে খোৱা তেলৰ যোগানৰ অভাৱ দূৰ কৰিবলৈ আলোচনা কৰিছিল। আনহাতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে ঘেঁহুৰ যোগান ব্যাহত হৈছে। কাৰণ ইউক্ৰেইন আৰু ৰাছিয়াই যথেষ্ট হাৰত ঘেঁহু ৰপ্তানি কৰে। এনে পৰিস্থিতিত কেন্দ্ৰই অতিৰিক্ত ঘেঁহু ৰপ্তানি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে