--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত দুয়োখন দেশৰ পৰা সামগ্ৰীৰ যোগানক লৈ প্ৰভাৱিত হৈছে। কিয়নো ভাৰতে এই দুয়োখন দেশৰ পৰা বৃহৎ পৰিমাণৰ মিঠাতেলৰ আমদানি কৰে, যাৰ ফলত যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই তেলৰ যোগান প্ৰভাৱিত হোৱাৰ আশংকা আহি পৰিছে। গতিকে কেন্দ্ৰই তেলৰ আমদানিৰ বিকল্প উৎস বিচাৰি আছে যাতে এই যোগান ভৱিষ্যতে এক ডাঙৰ সংকটত নপৰে। শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে। উল্লেখ্য যে, ভাৰতে যুঁজাৰু দুয়োখন দেশৰ পৰা ৮০ শতাংশতকৈও অধিক মিঠাতেল আমদানি কৰে। যদি যুদ্ধ আৰু কেইবাদিন ধৰি অপৰিৱৰ্তিত অৱস্থাত থাকে বিশেষজ্ঞসকলে আশংকা কৰে যে দেশত মিঠাতেলৰ দামবৃদ্ধি পাব পাৰে। বাংগালুৰুৰ বিজেপি কাৰ্যালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিত্তমন্ত্ৰীয়ে কয় যে, যদি খোৱা তেলৰ যোগান ব্যাহত হয়, ই আমাক অনাগত সময়ত প্ৰভাৱিত কৰিব। তেওঁ স্বীকাৰ কৰে যে এইটো নিঃসন্দেহে কেন্দ্ৰৰ বাবে এটা প্ৰত্যাহ্বান। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই কেৱল মিঠাতেলই তেলই নহয়, আন খোৱা তেল আমদানিৰ বিষয়েও চিন্তা কৰি আছে। ৰেটিং এজেঞ্চী ক্ৰিচিলৰ মতে, ‘ভাৰতৰ মুঠ খোৱা তেলৰ চাহিদাৰ প্ৰায় ১০ শতাংশ হৈছে মিঠাতেল। এই তেল ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা আমদানি কৰা হয়। কিন্তু যুদ্ধৰ বাবে যোগান ব্যাহত হোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পূৰ্বে, এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কেন্দ্ৰই দক্ষিণ আমেৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে খোৱা তেলৰ যোগানৰ অভাৱ দূৰ কৰিবলৈ আলোচনা কৰিছিল। আনহাতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে ঘেঁহুৰ যোগান ব্যাহত হৈছে। কাৰণ ইউক্ৰেইন আৰু ৰাছিয়াই যথেষ্ট হাৰত ঘেঁহু ৰপ্তানি কৰে। এনে পৰিস্থিতিত কেন্দ্ৰই অতিৰিক্ত ঘেঁহু ৰপ্তানি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক