--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কিৰণ বেদীৰ জন্মদিন। আজি ৭৪ বছৰত ভৰি দিলে কিৰণ বেদীয়ে। অন্যায়ৰ বিৰুদ্ধে সবল এক কণ্ঠৰ নাম কিৰণ বেদী। ভাৰতৰ অন্যতম সুপৰিচিত ব্যক্তিত্বৰ নাম কিৰণ বেদী। প্ৰথম মহিলা আই পি এছ বিষয়া হিচাপে তেওঁ দেশৰ ভিতৰতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়।

দেশৰ প্ৰথমগৰাকী মহিলা আইপিএছ বিষয়া হোৱাৰ উপৰি কিৰণ বেদী এগৰাকী সামাজিক কৰ্মী, টেনিছ খেলুৱৈ আৰু ৰাজনীতিবিদ হিচাপেও সক্ৰিয়। ১৯৪৯ চনৰ ৯ জুনত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল কিৰণ বেদীয়ে। 

অমৃতসৰৰ ছেক্ৰেড হাৰ্ট কনভেণ্ট স্কুলৰ পৰা পঢ়া-শুনা কৰি কিৰণ বেদীয়ে এনচিচিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ইংৰাজীত বি এ অনাৰ্ছ কৰিছিল। পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ কৰিছিল মেধাৱী ছাত্ৰী কিৰণ বেদীয়ে। ইয়াৰ উপৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়তো অধ্যয়ন কৰিছিল। টেনিছ খেলি ভাল পাইছিল কিৰণ বেদীয়ে। 

পিতৃৰ পৰা অনুপ্ৰাণিত হৈ বেদীয়ে ন বছৰ বয়সতে টেনিছ খেলিবলৈ আৰম্ভ কৰে। ১৯৬৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ টেনিছ চেম্পিয়নো হয় তেওঁ। ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে উইম্বলডন জুনিয়ৰ চেম্পিয়নশ্বিপত প্ৰৱেশৰ বাবে যোগ্য প্ৰতিযোগী আছিল কিৰণ বেদী, কিন্তু ভাৰতীয় প্ৰশাসনে তেওঁক মনোনীত কৰা নাছিল। ১৯৬৫ চনৰ পৰা ১৯৭৮ চনৰ ভিতৰত কিৰণ বেদীয়ে বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খিতাপ দখলেৰে সকলোৰে দৃষ্টি কাঢ়িছিল।

ভাৰতৰ প্ৰথমগৰাকী মহিলা আই পি এছ বিষয়া হোৱাৰ পিছত কিৰণ বেদীয়ে দিল্লী, গোৱা, চণ্ডীগড় আৰু মিজোৰামত অভূতপূৰ্ব সেৱা আগবঢ়ায়। ১৯৭৯ চনত তেওঁৰ অসাধাৰণ সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক প্ৰদান কৰা হয়। এগৰাকী অতি শৃংখলাবদ্ধ আৰু কঠোৰ বিষয়া হিচাপে সুনাম আছে তেওঁৰ। কিৰণ বেদীক পশ্চিম দিল্লীলৈ স্থানান্তৰ কৰাৰ পাছত মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য ব্যাপক হাৰত হ্ৰাস পাইছিল। ১৯৮২ চনৰ এছিয়ান গেমছৰ সময়ত কিৰণ বেদীয়ে যান-বাহন ব্যৱস্থাৰ নিৰীক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছিল। দিল্লীৰ ডিচিপি হৈ থকাৰ সময়তে তেওঁ ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, যিটো পৰৱৰ্তী সময়ত নৱজ্যোতি দিল্লী পুলিচ ফাউণ্ডেশ্যনলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰোপৰি তেওঁ দৰিদ্ৰ লোকৰ জীৱন উন্নত কৰাৰ বাবে ‘ইণ্ডিয়া ভিজন ফাউণ্ডেশ্যনো’ প্ৰতিষ্ঠা কৰিছিল। 

২৮ মে’ ২০১৬ৰ পৰা ১৬ ফেব্ৰুৱাৰী ২০২১লৈকে পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল। এখেত ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক আপ কি কচহৰি-ৰ আঁতধৰোতা তথা বিচাৰক আছিল। বিভিন্ন বঁটাৰে সন্মানিত হৈছে কিৰণ বেদীৰ জীৱন। তাৰ ভিতৰত অন্যতম ৰমন মেগছেছে বঁটা, ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ, মষ্ট এডমাইৰড ইণ্ডিয়ান ফিমেল আইকন, ৱ’মেন এক্সচিলেন্স এৱাৰ্ডছ, লাইফটাইম এচিভমেণ্ট এৱাৰ্ডছ, ভাৰত গৌৰৱ আদি।

স্বাভাৱিকতে, কিৰণ বেদীৰ জীৱনৰ এই সোণোৱালী যাত্ৰা সমাজৰ বাবে হ’ব পাৰে আদৰ্শৰ আদিপাঠ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত